--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ উজ্জয়িনী চহৰৰ বিখ্যাত মহাকাল মন্দিৰলৈ অহা এজন ভক্তক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। সেই ভক্ত গৰাকীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পাছত মন্দিৰ সমিতিয়ে বিষয়টো পৰিষ্কাৰ কৰি দিয়াতহে বিতৰ্কৰ শাম কাটে। দৰাচলতে ভক্তজন আছিল এজন মুছলমান যুৱক, যি ধৰ্মীয় সাজপাৰ আৰু টুপী পিন্ধি মহাকাল মন্দিৰলৈ আহিছিল। কোনোবাই মনে মনে তেওঁৰ এখন ফটো তুলিছিল আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। লগালগ ফটোখন ভাইৰেল হৈ পৰে আৰু বিতৰ্কৰ সৃষ্টি হয়

জুনেইদ ইদ্ৰিছ শ্বেখ মহাকালৰ এজন পুৰণি ভক্ত

মহাকাল মন্দিৰৰ পুৰোহিত বালা গুৰুৱে কয় যে এই ভক্তজনৰ নাম জুনেইদ ইদ্ৰিছ শ্বেখ। জুনেইদ মহাকালৰ এজন পুৰণি আৰু পৰম ভক্ত। তেওঁ মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ বাসিন্দা। জুনেইদ মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশলৈ আহে কেৱলমাত্ৰ মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ। প্ৰায় ৫ বছৰ ধৰি মহাকাল মন্দিৰ দৰ্শন কৰি আছে জুনেইদ ইদ্ৰিছ শ্বেখে। জুনেইদৰ হিন্দু বন্ধু স্বামী জয়ছোৱাল আৰু শ্যাম কুমাৰৰ সৈতে মহাকাল মন্দিৰলৈ আহি তেওঁ প্ৰাৰ্থনা কৰে।

আৰু পঢ়কঃ আজি ধনতেৰাচ;ৰাশি অনুযায়ী কি কিনিলে ভাগ্য উজলিব জানো আহক

মহাকাল মন্দিৰ

লগতে মন্দিৰৰ পুৰোহিতগৰাকীয়ে কয় যে ভগৱান সকলোৰে বাবে সমান। জুনেইদে মন্দিৰৰ সকলো নিয়ম অনুসৰণ কৰে আৰু দানো কৰে। সেইদিনাও জুনেইদ ইদ্ৰিছ শ্বেখে তেওঁৰ সঙ্গীসকলৰ সৈতে দৰ্শনৰ বাবে মন্দিৰলৈ আহিছিল। কেতিয়াবা ছ’চিয়েল মিডিয়াত দুষ্ট মনৰ মানুহে ফটো দি আৰু অসংযত মন্তব্য কৰি মানুহৰ মাজত থকা সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰে বুলিও কয় পুৰোহিত বালা গুৰুৱে। উল্লেখ্য যে মহাকাল মন্দিৰৰ পুৰোহিতে এনেদৰে বক্তব্য প্ৰদান কৰাৰ পাছতেই বিতৰ্কৰ অন্ত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা