--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব এতিয়া ‘পুষ্পা’ৰ জ্বৰত আক্ৰান্ত। ছবিখনৰ সংলাপ, নৃত্য, গীত সকলো যেন ভাইৰাছৰ দৰে বিয়পি পৰিছে। ক্ৰিকেটাৰ, ফুটবলাৰ, টিকটকাৰৰ পৰা সাধাৰণ লোকেও ‘পুষ্পা’ৰ ‘শ্ৰীবল্লী...’, ‘চামী...’, ‘চাকা চাকা...’ গীতৰ তালে তালে নাচি উঠিছে। বহুতে ‘শ্ৰীবল্লী...’ গীতটোৰ অভিনেতা আল্লু অৰ্জুনৰ নৃত্যশৈলী অনুকৰণ কৰি ছ’চিয়েল মিডিয়াত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অথচ বিপদত পৰিছে অভিনেতা আল্লু অৰ্জুন। ‘পুষ্পা’ৰ ষ্টাইল অনুকৰণ কৰাৰ বাবে এইবাৰ ট্ৰ’লৰ মুখামুখী হৈছে জনপ্ৰিয় অভিনেতাজন আল্লু অৰ্জুনে অলপতে ভাৰতৰ এটা প্ৰসিদ্ধ খাদ্য বিতৰণ কোম্পানীৰ বিজ্ঞাপনত কাম কৰিছিল, য’ত তেওঁক ‘পুষ্পা’ৰ অৱতাৰত দেখিবলৈ পোৱা গৈছিল। আল্লু অৰ্জুনৰ এই বিজ্ঞাপনটোক লৈয়ে সম্প্ৰতি সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অনুৰাগীৰ প্ৰশংসা লাভৰ সমান্তৰালকৈ বিজ্ঞাপনটোক লৈ সমালোচনাও হৈছে। বিজ্ঞাপনটোৰ যোগেদি আল্লু অৰ্জুনে দাক্ষিণাত্যৰ চিনেমাক অপমান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। বহুতে ‘পুষ্পা’ ছবিখন বয়কট কৰিবলৈও আহ্বান জনাইছে। আনহাতে, আন একাংশই খাদ্য বিতৰণ কোম্পানীৰ এপটো তেওঁলোকৰ স্মাৰ্টফোনৰ পৰা বিলোপ কৰাৰ কথাও সদৰী কৰিছে। অৱশ্যে ইয়াকে লৈ এতিয়াও কোনোধৰণৰ মন্তব্য কৰাৰ পৰা আঁতৰি আছে আল্লু অৰ্জুন। স্মৰ্তব্য যে, পুষ্পা ছবিখনে এতিয়ালৈকে ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘পুষ্পা’ৰ দ্বিতীয় খণ্ডৰ কামো ইতিমধ্যে আৰম্ভ হোৱাৰ কথা। প্ৰথম খণ্ডতকৈ দ্বিতীয় খণ্ড আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সদৰী কৰিছে আল্লু অৰ্জুনৰ লগতে ছবি নিৰ্মাতাসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ