--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হতচকিত বিশ্ব! অবিশ্বাস্য হ’লেও এয়াই সত্য৷এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ দৌৰৰ পৰা বাহিৰ হ’ল৷এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰত স্কটলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে। এই খেলখনত কেৰিবিয়ান দলটোৱে ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। একে সময়তে স্কটলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পাছত ৱেষ্ট ইণ্ডিজৰ দলটোৱে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। এতিয়া ৱেষ্ট ইণ্ডিজৰ দলটোৱে এদিনীয়া বিশ্বকাপ ২০২৩ত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই মেচত স্কটলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰিবলৈ ওলাই অহা ৱেষ্ট ইণ্ডিজৰ দলটোৱে ৪৩.৫ অভাৰত ১৮১ সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজৰ ১৮১ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে স্কটলেণ্ডে বেটিং কৰিবলৈ আহি ৪৩.৩ অভাৰত ৩ উইকেটত ১৮৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। একে সময়তে ৱেষ্ট ইণ্ডিজৰ দলটোৱে ২০২৩ চনৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। স্কটলেণ্ডৰ হৈ মেথিউ ক্ৰছে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই খেলুৱৈগৰাকীয়ে ১০৭টা বলত অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ ইনিংছত ৭টা চাৰিটা ৰান কৰে। আনহাতে ব্ৰেণ্ডন মেকমুলানে ১০৬ বলত ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৮টা চাৰি আৰু ১টা ছয় কৰে। ।

টছত পৰাস্ত হোৱাৰ পিছত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে জেছন হোল্ডাৰে। প্ৰাক্তন অধিনায়কগৰাকীয়ে ৭৯টা বলত ৪৫ ৰানৰ ইনিংছৰ খেল প্ৰদৰ্শিত কৰে। তেওঁ নিজৰ ইনিংছত ৩টা চাৰি আৰু ১টা ছয় কৰে। অৱশ্যে ইয়াৰ বাহিৰেও ৱেষ্ট ইণ্ডিজৰ বাকী বেটছমেনসকলে সকলো ক্ৰিকেটপ্ৰেমীকে নিৰাশ কৰে। ৱেষ্ট ইণ্ডিজৰ ৫ জন বেটছমেনে ডাবল ফিগাৰ ৰাণো সংগ্ৰহ কৰাত ব্যৰ্থ হয়। স্কটলেণ্ডৰ হৈ ব্ৰেণ্ডন মেকমুলানে সৰ্বাধিক ৩টা উইকেট দখল কৰে। আনহাতে ইয়াৰ বাহিৰেও ক্ৰীছ ছ’ল, মাৰ্ক ৱাট আৰু ক্ৰীছ গ্ৰীভছে ২-২ উইকেট দখল কৰে। আনহাতে ছফিয়ান শ্বৰীফে নিজৰ নামত ১ উইকেট দখল কৰে। তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ মাটিত আয়োজন কৰা হৈছে এইবাৰৰ বিশ্বকাপ ২০২৩। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বিপৰীতে ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব এই খিতাপৰ চূড়ান্ত মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement