--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশুখাদ্য কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হোৱা চিবিআইৰ বিশেষ আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে’লমন্ত্ৰী লালুপ্ৰসাদ যাদৱক পাঁচ বছৰৰ কাৰাদণ্ড আৰু ৬০লাখ টকাৰ জৰিমনা বিহিছে৷ আজি ৰাঁচীত চিবিআইৰ বিশেষ আদালতে দোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে আত্মসাৎ কৰা পঞ্চম আৰু অন্তিম পশুখাদ্য কেলেংকাৰিৰ গোচৰত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বীগৰাকীক এই শাস্তি প্ৰদান কৰিছে৷ উল্লেখযোগ্য যে, ১৯৯৬ত বিহাৰৰ কিছুমান চৰকাৰী কৰ্মচাৰীয়ে মিছা ব্যয়ৰ প্ৰতিবেদন দাখিল কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত পশুখাদ্য কেলেংকাৰি পোহৰলৈ আহিছিল। দোৰাণ্ডাৰ কোষাগাৰৰ পৰা ১৩৯ কোটিৰো অধিক টকা আত্মসাৎ কৰা হৈছিল আৰু প্ৰমাণীকৰণ অবিহনে অৰ্থহীন ব্যয়পত্ৰ দাখিল কৰা হৈছিল। দেশ কঁপোৱা সেই কেলেংকাৰি পোহৰলৈ অহাৰ পাছতেই লালু যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল৷ বিগত ১৫ ফেব্ৰুৱাৰীত, চিবিআইৰ বিশেষ ন্যায়াধীশ চি.কে. শশীয়ে এই পঞ্চম পশুখাদ্য কেলেংকাৰিৰ গোচৰত লালুপ্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰিছিল। পশুখাদ্যৰ কেলেংকাৰি সম্পৰ্কত ১৯৯৬ত ৰাঁচীৰ দোৰাণ্ডা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। পাছত চিবিআইয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল৷ আজি শাস্তি ঘোষণাৰ সময়ত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। CAGয়ে সময়ে সময়ে ৰাজ্য চৰকাৰলৈ কেলেংকাৰি সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰিছিল, কিন্তু, চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল। অভিযোগ অনুসৰি, তেওঁ নিজে ৰাজ্যখনৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, আৰু কেৱল তেওঁৰ অনুমোদনত ভুৱা বিলৰ আধাৰত পৰিমাণটো প্ৰত্যাহাৰ কৰা হৈছিল। এই বিষয়টো পাঁচটা পশুখাদ্য কেলেংকাৰিৰ গোচৰৰ ভিতৰত অন্তিমটো গোচৰ, য’ত লালু যাদৱক দোষী সাব্যস্ত কৰা হৈছে৷ ইপিনে, চিবিআইৰ কৰ্তব্যৰত বিষয়া বিএমপি সিঙে কয় যে, ৩৮জন দোষীৰ ভিতৰত ৩৫জন বিৰচা মুণ্ডা কাৰাগাৰত বন্দী হৈ আছে, আনহাতে লালুপ্ৰসাদ যাদৱকে ধৰি আন তিনিজন দোষীক স্বাস্থ্যজনিত কাৰণত ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত ভৰ্তি কৰোৱা হৈছে। চিবিআইয়ে মুঠ ১৭০জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল৷ আনহাতে, ১৪৮জন অভিযুক্তৰ বিৰুদ্ধে ২০০৫ৰ ২৬ ছেপ্টেম্বৰত অভিযোগনামা প্ৰস্তুত কৰা হৈছিল৷ আদালতে বিগত ২৯ জানুৱাৰীত লালুপ্ৰসাদ যাদৱকে ধৰি ৯৯ জন লোকৰ বিৰুদ্ধে ৰায় সংৰক্ষিত ৰাখিছিল, যাক সকলো পক্ষৰ যুক্তি শুনি চাৰিটা পৃথক পশুখাদ্য কেলেংকাৰিৰ গোচৰত ১৪বছৰলৈকে দণ্ডিত কৰা হৈছিল। ১৯৯৬ চনৰ জানুৱাৰীত পশুপালন বিভাগত অভিযান চলাওঁতে বিহাৰত পশুখাদ্য কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছিল। চিবিআইয়ে ১৯৯৭ৰ জুনত তদানীন্তন মুখ্যমন্ত্ৰী লালু যাদৱক অভিযুক্ত হিচাপে চিহ্নিত কৰিছিল। সংস্থাটোৱে লালুপ্ৰসাদ আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ২০১৩ৰ ছেপ্টেম্বৰত বিচাৰ আদালতে লালুপ্ৰসাদ, জগন্নাথ মিশ্ৰ আৰু আন ৪৫জনক পশুখাদ্য কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক ৰাঁচী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ২০১৩ৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে এই গোচৰটোত লালুপ্ৰসাদক জামিন প্ৰদান কৰে৷ আনহাতে, ২০১৭ৰ ডিচেম্বৰত চিবিআই আদালতে তেওঁক আৰু আন ১৫জনক দোষী সাব্যস্ত কৰে আৰু তেওঁলোকক বিৰচা মুণ্ডা কাৰাগাৰলৈ প্ৰেৰণ কৰে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ২০২১ৰ এপ্ৰিলত লালু প্ৰসাদ যাদৱক জামিন প্ৰদান কৰিছিল। পশুখাদ্য কেলেংকাৰিত মুঠ পাঁচটা গোচৰ চলি আছিল, যাৰ ভিতৰত এয়া হৈছে পঞ্চম আৰু অন্তিমটো গোচৰ, য’ত আজি লালুপ্ৰসাদ যাদৱক পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত আৰু ৬০লাখ টকাৰ জৰিমনা বিহা হ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ