--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৈ নো কৈ ওৰকে নপৰা হৈছে বলীউড ভাইজান ৰ কথা! দশকৰ পাছত দশক ধৰি প্ৰেমেৰে হৃদয় জিনা ভাইজান ৰ নিত্য নতুন আখ্যান প্ৰকাশ পাই আহিছে সময়ে সময়ে। তেওঁৰ একালৰ প্ৰেয়সী এতিয়া আন কৰোবাৰ জীৱনসংগী। কথাবোৰে চাগে বেজাৰ দিয়ে ছলমানক! সেইবাবে নিজৰ ঘৰখন পাতিব বিচাৰিছিল তেওঁ। কেইদিনমান পূৰ্বে ভাইজানৰো বিয়াৰ উঠিছিল গুঞ্জন। ঘুনুক-ঘানাককৈ জনপ্ৰিয় অভিনেতা শত্ৰুঘ্ন সিনহাৰ দুহিতা সোণাক্ষীৰে বিয়াৰ কথাও ওলাইছিল। ক্ষণিকৰ বাবে উদ্বাউল হৈ পৰিছিল অনুৰাগী পাছে মন দিয়া মন নিয়া খেলৰ নিপুন খেলুৱৈ ভাইজান। অনুৰাগীৰ এই আনন্দৰো ক্ষন্তেকতে যেন ম্লান পৰি ৰ’ল। এইবাৰ বলীউড ভাইজানে তেওঁতকৈ ২৭ বছৰে সৰু এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছে! শুনিবলৈ পোৱা মতে, অভিনেত্ৰী পূজা হেগড়েৰ সৈতে এই নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে ভাইজানৰ! বলীউডতো বিষয়টোক লৈ হৈছে চৰ্চা। কিছু সময়ৰ বাবে এই কথা সত্য যেনেই লাগিছিল সকলোৰে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত ভাইজান। ঈদত আহি আছে ছলমানৰ নতুন ছবি। ছলমান খানৰ ‘কভি ঈদ, কভি দেৱালী’ মুক্তি পাব ঈদত। এই ছবিখনতে, ছলমানে পূজা হেগড়েৰ প্ৰেমত পৰিব। শেহতীয়াকৈ, চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই এই বিষয়ে সদৰী কৰিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘কভি ঈদ, কভি দেৱালী’ ছবিখনৰ পৰিচালক ফাৰহাদ ছামজী আৰু প্ৰযোজক ছাজিদ নাদিয়াদৱালা। ছবিখন প্ৰসংগত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই। অৱশ্যে, অভিনেত্ৰী পূজা হেগড়েৰ সৈতে ছলমান খানৰ ৰোমাঞ্চৰ খবৰে অনুৰাগীসকল উৎসাহিত কৰি তোলা দেখা গৈছে। ইতিপূৰ্বে দিশা পাটানিৰ সৈতে ৰোমাঞ্চ কৰা ছলমানে প্ৰথমবাৰৰ বাবে বলীউডৰ পূজাৰ সৈতে অভিনয় কৰিব। প্ৰযোজক ছাজিদ নাদিয়াদৱালাই কয়, ছবিখনৰ জৰিয়তে বলীউডত এটা নতুন যুটিৰ আগমন ঘটিব। অভিনেত্ৰী বাছনি পৰ্বতো পূজাকে ছলমানৰ নায়িকা হিচাপে। ‘কভি ঈদ, কভি দেৱালী’ ছবিখনত সম্পূৰ্ণ নতুন ৰূপত দেখিবলৈ পাব ভাইজানক। আনহাতে, পূজাক সৰু চহৰৰ ছোৱালী হিচাপে উপস্থাপন কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIয়ে দিব বানপানীৰ আগজাননী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০