--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৈ নো কৈ ওৰকে নপৰা হৈছে বলীউড ভাইজান ৰ কথা! দশকৰ পাছত দশক ধৰি প্ৰেমেৰে হৃদয় জিনা ভাইজান ৰ নিত্য নতুন আখ্যান প্ৰকাশ পাই আহিছে সময়ে সময়ে। তেওঁৰ একালৰ প্ৰেয়সী এতিয়া আন কৰোবাৰ জীৱনসংগী। কথাবোৰে চাগে বেজাৰ দিয়ে ছলমানক! সেইবাবে নিজৰ ঘৰখন পাতিব বিচাৰিছিল তেওঁ। কেইদিনমান পূৰ্বে ভাইজানৰো বিয়াৰ উঠিছিল গুঞ্জন। ঘুনুক-ঘানাককৈ জনপ্ৰিয় অভিনেতা শত্ৰুঘ্ন সিনহাৰ দুহিতা সোণাক্ষীৰে বিয়াৰ কথাও ওলাইছিল। ক্ষণিকৰ বাবে উদ্বাউল হৈ পৰিছিল অনুৰাগী। পাছে মন দিয়া মন নিয়া খেলৰ নিপুন খেলুৱৈ ভাইজান। অনুৰাগীৰ এই আনন্দৰো ক্ষন্তেকতে যেন ম্লান পৰি ৰ’ল। এইবাৰ বলীউড ভাইজানে তেওঁতকৈ ২৭ বছৰে সৰু এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছে! শুনিবলৈ পোৱা মতে, অভিনেত্ৰী পূজা হেগড়েৰ সৈতে এই নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে ভাইজানৰ! বলীউডতো বিষয়টোক লৈ হৈছে চৰ্চা। কিছু সময়ৰ বাবে এই কথা সত্য যেনেই লাগিছিল সকলোৰে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত ভাইজান। ঈদত আহি আছে ছলমানৰ নতুন ছবি। ছলমান খানৰ ‘কভি ঈদ, কভি দেৱালী’ মুক্তি পাব ঈদত। এই ছবিখনতে, ছলমানে পূজা হেগড়েৰ প্ৰেমত পৰিব। শেহতীয়াকৈ, চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই এই বিষয়ে সদৰী কৰিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘কভি ঈদ, কভি দেৱালী’ ছবিখনৰ পৰিচালক ফাৰহাদ ছামজী আৰু প্ৰযোজক ছাজিদ নাদিয়াদৱালা। ছবিখন প্ৰসংগত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই। অৱশ্যে, অভিনেত্ৰী পূজা হেগড়েৰ সৈতে ছলমান খানৰ ৰোমাঞ্চৰ খবৰে অনুৰাগীসকল উৎসাহিত কৰি তোলা দেখা গৈছে। ইতিপূৰ্বে দিশা পাটানিৰ সৈতে ৰোমাঞ্চ কৰা ছলমানে প্ৰথমবাৰৰ বাবে বলীউডৰ পূজাৰ সৈতে অভিনয় কৰিব। প্ৰযোজক ছাজিদ নাদিয়াদৱালাই কয়, ছবিখনৰ জৰিয়তে বলীউডত এটা নতুন যুটিৰ আগমন ঘটিব। অভিনেত্ৰী বাছনি পৰ্বতো পূজাকে ছলমানৰ নায়িকা হিচাপে। ‘কভি ঈদ, কভি দেৱালী’ ছবিখনত সম্পূৰ্ণ নতুন ৰূপত দেখিবলৈ পাব ভাইজানক। আনহাতে, পূজাক সৰু চহৰৰ ছোৱালী হিচাপে উপস্থাপন কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু