--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সু-সজ্জিত বলীউড কেৰিয়াৰ তথা একাধিক ছুপাৰহিট ছবিৰ কথা-প্ৰসংগলৈ আহিলেই মনলৈ আহে শ্ৰীদেৱী। সাৱলীল অভিনয়ত মন্ত্ৰমুগ্ধ অনুৰাগীৰ মন মাজুলীত আজিও জাতীয় ক্ৰাছ শ্ৰীদেৱী। শ্ৰীদেৱীৰ অপৰূপ সৌন্দৰ্যই অনুৰাগীক কৰি তোলে উন্মনা, উতলা। অৱশ্যে, দুৰ্ভাগ্য বশতঃ, কেইবছৰমান পূৰ্বে মৃত্যু হয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। পাছে শ্ৰীদেৱী নাথকিলেও যেন আছে তেওঁৰ ছাঁটো! শ্ৰীদেৱীৰ কাৰ্বন কপিৰ দৰে দেখাত তেওঁৰ জীয়ৰী জাহ্নৱী কাপুৰ। কেইবাখনো হিট ছবিত অভিনয় কৰিছে শ্ৰীদেৱীৰ জীয়ৰীয়ে। অৱশ্যে, শেহতীয়াকৈ এটা কাৰণৰ বাবে সামাজিক মাধ্যমত চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে তেওঁ।

ইফালে, বলীউড জগতৰ বহুল চৰ্চিত এটা নাম হৈছে ছেইফ আলী খান। তেওঁৰ একাধিক জনপ্ৰিয় ছবিৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনক লৈয়ো মাজে মাজে আলোচনা হয় ছ’চিয়েল মিডিয়াত। বলীউড জগতত ছেইফ তনয়া ছাৰা আলী খানেও অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। ভালে সংখ্যক হিন্দী চলচ্চিত্ৰত সাৱলীল অভিনয়েৰে লক্ষ লক্ষ অনুৰাগীৰ মন জয় কৰিবল সক্ষম হৈছে ছাৰাই। কিন্তু জাহ্নৱী কাপুৰৰ দৰে ছাৰা আলী খানেও এটা বিশেষ কাৰণত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

দৰাচলতে, ছাৰা আলী খান আৰু জাহ্নৱী কাপুৰ চৰ্চালৈ অহাৰ কাৰণ একেই। জানিবলৈ পোৱা মতে, শ্ৰীদেৱী তনয়া জাহ্নৱী কাপুৰে কেইবামাহ ধৰি এজন ল’ৰা সৈতে যথেষ্ট সময় অতিবাহিত কৰিছে। কেতিয়াবা দুয়োকে মাজ নিশা পাৰ্টী কৰাও দেখা গৈছে। অভিনেত্ৰীগৰাকীৰ জীৱন সংগী বুলিয়েই সন্দেহ কৰিছে অনুৰাগীয়ে। পাছে সেই একেজন ব্যক্তিকে দেখা গৈছে ছাৰা আলী খানৰ সৈতে। কটাইছে নিবিড় মুহূৰ্ত। একেসময়তে ছাৰা, জাহ্নৱীৰ সৈতে এনেদৰে অন্তৰংগ মুহূৰ্ত কটোৱা ব্যক্তিজন কোন?

জানিবলৈ পোৱা মতে, জাহ্নৱী কাপুৰ আৰকু ছাৰা আলী খান যিজন ল’ৰাৰ সৈতে সময় অতিবাহিত কৰিছে তেওঁৰ নাম ওৰহান। তেনেহ’লে এজন ল’ৰাৰে প্ৰেমত পৰিছে নেকি দুই বলীউড তাৰকা অভিনেত্ৰী? সম্প্ৰতি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মনত এনে প্ৰশ্নই দোলা দিয়া দেখা গৈছে। হৈছে তুমুল চৰ্চা। অৱশ্যে, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে জাহ্নৱী কাপুৰ আৰু ছাৰা আলী খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ