--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব এতিয়া ‘পুষ্পা’ৰ জ্বৰত আক্ৰান্ত। ছবিখনৰ সংলাপ, নৃত্য, গীত সকলো যেন ভাইৰাছৰ দৰে বিয়পি পৰিছে। ক্ৰিকেটাৰ, ফুটবলাৰ, টিকটকাৰৰ পৰা সাধাৰণ লোকেও ‘পুষ্পা’ৰ ‘শ্ৰীবল্লী...’, ‘চামী...’, ‘চাকা চাকা...’ গীতৰ তালে তালে নাচি উঠিছে। বহুতে ‘শ্ৰীবল্লী...’ গীতটোৰ অভিনেতা আল্লু অৰ্জুনৰ নৃত্যশৈলী অনুকৰণ কৰি ছ’চিয়েল মিডিয়াত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অথচ বিপদত পৰিছে অভিনেতা আল্লু অৰ্জুন। ‘পুষ্পা’ৰ ষ্টাইল অনুকৰণ কৰাৰ বাবে এইবাৰ ট্ৰ’লৰ মুখামুখী হৈছে জনপ্ৰিয় অভিনেতাজন। আল্লু অৰ্জুনে অলপতে ভাৰতৰ এটা প্ৰসিদ্ধ খাদ্য বিতৰণ কোম্পানীৰ বিজ্ঞাপনত কাম কৰিছিল, য’ত তেওঁক ‘পুষ্পা’ৰ অৱতাৰত দেখিবলৈ পোৱা গৈছিল। আল্লু অৰ্জুনৰ এই বিজ্ঞাপনটোক লৈয়ে সম্প্ৰতি সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অনুৰাগীৰ প্ৰশংসা লাভৰ সমান্তৰালকৈ বিজ্ঞাপনটোক লৈ সমালোচনাও হৈছে। বিজ্ঞাপনটোৰ যোগেদি আল্লু অৰ্জুনে দাক্ষিণাত্যৰ চিনেমাক অপমান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। বহুতে ‘পুষ্পা’ ছবিখন বয়কট কৰিবলৈও আহ্বান জনাইছে। আনহাতে, আন একাংশই খাদ্য বিতৰণ কোম্পানীৰ এপটো তেওঁলোকৰ স্মাৰ্টফোনৰ পৰা বিলোপ কৰাৰ কথাও সদৰী কৰিছে। অৱশ্যে ইয়াকে লৈ এতিয়াও কোনোধৰণৰ মন্তব্য কৰাৰ পৰা আঁতৰি আছে আল্লু অৰ্জুন। স্মৰ্তব্য যে, পুষ্পা ছবিখনে এতিয়ালৈকে ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘পুষ্পা’ৰ দ্বিতীয় খণ্ডৰ কামো ইতিমধ্যে আৰম্ভ হোৱাৰ কথা। প্ৰথম খণ্ডতকৈ দ্বিতীয় খণ্ড আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সদৰী কৰিছে আল্লু অৰ্জুনৰ লগতে ছবি নিৰ্মাতাসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু