--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জম্মু আৰু কাশ্মীৰ নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই কয় যে, মাতৃভাষা হৈছে ব্যক্তি এগৰাকীৰ সংস্কৃতি আৰু পৰিচয়ৰ এক অন্তৰ্নিহিত উপাদান, আৰু জম্মু আৰু কাশ্মীৰৰ ভাষিক বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা উচিত৷ আন্তৰ্জাতিক মাতৃভাষা দিৱসত তেওঁৰ বাৰ্তাত আব্দুল্লাই কয় যে, বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগিব, বিশেষকৈ গঠনমূলক পৰ্যায়ত। ই সৃষ্টিশীলতা আৰু ব্যক্তিত্ব বিকাশৰ অভিব্যক্তিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে। গঠনমূলক পৰ্যায়ত সৃজনশীলতাও বৃদ্ধি কৰে মাতৃভাষাই। তেওঁ লগতে কয়, কাশ্মীৰী ভাষাৰ ক্ষেত্ৰত ভাষাটো বিভিন্ন কবি, ঋষি, ভাষ্যবাদী আৰু ভাষাবিদসকলৰ দ্বাৰা হাজাৰ হাজাৰ বছৰধৰি ধ্ৰুপদী আৰু লোক সাহিত্যৰ সৈতে সমৃদ্ধ৷ বৃহৎ সংখ্যক চৰ্চাকাৰী থকা কাশ্মীৰীয়ে অষ্টম অনুসূচীত উল্লেখ কৰা ২২টা ভাষাৰ ভিতৰত এটা হোৱাৰ সৌভাগ্য লাভ কৰিছে৷ সেয়েহে, সময়ৰ আহ্বানমৰ্মে ভাষাটোক সুৰক্ষিত কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ আমূল পদক্ষেপ লোৱাৰ প্ৰয়োজন। জম্মু-কাশ্মীৰৰ কাশ্মীৰী, ডোগৰী, পঞ্জাবী আৰু অন্যান্য ভাষাসমূহ জীয়াই ৰখাত সহায় কৰাৰ বাবে এক ব্যাপক ৰণনীতিৰ আহ্বান জনাই শ্ৰীনগৰৰ সাংসদগৰাকীয়ে শিক্ষা খণ্ডত, বিশেষকৈ শিক্ষাৰ গঠনমূলক পৰ্যায়ত মাতৃভাষাক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায়। আব্দুল্লাই অভিভাৱকসকলক তেওঁলোকৰ মাতৃভাষাক ঘৰত যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ জম্মু-কাশ্মীৰত নিজৰ মাতৃভাষাত যোগাযোগ কৰাতো তেওঁলোক সকলোৰে বাবে গৌৰৱৰ বিষয় হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ