--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্ক স্বৰ্গীয়৷ এই স্বৰ্গীয় প্ৰেম কেতিয়া কাৰ হৈ যায় কোনেও ক’ব নোৱাৰে৷ দুগৰাকী যমজ  ভগ্নী৷  পেছাত দুয়ো আইটি অভিযন্তা। দুয়োগৰাকী ভগ্নীয়ে মুম্বাইত কাম কৰে। তেোঁলোকৰ নাম ক্ৰমে  ৰিঙ্কি আৰু  পিঙ্কি। দেখাত দুয়োগৰাকীয়েই সাইলাখ একে৷  তেওঁলোকে দুয়োয়ে প্ৰেমত পৰিল  একেজন যুৱকৰে৷ কেৱল প্ৰেমত পৰাই নহয়,যুকজনক তেওঁলোক দুয়োয়ে স্বামী হিচাবেও বৰণ কৰিলে৷

মহাৰাষ্ট্ৰৰ চোলাপুৰত ঘটিছে এই  ঘটনা । যমজ ভগ্নীৰ পৰিয়ালে প্ৰকাশ কৰা মতে  দুয়োগৰাকী ভগ্নীয়ে একেজন ল’ৰাকে ভালপাইছিল৷ গতিকে দুয়োটা পৰিয়ালে এই বিবাহত সন্মতি জনাইছে৷   বিয়াখনো ধুমধামেৰে আয়োজন কৰা হয়৷

যমজ ভগ্নীহালে  একে সময়তে অতুল নামৰ যুৱকজনৰ সৈতে বিয়াত বহে৷ শেহতীয়াকৈ দুই ভগ্নীৰ পিতৃৰ মৃত্যু হৈছে। তেতিয়াৰে পৰা দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ মাকৰ সৈতে বাস কৰি আছে। এদিন  দুগৰাকী ভগ্নী আৰু মাতৃ একেলগে অসুস্থ হৈ পৰিছিল। 

সেই সময়ত তেওঁলোকক অতুল নামৰ যুৱকজনে  গাড়ীৰে চিকিৎসালয়লৈ লৈ  গৈছিল। সেই সময়ৰে পৰাই দুয়োগৰাকী ভনীয়েকে অতুলক ভাল পাবলৈ ধৰে৷ ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে যুৱতী দুগৰাকীয়ে সম্পূৰ্ণ আনন্দ মনেৰে  বিবাহ পাশত আৱদ্ধ হৈছে।

দুয়োগৰাকী ভনীয়েকে অতুলক মালা পিন্ধাবলৈ চেষ্টা কৰি আছে। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহু নেটিজেনে গোটেই বিষয়টোক প্ৰশংসা কৰিছে। এজন নেটিজেনে কৈছে , "আমাৰে ভাগ্য বেয়া। কোনোৱাই দুজনী পায়, আমাৰ বাবে এজনীও নাই৷" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী

ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক