--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্ক স্বৰ্গীয়৷ এই স্বৰ্গীয় প্ৰেম কেতিয়া কাৰ হৈ যায় কোনেও ক’ব নোৱাৰে৷ দুগৰাকী যমজ  ভগ্নী৷  পেছাত দুয়ো আইটি অভিযন্তা। দুয়োগৰাকী ভগ্নীয়ে মুম্বাইত কাম কৰে। তেোঁলোকৰ নাম ক্ৰমে  ৰিঙ্কি আৰু  পিঙ্কি। দেখাত দুয়োগৰাকীয়েই সাইলাখ একে৷  তেওঁলোকে দুয়োয়ে প্ৰেমত পৰিল  একেজন যুৱকৰে৷ কেৱল প্ৰেমত পৰাই নহয়,যুকজনক তেওঁলোক দুয়োয়ে স্বামী হিচাবেও বৰণ কৰিলে৷

মহাৰাষ্ট্ৰৰ চোলাপুৰত ঘটিছে এই  ঘটনা । যমজ ভগ্নীৰ পৰিয়ালে প্ৰকাশ কৰা মতে  দুয়োগৰাকী ভগ্নীয়ে একেজন ল’ৰাকে ভালপাইছিল৷ গতিকে দুয়োটা পৰিয়ালে এই বিবাহত সন্মতি জনাইছে৷   বিয়াখনো ধুমধামেৰে আয়োজন কৰা হয়৷

যমজ ভগ্নীহালে  একে সময়তে অতুল নামৰ যুৱকজনৰ সৈতে বিয়াত বহে৷ শেহতীয়াকৈ দুই ভগ্নীৰ পিতৃৰ মৃত্যু হৈছে। তেতিয়াৰে পৰা দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ মাকৰ সৈতে বাস কৰি আছে। এদিন  দুগৰাকী ভগ্নী আৰু মাতৃ একেলগে অসুস্থ হৈ পৰিছিল। 

সেই সময়ত তেওঁলোকক অতুল নামৰ যুৱকজনে  গাড়ীৰে চিকিৎসালয়লৈ লৈ  গৈছিল। সেই সময়ৰে পৰাই দুয়োগৰাকী ভনীয়েকে অতুলক ভাল পাবলৈ ধৰে৷ ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে যুৱতী দুগৰাকীয়ে সম্পূৰ্ণ আনন্দ মনেৰে  বিবাহ পাশত আৱদ্ধ হৈছে।

দুয়োগৰাকী ভনীয়েকে অতুলক মালা পিন্ধাবলৈ চেষ্টা কৰি আছে। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহু নেটিজেনে গোটেই বিষয়টোক প্ৰশংসা কৰিছে। এজন নেটিজেনে কৈছে , "আমাৰে ভাগ্য বেয়া। কোনোৱাই দুজনী পায়, আমাৰ বাবে এজনীও নাই৷" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু