--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’লাত সোণবৰণীয়া বুটা বচা ফুলেৰে মেখেলা-চাদৰ, মূৰত সোণবৰণীয়া বেন আৰু সোণালী কাণফুলিৰে সাইলাখ এগৰাকী অসমীয়া জীয়ৰী৷ নমস্কাৰেৰে মুখত হাঁহি লৈ অসমৰ জনতাৰ মাজত বিমুগ্ধ হৈ পৰিছে তেওঁ৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান৷ শ্ৰুতি এতিয়া হ’বলৈ গৈ আছে অসমৰ বোৱাৰী৷  

অভিনেত্ৰী শ্ৰুতি হাছানৰ অভিনয়ে বহুতৰ হৃদয় চুৰি কৰিছে। কিন্তু তেওঁৰ হৃদয় চুৰি কৰা ব্যক্তিজন অসম সন্তান সৃষ্টিশীল শিল্পী সান্তনু হাজৰিকা। শ্ৰুতি আৰু সান্তনুক প্ৰায়ে একেলগে দেখা যায়, লগতে এই যুটিয়ে সামাজিক মাধ্যমত ইজনে সিজনৰ সৈতে ফটো শ্বেয়াৰ কৰে।

প্ৰথমে ইষ্টাগ্ৰামত চিনাকি, তাৰ পাছত বন্ধুত্ব গঢ় লৈছিল দুয়োৰে মাজত৷ ছ’চিয়েল মিডিয়াত দুয়োৰে উমৈহতীয়া বন্ধুৰ জৰিয়তে চিনাকী পৰ্ব আৰম্ভ হৈছিল৷ ২০১৭ চনত এখন আৰ্ট প্লেটফৰ্মত দুয়ো প্ৰথমবাৰলৈ লগ পাইছিল৷ প্ৰথমবাৰৰ বাবে শান্তনুৰ ছবিয়ে মুগ্ধ কৰিছিল অভিনেত্ৰীগৰাকী৷ এক সাক্ষাৎকাৰত শ্ৰুতিয়ে কৈছিল তেওঁ শান্তনুক লগ পোৱাৰ পূৰ্বেই শান্তনুৰ ডুডল আৰ্টে আপ্লুট কৰে অভিনেত্ৰীগৰাকীক৷ তাৰ পাছতেই দুয়োৰে মাজত সঘনাই কথা-বৰ্তা আৰম্ভ হয়৷ লাহে লাহে বন্ধুত্বৰে কেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ় ল’লে দুয়োৰে যেন ধৰিবই নোৱাৰিলে৷ সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘শান্তনুৰ ব্যক্তিত্বই মুহিত কৰিছিল মোক৷ তেওঁৰ কথা-বাৰ্তাই মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷’

তাৰ পাছত তেওঁলোকৰ প্ৰেমৰ কথা পৰিয়ালৰ লোককো অৱগত কৰে৷ শেহতীয়াকৈ খানাপাৰাত অনুষ্ঠিত 'ৰঙালী উৎসৱ'ত প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে উপস্থিত হয় অভিনেত্ৰী শ্ৰুতি হাছান৷ ভাবী শাহুৱেকে দিয় মেখেলা-চাদৰ পৰিধান কৰি অভিনেত্ৰী মঞ্চত উপস্থিত হয় তেওঁ৷ 

শান্তনু হাজৰিকাঃ গুৱাহাটীৰ বাসিন্দা অসম শান্তানুৰ জন্ম হৈছিল ১৯৮৩ চনত৷ ৩৮ বছৰ বয়সত আৰু তেওঁ এজন বিখ্যাত ডুডল শিল্পী আৰু ইলাষ্ট্ৰেটৰ আৰু ৰেডবুল ৱ’ৰ্ল্ড ডুডল আৰ্ট চেম্পিয়ন ২০১৪ৰ বিজয়ী আছিল তেওঁ। তেওঁ গুৱাহাটীৰ মাৰিয়াছ পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পাছত তেওঁ অভিযান্ত্ৰিক অনুসৰণ কৰিবলৈ এছআৰএম ইনষ্টিটিউট অব্ ছাইন্স এণ্ড টেকন’লজীত যোগদান কৰিছিল কিন্তু পাছত তেওঁৰ সপোনবোৰ অনুসৰণ কৰিবলৈ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল। 

তেওঁ ডুডলিঙত তেওঁৰ আৱেগ অনুসৰণ কৰিছিল আৰু ডুডল শিল্পীসকলৰ ডিজিটেল পৃথিৱীত এক পৰিচিত নাম হৈ পৰিছিল। তেওঁ আনকি ২০১৫ চনত ৰেড বুল ৱ’ৰ্ল্ড ডুডল আৰ্ট চেম্পিয়ন ‘১৪ ইলাষ্ট্ৰেটৰত এটা পুৰস্কাৰ আৰু স্বীকৃতি লাভ কৰিছিল। তেওঁৰ কাম আন্তৰ্জাতিকভাৱে স্বীকৃত আৰু এডিডাছ, গায়ক ‘ৰফতাৰ’, ডিভাইন আৰু সংবাদ সংস্থা এনডিটিভিৰ বাবে কাম কৰিছে। প্ৰথমতে তেওঁ আই এফ টি গুৱাহাটীত শিল্পী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছত তেওঁ নতুন দিল্লীৰ সংস্কৃতি মন্ত্ৰালয়ত শিল্পী হিচাপে চাকৰি লাভ কৰিছিল। তেওঁ এনডিটিভি উদ্যোগ মোজাৰ্টোত 'গ্ৰাফিক ডিজাইনাৰ' আৰু ‘শিল্পী’ হিচাপে ৰেড বুলৰ বাবেও কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ