--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সু-সজ্জিত বলীউড কেৰিয়াৰ তথা একাধিক ছুপাৰহিট ছবিৰ কথা-প্ৰসংগলৈ আহিলেই মনলৈ আহে শ্ৰীদেৱী। সাৱলীল অভিনয়ত মন্ত্ৰমুগ্ধ অনুৰাগীৰ মন মাজুলীত আজিও জাতীয় ক্ৰাছ শ্ৰীদেৱী। শ্ৰীদেৱীৰ অপৰূপ সৌন্দৰ্যই অনুৰাগীক কৰি তোলে উন্মনা, উতলা। অৱশ্যে, দুৰ্ভাগ্য বশতঃ, কেইবছৰমান পূৰ্বে মৃত্যু হয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। পাছে শ্ৰীদেৱী নাথকিলেও যেন আছে তেওঁৰ ছাঁটো! শ্ৰীদেৱীৰ কাৰ্বন কপিৰ দৰে দেখাত তেওঁৰ জীয়ৰী জাহ্নৱী কাপুৰ। কেইবাখনো হিট ছবিত অভিনয় কৰিছে শ্ৰীদেৱীৰ জীয়ৰীয়ে। অৱশ্যে, শেহতীয়াকৈ এটা কাৰণৰ বাবে সামাজিক মাধ্যমত চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে তেওঁ।

ইফালে, বলীউড জগতৰ বহুল চৰ্চিত এটা নাম হৈছে ছেইফ আলী খান। তেওঁৰ একাধিক জনপ্ৰিয় ছবিৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনক লৈয়ো মাজে মাজে আলোচনা হয় ছ’চিয়েল মিডিয়াত। বলীউড জগতত ছেইফ তনয়া ছাৰা আলী খানেও অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। ভালে সংখ্যক হিন্দী চলচ্চিত্ৰত সাৱলীল অভিনয়েৰে লক্ষ লক্ষ অনুৰাগীৰ মন জয় কৰিবল সক্ষম হৈছে ছাৰাই। কিন্তু জাহ্নৱী কাপুৰৰ দৰে ছাৰা আলী খানেও এটা বিশেষ কাৰণত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

দৰাচলতে, ছাৰা আলী খান আৰু জাহ্নৱী কাপুৰ চৰ্চালৈ অহাৰ কাৰণ একেই। জানিবলৈ পোৱা মতে, শ্ৰীদেৱী তনয়া জাহ্নৱী কাপুৰে কেইবামাহ ধৰি এজন ল’ৰা সৈতে যথেষ্ট সময় অতিবাহিত কৰিছে। কেতিয়াবা দুয়োকে মাজ নিশা পাৰ্টী কৰাও দেখা গৈছে। অভিনেত্ৰীগৰাকীৰ জীৱন সংগী বুলিয়েই সন্দেহ কৰিছে অনুৰাগীয়ে। পাছে সেই একেজন ব্যক্তিকে দেখা গৈছে ছাৰা আলী খানৰ সৈতে। কটাইছে নিবিড় মুহূৰ্ত। একেসময়তে ছাৰা, জাহ্নৱীৰ সৈতে এনেদৰে অন্তৰংগ মুহূৰ্ত কটোৱা ব্যক্তিজন কোন?

জানিবলৈ পোৱা মতে, জাহ্নৱী কাপুৰ আৰকু ছাৰা আলী খান যিজন ল’ৰাৰ সৈতে সময় অতিবাহিত কৰিছে তেওঁৰ নাম ওৰহান। তেনেহ’লে এজন ল’ৰাৰে প্ৰেমত পৰিছে নেকি দুই বলীউড তাৰকা অভিনেত্ৰী? সম্প্ৰতি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মনত এনে প্ৰশ্নই দোলা দিয়া দেখা গৈছে। হৈছে তুমুল চৰ্চা। অৱশ্যে, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে জাহ্নৱী কাপুৰ আৰু ছাৰা আলী খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু