--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হয়, প্ৰায় ৫০ হাজাৰ বছৰৰ পিছত পৃথিৱীবাসীয়ে পুনৰ এক বিশেষ ধুমকেতু দেখা পাব।  আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি অহা ১২ জানুৱাৰীত এই ধুমকেতুটোৱে সূৰ্য্যক অতিক্ৰম কৰিব।  ফলত ১ ফেব্ৰুৱাৰীত ই পৃথিৱীৰ কাষেৰে পাৰ হ’ব পাৰে।  সেইদিনা টেলিস্কোপৰ জৰিয়তে দেখা যাব ধুমকেতুটো।  অৱশ্যে আকাশ পৰিষ্কাৰ হ’লে খালী চকুৰেও দেখা পোৱা যাব বুলি জ্যোতিৰ্বিজ্ঞানীসকলে জানিবলৈ দিয়ে।  প্ৰসংগক্ৰমে এই ধুমকেতুটো যোৱা বছৰৰ মাৰ্চ মাহত আমেৰিকাৰ কেলিফৰ্ণিয়াৰ মহাকাশ গৱেষণা সংস্থা জুইকি ট্ৰেঞ্জিয়েণ্ট ফেচিলিটিয়ে আৱিষ্কাৰ কৰিছিল। 

জ্যোতিৰ্বিজ্ঞানীসকলে যেতিয়া এই ধুমকেতুটো প্ৰত্যক্ষ কৰিছিল, তেতিয়া ই বৃহস্পতি গ্ৰহৰ কাষেৰে পাৰ হৈ গৈ আছিল।  বিজ্ঞানী বিভাৰে ইয়াৰ নাম ৰাখিছে ‘C/2022 E3’।  নাছাই কয় যে ১ ফেব্ৰুৱাৰীত এই ধুমকেতুটো দেখা যাব।ফ্ৰান্সৰ মহাকাশ সংস্থাৰ পেৰিছ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ জ্যোতিৰ্বিজ্ঞানী নিকোলাছ বিভাৰে কয় যে, “ধূমকেতু চি/২০২২ ই৩ বৰফ আৰু ধূলিৰে গঠিত।  ইয়াৰ ব্যাস প্ৰায় এক কিলোমিটাৰ।  ধুমকেতুটোৰ পিছফালে সেউজীয়া ৰঙৰ জিলিকনি দেখা গৈছে।  

১ ফেব্ৰুৱাৰীত যিহেতু পূৰ্ণিমা নাথাকে।”  গতিকে খালী চকুৰে দেখাৰ সুযোগ আছে।জ্যোতিৰ্বিজ্ঞানীসকলে দাবী কৰে যে এই ধুমকেতুটোৰ উৎপত্তি সৌৰজগতৰ অ’ৰ্ট ডাৱৰৰ পৰাই হৈছে।  সৌৰজগতৰ চাৰিওফালে এটা বিশাল গোলাকাৰ অৱয়ব আছে।  জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে সেই অঞ্চলত এটা ৰহস্যময় বৰফ সদৃশ বস্তু আছে। অৱশ্যে  "ধুমকেতু আগতেও কেইবাবাৰো দেখা গৈছে।"  কিন্তু কোনো ধুমকেতুৱে পৃথিৱী পাৰ হৈ যোৱা নাই।  শেষবাৰৰ বাবে ধুমকেতু পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত হয়তো আদিম মানুহে বাস কৰিছিল৷ জ্যোতিৰ্বিজ্ঞানী বিভাৰে এইদৰে কয়।  তেওঁ লগতে দাবী কৰিছে যে পৃথিৱী পাৰ হোৱাৰ পিছত ‘C/2022 E3’ সৌৰজগতৰ পৰা ওলাই যাব।  

মন কৰিব লগীয়া যে, বিজ্ঞানীসকলে এই ধুমকেতুটোৰ গঠন বুজিবলৈ চেষ্টা কৰি আছে।  ইয়াৰ বাবে নাছাৰ বিজ্ঞানীসকলে জেমছ ৱেব টেলিস্কোপ ব্যৱহাৰ কৰি আছে।উল্লেখ্য যে তিনি বছৰ আগতে ২০২০ চনত শেষবাৰৰ বাবে খালী চকুৰে এটা ধুমকেতু দেখা গৈছিল।  সেই ধুমকেতুটোৰ নাম আছিল নিউৱাইজ।  বিজ্ঞানীসকলে দাবী কৰিছে যে এইবাৰৰ ধুমকেতুটো পূৰ্বতকৈ সৰু।  ১৯৯৭ চনতো পৃথিৱীৰ পৰা হেলি-বিপ ধুমকেতু দেখা গৈছিল।  ধুমকেতু সাধাৰণতে পৃথিৱীৰ কাষেৰে পাৰ হৈ নাযায়। আৰু পাৰহৈ যোৱাতো বহু বিপজ্জনক। কিন্তু এইবাৰ এইটোৱেই হ’বলৈ গৈ আছে।  সেইবাবেই ইয়াক অতি স্পষ্টকৈ দেখা পোৱা যাব বুলি আশা কৰা হৈছে।  জ্যোতিৰ্বিজ্ঞানী বিভাৰৰ  এই মত যথেষ্ট তাৎপর্যপূর্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement