--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ উজ্জয়িনী চহৰৰ বিখ্যাত মহাকাল মন্দিৰলৈ অহা এজন ভক্তক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। সেই ভক্ত গৰাকীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পাছত মন্দিৰ সমিতিয়ে বিষয়টো পৰিষ্কাৰ কৰি দিয়াতহে বিতৰ্কৰ শাম কাটে। দৰাচলতে ভক্তজন আছিল এজন মুছলমান যুৱক, যি ধৰ্মীয় সাজপাৰ আৰু টুপী পিন্ধি মহাকাল মন্দিৰলৈ আহিছিল। কোনোবাই মনে মনে তেওঁৰ এখন ফটো তুলিছিল আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। লগালগ ফটোখন ভাইৰেল হৈ পৰে আৰু বিতৰ্কৰ সৃষ্টি হয়

জুনেইদ ইদ্ৰিছ শ্বেখ মহাকালৰ এজন পুৰণি ভক্ত

মহাকাল মন্দিৰৰ পুৰোহিত বালা গুৰুৱে কয় যে এই ভক্তজনৰ নাম জুনেইদ ইদ্ৰিছ শ্বেখ। জুনেইদ মহাকালৰ এজন পুৰণি আৰু পৰম ভক্ত। তেওঁ মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ বাসিন্দা। জুনেইদ মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশলৈ আহে কেৱলমাত্ৰ মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ। প্ৰায় ৫ বছৰ ধৰি মহাকাল মন্দিৰ দৰ্শন কৰি আছে জুনেইদ ইদ্ৰিছ শ্বেখে। জুনেইদৰ হিন্দু বন্ধু স্বামী জয়ছোৱাল আৰু শ্যাম কুমাৰৰ সৈতে মহাকাল মন্দিৰলৈ আহি তেওঁ প্ৰাৰ্থনা কৰে।

আৰু পঢ়কঃ আজি ধনতেৰাচ;ৰাশি অনুযায়ী কি কিনিলে ভাগ্য উজলিব জানো আহক

মহাকাল মন্দিৰ

লগতে মন্দিৰৰ পুৰোহিতগৰাকীয়ে কয় যে ভগৱান সকলোৰে বাবে সমান। জুনেইদে মন্দিৰৰ সকলো নিয়ম অনুসৰণ কৰে আৰু দানো কৰে। সেইদিনাও জুনেইদ ইদ্ৰিছ শ্বেখে তেওঁৰ সঙ্গীসকলৰ সৈতে দৰ্শনৰ বাবে মন্দিৰলৈ আহিছিল। কেতিয়াবা ছ’চিয়েল মিডিয়াত দুষ্ট মনৰ মানুহে ফটো দি আৰু অসংযত মন্তব্য কৰি মানুহৰ মাজত থকা সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰে বুলিও কয় পুৰোহিত বালা গুৰুৱে। উল্লেখ্য যে মহাকাল মন্দিৰৰ পুৰোহিতে এনেদৰে বক্তব্য প্ৰদান কৰাৰ পাছতেই বিতৰ্কৰ অন্ত পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক