--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকীকৈ প্ৰতিভাৱান মডেলে। মৃত মডেল দুগৰাকীৰ নাম আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান। আনচি কবীৰে মিছ চাউথ ইণ্ডিয়া ২০২১ আৰু মিছ কেৰালা ২০১৯ৰ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। আনহাতে অঞ্জনা শ্বাহজাহান মিছ কেৰালা ২০১৯ৰ ৰানাৰ-আপ আছিল। মডেলিং জগতত দুয়ো সুপৰিচিত আছিল।

ফটোত বাওঁফালে অঞ্জনা শ্বাহজাহান আৰু সোঁফালে আনচি কবীৰ

সোমবাৰে কেৰেলাৰ ভিট্টিলা কোচিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এই দুয়োগৰাকী মডেলে মৃত্যুক সাবটিলে । আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানে এখন বাহনেৰে আহি আছিল। হঠাতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু এখন  দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে। ইয়াৰ ফলত দুয়ো ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গছজোপাত মৰা খুন্দা ইমানেই ভয়ংকৰ আছিল যে বাহনখন বহু ওপৰলৈ উৰি ছিটিকি গৈছিল। কোচিৰ এটা ফটোশ্বুটত ভাগ লৈ আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰলৈ গৈ আছিল।

অকালতে হেৰাই গ'ল দুই প্ৰতিভা

আৰু পঢ়কঃ এজন মুছলিম ভক্তক লৈ বিতৰ্ক! মন্দিৰৰ পুৰোহিতে ক’লে ‘তেওঁ মহাকালৰ পৰম ভক্ত’

অভিশপ্ত বাহনখন

আনচি কবীৰ তিৰুৱন্তপুৰমৰ আছিল আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰৰ আছিল। দুয়োৰে মাজত আছিল খুব ভাল বন্ধুত্ব। ২০১৯ চনত মিছ কেৰালা সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সময়ত দুয়ো বন্ধু হৈ পৰিছিল। আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গ আৰু অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক