--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন ডি টিভি এৰিলে ৰৱীশ কুমাৰে। মঙলবাৰে চেনেলটোৰ প্ৰতিষ্ঠাপক প্ৰণ্ণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ এদিন পাছতে এই সিদ্ধান্ত লয় ৰমন মেগচেছে বঁটা বিজয়ী জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

ৰৱীশ কুমাৰৰ পদত্যাগৰ কথা এনডি টিভিয়ে নিশ্চিত কৰিছে। এনডি টিভি গ্ৰুপৰ সভাপতি সুপৰ্ণা সিঙে কয় যে খুব কমসংখ্যক সাংবাদিকেহে ৰৱীশ কুমাৰৰ দৰে জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সভাপতিগৰাকীয়ে ৰৱীশ কুমাৰক প্রশংসা কৰি পদত্যাগ নিশ্চিত কৰে।

''কেইবাদশকধৰি ৰৱীশ কুমাৰ এনডিটিভিৰ অভিন্ন অংগ হৈ আহিছে। এনডিটিভিৰ প্ৰতি ৰৱীশ কুমাৰৰ অৱদান অপৰিসীম।’’- সুপৰ্ণা সিঙে কয়- ''আমি জানো যে তেওঁৰ পৰৱৰ্তী পদক্ষেপত বৃহৎ সফলতা লাভ কৰিব।’’

উল্লেখ্য যে সাংবাদিকতাৰ জৰিয়তে প্ৰচুৰ জনসমাদৰ লাভ কৰি অহা ৰৱীশ কুমাৰে ইতিমধ্যে ৰমন মেগচেছে বঁটাৰে সন্মানিত হৈছে। ইয়াৰ উপৰিও ৰামনাথ গোৱেংকা এক্সিলেন্স ইন জাৰ্নালিজিম এৱাৰ্ডেৰে দুবাৰকৈ সন্মানিত হৈছে সাংবাদিকগৰাকীয়ে। এনিডিটিভিৰ যোগেৰে তেওঁৰ অনুষ্ঠান হাম লোগ, ৰৱীশ কী ৰিপ’ৰ্ট, দেশ কী বাত, প্ৰাইম টাইমে অশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

আনহাতে, প্ৰণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ে মঙলবাৰে দ্যা বৰ্ড অৱ পিআৰপিআৰ হ’ল্ডিং প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদ ত্যাগ কৰিছে। তেওঁলোকৰ স্থানত ততালিকে সুদীপ্ত ভট্টাচাৰ্য, সঞ্জয় পুগালিয়া আৰু সেন্থিল সিন্নিয়াহ চেংগালভাৰায়নক নিযুক্ত কৰা হৈছে।

এনডিটিভিত এইদৰে পদত্যাগৰ ধুম উঠাৰ মূলতে হ’ল চেনেলটোৰ মালিকীস্বত্ব গৌতম আদানীৰ হাতলৈ গৈছে। সাধাৰণতে মোদী চৰকাৰ বিৰোধিতাৰে চৰ্চাত থকা এনডি টিভি আদানী গ্ৰুপৰ হাতলৈ যোৱাটো সহজভাৱে ল’ব পৰা নাই চেনেলটোৰ প্ৰবীন বিষয়া আৰু সাংবাদিকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক