--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে। ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে এই অধিৱেশনত ‘এক দেশ, এক নিৰ্বাচন’ৰ বিধেয়ক অনাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে (৩১ আগষ্ট) এই বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত অংশগ্ৰহণৰ বাবে মুম্বাইত উপস্থিত হোৱা মল্লিকাৰ্জুন খৰ্গেক কোৱা হয় যে চৰকাৰে বিশেষ অধিৱেশন আহ্বান কৰিছে আৰু হয়তো ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক আনিব পাৰে। এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ সংস্থা এএনআইক কয়, ‘তেওঁলোকক আনিব দিয়ক, যুঁজ চলি থাকিব।’ ইয়াৰ পূৰ্বে টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীকে ধৰি বহু বিৰোধী নেতাই আগতীয়াকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে বিশেষ অধিৱেশন আহ্বান কৰাৰ সন্দৰ্ভত তথ্য দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে ছ’চিয়েল মিডিয়া চাইট এক্সত দিয়া পোষ্টত কয়, “সংসদৰ বিশেষ অধিৱেশন (১৭ নং লোকসভাৰ ত্ৰয়োদশ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিৱেশন) ১৮ৰ পৰা ২২ ছেপ্তেম্বৰলৈকে আহ্বান কৰা হৈছে।অমৃত কালৰ সময়ত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত সংসদত অৰ্থপূৰ্ণ আলোচনা আৰু বিতৰ্ক হ’ব বুলি আশাবাদী।

উল্লেখ্য যে নতুন ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। যিটো ২৮ মে’ত উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিছিল ১১ আগষ্টত। য’ত মণিপুৰৰ হিংসাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। এই বিষয়ত বিৰোধীয়েও অনাস্থা প্রস্তাৱ আনিছিল৷ যি কণ্ঠস্বৰ ভোটত স্থগিত হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক