--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ প্ৰশ্নবাণৰ সন্মুখীন গৌতম আদানি৷ আদানিৰ বিত্তীয় কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰি ‘দ্য ফাইনেন্সিয়েল টাইমছ’ আৰু ‘দ্য গাৰ্ডিয়ান’এ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছত দেশজুৰি সৃষ্টি হৈছে ধুমুহাৰ৷ ‘ইণ্ডিয়া’ৰ বৈঠকৰ মাজতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰি পুনৰ সমালোচনাৰ মেজলৈ তুলি আনিলে প্ৰধানমন্ত্ৰী মোদীক৷

ৰাহুল গান্ধীয়ে দাবী জনাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অ’চিচিআৰপিৰ দ্বাৰা আগবঢ়োৱা আদানি গোটৰ বিৰুদ্ধে নতুন অভিযোগৰ সৈতে তেওঁৰ নাম জড়িত হোৱা বিষয়টোক লৈ স্থিতি স্পষ্ট কৰিব লাগে আৰু বিষয়টো স্পষ্টভাৱে ব্যাখ্যা কৰিব লাগে৷

কংগ্ৰেছ নেতাজনে দাবী কৰিছিল যে যুটীয়া সংসদীয় সমিতি গঠন কৰি আদানি গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে পুংখানুপুংখ তদন্ত কৰা উচিত।

ৰাহুল গান্ধীয়ে কয়, মই বুজি পোৱা নাই যে প্ৰধানমন্ত্ৰীয়ে কিয় তদন্তৰ বাবে তৎপৰ হোৱা নাই। তেওঁ কিয় নীৰৱ হৈ আছে? তেওঁ কিয় নকয় যে তেওঁ নিশ্চিত কৰিব যে এই বিষয়টোৰ তদন্ত কৰা হ'ব আৰু দোষী ব্যক্তিক কাৰাগাৰত ৰখা হ'ব? শেহতীয়া প্ৰতিবেদনে জি-২০ নেতাসকল ভাৰতলৈ অহাৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওপৰত সন্মানৰ প্ৰশ্ন হিচাপেও বিবেচিত হৈছে৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি গোটক লক্ষ্য কৰি কয়, বিদেশৰ সংবাদপত্ৰৰ প্ৰতিবেদনত গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে। প্ৰথম প্ৰশ্ন, এয়া কাৰ ধন? এইটো আদানি নে আন কাৰোবাৰ? গৌতম আদানিৰ ভাতৃ বিনোদৰ সৈতে দুজন বিদেশী নাগৰিক ইয়াত জড়িত আছে।

দ্বিতীয় প্ৰশ্নটো হ'ল, এই দুজন বিদেশী নাগৰিকক ভাৰতৰ আন্তঃগাঁথনিৰ সৈতে খেলিবলৈ কিয় অনুমতি দিয়া হৈছে? কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি বিষয়ত ছেবিৰ তদন্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়, ছেবিৰ দ্বাৰা ইয়াৰ তদন্ত হৈছিল আৰু ক্লিনশ্বীট দিয়া হৈছিল। ক্লিনশ্বীট দিয়া ব্যক্তিজন এতিয়া এনডিটিভিৰ এজন পৰিচালক।

গান্ধীয়ে লগতে কয়, এইটো এটা প্ৰতিষ্ঠানগত নেটৱৰ্কৰ দৰে দেখা গৈছে, য’ত ভাৰতৰ বন্দৰ আৰু বিমানবন্দৰ ক্ৰয় কৰিবলৈ বিদেশী ধন প্ৰয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই বিষয়ত কিয় নীৰৱ? এইক্ষেত্ৰত কোনো সমস্যা নাই নেকি? চিবিআই আৰু ইডিৰ দৰে সংস্থাই ইয়াৰ তদন্ত কৰা নাই কিয়?













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক