--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাকাশলৈ ৩৮ বছৰ পূৰ্বে নাছাই প্ৰেৰণ কৰা এটা কৃত্ৰিম উপগ্ৰহ ধ্বংস হৈছে।কৃত্ৰিম উপগ্ৰহটোৱে দূৰত্ব গতিতত পৃথিৱীৰ দিশে আহি আছে৷ ইয়াকেলৈ বহুতৰে মাজত বিয়পি পৰিছে আতংক৷  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা  সংস্থাটোৰ মতে উপগ্ৰহটোৰ ধ্বংসাৱশেষ দেওবাৰে নিশাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ১৭ ঘণ্টাৰ ভিতৰত পৃথিৱীত আহি পৰিব৷

কিন্তু সতৰ্ক হ’বলগীয়া কিবা কথা আছে  নেকি? নাছাই ইয়াৰ উত্তৰ কৈছে-ভয় খাবলগীয়া একো নাই৷   নাছাৰ মতে উপগ্ৰহটোৰ ধ্বংসাৱশেষ কাৰোবাৰ মূৰত ভাঙি পৰাৰ সম্ভাৱনা ৯,৪০০ ৰ ভিতৰত ১ হে! গতিকে এ দুৰ্ঘটনাৰ সম্ভাৱনা তেনেই ক্ষীণ। তদুপৰি ৫,৪০০ পাউণ্ড বা ২,৪৫০ কিলোগ্ৰাম উপগ্ৰহৰ বেছিভাগ মাটিত পৰাৰ আগতে জ্বলি  ছাই হৈ যোৱাৰ সম্ভাৱনাই বেছি বুলিও নাছাই কৈছে৷সেয়ে নাছাৰ কৃত্ৰিম উপগ্ৰহটোৱে পৃথিৱীৰ পৃষ্ঠত আঘাত কৰিব পৰাৰ সম্ভাৱনা  অতি কম।


উপগ্ৰহটো প্ৰকৃততে ক'ত পৰিব  পাৰে? বিজ্ঞানীসকলে কৈছে যে নাছাৰ পৰিত্যক্ত উপগ্ৰহটো আফ্ৰিকা, এছিয়া, মধ্য প্ৰাচ্য বা উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পূব বা পশ্চিমৰ কোনো ঠাইত খহি পৰিব। উল্লেখ্য ইবিআৰএছ নামৰ কৃত্ৰিম উপগ্ৰহটো ১৯৮৪ চনত উৎক্ষেপণ কৰা হৈছিল। উপগ্ৰহটোৱে ২০০৫  চনলৈ কাম কৰি আছিল। ইবিআৰএছে নিয়মীয়াকৈ অ'জন স্তৰৰ বিষয়ে তথ্য প্ৰেৰণ কৰি আহিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক