--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে। ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে এই অধিৱেশনত ‘এক দেশ, এক নিৰ্বাচন’ৰ বিধেয়ক অনাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে (৩১ আগষ্ট) এই বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত অংশগ্ৰহণৰ বাবে মুম্বাইত উপস্থিত হোৱা মল্লিকাৰ্জুন খৰ্গেক কোৱা হয় যে চৰকাৰে বিশেষ অধিৱেশন আহ্বান কৰিছে আৰু হয়তো ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক আনিব পাৰে। এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ সংস্থা এএনআইক কয়, ‘তেওঁলোকক আনিব দিয়ক, যুঁজ চলি থাকিব।’ ইয়াৰ পূৰ্বে টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীকে ধৰি বহু বিৰোধী নেতাই আগতীয়াকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে বিশেষ অধিৱেশন আহ্বান কৰাৰ সন্দৰ্ভত তথ্য দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে ছ’চিয়েল মিডিয়া চাইট এক্সত দিয়া পোষ্টত কয়, “সংসদৰ বিশেষ অধিৱেশন (১৭ নং লোকসভাৰ ত্ৰয়োদশ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিৱেশন) ১৮ৰ পৰা ২২ ছেপ্তেম্বৰলৈকে আহ্বান কৰা হৈছে।অমৃত কালৰ সময়ত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত সংসদত অৰ্থপূৰ্ণ আলোচনা আৰু বিতৰ্ক হ’ব বুলি আশাবাদী।

উল্লেখ্য যে নতুন ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। যিটো ২৮ মে’ত উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিছিল ১১ আগষ্টত। য’ত মণিপুৰৰ হিংসাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। এই বিষয়ত বিৰোধীয়েও অনাস্থা প্রস্তাৱ আনিছিল৷ যি কণ্ঠস্বৰ ভোটত স্থগিত হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু