--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকীকৈ প্ৰতিভাৱান মডেলে। মৃত মডেল দুগৰাকীৰ নাম আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান। আনচি কবীৰে মিছ চাউথ ইণ্ডিয়া ২০২১ আৰু মিছ কেৰালা ২০১৯ৰ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। আনহাতে অঞ্জনা শ্বাহজাহান মিছ কেৰালা ২০১৯ৰ ৰানাৰ-আপ আছিল। মডেলিং জগতত দুয়ো সুপৰিচিত আছিল।

ফটোত বাওঁফালে অঞ্জনা শ্বাহজাহান আৰু সোঁফালে আনচি কবীৰ

সোমবাৰে কেৰেলাৰ ভিট্টিলা কোচিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এই দুয়োগৰাকী মডেলে মৃত্যুক সাবটিলে । আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানে এখন বাহনেৰে আহি আছিল। হঠাতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু এখন  দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে। ইয়াৰ ফলত দুয়ো ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গছজোপাত মৰা খুন্দা ইমানেই ভয়ংকৰ আছিল যে বাহনখন বহু ওপৰলৈ উৰি ছিটিকি গৈছিল। কোচিৰ এটা ফটোশ্বুটত ভাগ লৈ আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰলৈ গৈ আছিল।

অকালতে হেৰাই গ'ল দুই প্ৰতিভা

আৰু পঢ়কঃ এজন মুছলিম ভক্তক লৈ বিতৰ্ক! মন্দিৰৰ পুৰোহিতে ক’লে ‘তেওঁ মহাকালৰ পৰম ভক্ত’

অভিশপ্ত বাহনখন

আনচি কবীৰ তিৰুৱন্তপুৰমৰ আছিল আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰৰ আছিল। দুয়োৰে মাজত আছিল খুব ভাল বন্ধুত্ব। ২০১৯ চনত মিছ কেৰালা সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সময়ত দুয়ো বন্ধু হৈ পৰিছিল। আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গ আৰু অনুৰাগীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা