--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হতচকিত বিশ্ব! অবিশ্বাস্য হ’লেও এয়াই সত্য৷এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ দৌৰৰ পৰা বাহিৰ হ’ল৷এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰত স্কটলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে। এই খেলখনত কেৰিবিয়ান দলটোৱে ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। একে সময়তে স্কটলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পাছত ৱেষ্ট ইণ্ডিজৰ দলটোৱে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। এতিয়া ৱেষ্ট ইণ্ডিজৰ দলটোৱে এদিনীয়া বিশ্বকাপ ২০২৩ত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই মেচত স্কটলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰিবলৈ ওলাই অহা ৱেষ্ট ইণ্ডিজৰ দলটোৱে ৪৩.৫ অভাৰত ১৮১ সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজৰ ১৮১ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে স্কটলেণ্ডে বেটিং কৰিবলৈ আহি ৪৩.৩ অভাৰত ৩ উইকেটত ১৮৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। একে সময়তে ৱেষ্ট ইণ্ডিজৰ দলটোৱে ২০২৩ চনৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। স্কটলেণ্ডৰ হৈ মেথিউ ক্ৰছে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই খেলুৱৈগৰাকীয়ে ১০৭টা বলত অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ ইনিংছত ৭টা চাৰিটা ৰান কৰে। আনহাতে ব্ৰেণ্ডন মেকমুলানে ১০৬ বলত ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৮টা চাৰি আৰু ১টা ছয় কৰে। ।

টছত পৰাস্ত হোৱাৰ পিছত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে জেছন হোল্ডাৰে। প্ৰাক্তন অধিনায়কগৰাকীয়ে ৭৯টা বলত ৪৫ ৰানৰ ইনিংছৰ খেল প্ৰদৰ্শিত কৰে। তেওঁ নিজৰ ইনিংছত ৩টা চাৰি আৰু ১টা ছয় কৰে। অৱশ্যে ইয়াৰ বাহিৰেও ৱেষ্ট ইণ্ডিজৰ বাকী বেটছমেনসকলে সকলো ক্ৰিকেটপ্ৰেমীকে নিৰাশ কৰে। ৱেষ্ট ইণ্ডিজৰ ৫ জন বেটছমেনে ডাবল ফিগাৰ ৰাণো সংগ্ৰহ কৰাত ব্যৰ্থ হয়। স্কটলেণ্ডৰ হৈ ব্ৰেণ্ডন মেকমুলানে সৰ্বাধিক ৩টা উইকেট দখল কৰে। আনহাতে ইয়াৰ বাহিৰেও ক্ৰীছ ছ’ল, মাৰ্ক ৱাট আৰু ক্ৰীছ গ্ৰীভছে ২-২ উইকেট দখল কৰে। আনহাতে ছফিয়ান শ্বৰীফে নিজৰ নামত ১ উইকেট দখল কৰে। তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ মাটিত আয়োজন কৰা হৈছে এইবাৰৰ বিশ্বকাপ ২০২৩। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বিপৰীতে ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব এই খিতাপৰ চূড়ান্ত মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক