--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন ডি টিভি এৰিলে ৰৱীশ কুমাৰে। মঙলবাৰে চেনেলটোৰ প্ৰতিষ্ঠাপক প্ৰণ্ণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ এদিন পাছতে এই সিদ্ধান্ত লয় ৰমন মেগচেছে বঁটা বিজয়ী জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

ৰৱীশ কুমাৰৰ পদত্যাগৰ কথা এনডি টিভিয়ে নিশ্চিত কৰিছে। এনডি টিভি গ্ৰুপৰ সভাপতি সুপৰ্ণা সিঙে কয় যে খুব কমসংখ্যক সাংবাদিকেহে ৰৱীশ কুমাৰৰ দৰে জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সভাপতিগৰাকীয়ে ৰৱীশ কুমাৰক প্রশংসা কৰি পদত্যাগ নিশ্চিত কৰে।

''কেইবাদশকধৰি ৰৱীশ কুমাৰ এনডিটিভিৰ অভিন্ন অংগ হৈ আহিছে। এনডিটিভিৰ প্ৰতি ৰৱীশ কুমাৰৰ অৱদান অপৰিসীম।’’- সুপৰ্ণা সিঙে কয়- ''আমি জানো যে তেওঁৰ পৰৱৰ্তী পদক্ষেপত বৃহৎ সফলতা লাভ কৰিব।’’

উল্লেখ্য যে সাংবাদিকতাৰ জৰিয়তে প্ৰচুৰ জনসমাদৰ লাভ কৰি অহা ৰৱীশ কুমাৰে ইতিমধ্যে ৰমন মেগচেছে বঁটাৰে সন্মানিত হৈছে। ইয়াৰ উপৰিও ৰামনাথ গোৱেংকা এক্সিলেন্স ইন জাৰ্নালিজিম এৱাৰ্ডেৰে দুবাৰকৈ সন্মানিত হৈছে সাংবাদিকগৰাকীয়ে। এনিডিটিভিৰ যোগেৰে তেওঁৰ অনুষ্ঠান হাম লোগ, ৰৱীশ কী ৰিপ’ৰ্ট, দেশ কী বাত, প্ৰাইম টাইমে অশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

আনহাতে, প্ৰণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ে মঙলবাৰে দ্যা বৰ্ড অৱ পিআৰপিআৰ হ’ল্ডিং প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদ ত্যাগ কৰিছে। তেওঁলোকৰ স্থানত ততালিকে সুদীপ্ত ভট্টাচাৰ্য, সঞ্জয় পুগালিয়া আৰু সেন্থিল সিন্নিয়াহ চেংগালভাৰায়নক নিযুক্ত কৰা হৈছে।

এনডিটিভিত এইদৰে পদত্যাগৰ ধুম উঠাৰ মূলতে হ’ল চেনেলটোৰ মালিকীস্বত্ব গৌতম আদানীৰ হাতলৈ গৈছে। সাধাৰণতে মোদী চৰকাৰ বিৰোধিতাৰে চৰ্চাত থকা এনডি টিভি আদানী গ্ৰুপৰ হাতলৈ যোৱাটো সহজভাৱে ল’ব পৰা নাই চেনেলটোৰ প্ৰবীন বিষয়া আৰু সাংবাদিকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু