--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত আন্না হাজাৰেৰ 'ছাঁৰ দৰে সংগী', আছিল অৰবিন্দ কেজৰিৱাল । দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ জড়িয়তেই অৰবিন্দ কেজৰিৱালে  দিল্লীৰ গাদীত বহিবলৈ সক্ষম হৈছিল। সেই  কেজৰিৱালকে এতিয়া দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ  পিছতে  তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ  বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয়  "কেজৰিৱালে তেওঁৰ কামৰ পৰিণাম ভোগ কৰিছে। ' 

বছৰটো আছিল  ২০১৩। দিল্লীত কংগ্ৰেছ চৰকাৰৰ সেয়া অন্তিম বৰ্ষ আছিল। মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। সেই সময়ত অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁ দিল্লীত দুৰ্নীতিৰ প্ৰতিবাদত আন্না হাজাৰেৰ সৈতে অনশনতো বহিছিল। তেওঁ দাবী কৰিছিল যে শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ হিচাপে তেওঁৰ ওচৰত লাখ লাখ নথি আছে। কেজৰিৱালৰ আন্দোলনে জনসাধাৰণৰ মনত সাঁচ বহুৱাইছিল।  কিয়নো 'স্বচ্ছ' ভাৱমূৰ্তিৰ  আন্না হাজাৰেই তেওঁৰ সৈতে ধৰ্ণাত বহিছিল।

সেই সময়ত, আন্না হাজাৰেই দাবী কৰিছিল যে তেওঁৰ আন্দোলন অ-ৰাজনৈতিক আৰু কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে। কিন্তু পিছত দেখা গৈছিল যে তেওঁৰ ছাঁৰ দৰে লাগি থকা  কেজৰিৱালে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিলে আৰু ক্ষমতাৰ বাঘজৰীও হাতত ল’লে। আন্না হাজাৰেই লগে লগে কেজৰিৱালৰ সংগ ত্যাগ কৰিছিল।

  আন্না হাজাপেই এতিয়া কৈছে যে ক্ষমতাৰ লোভে কেজৰিৱালক 'নীতিৰ বিৰুদ্ধে' কাম কৰিবলৈ বাধ্য কৰিছে। তেওঁ ইয়াৰ পৰিণামো ভুগিব লাগিব। হাজাৰেই কয় "কেজৰিৱালৰ ভূমিকাত মই দুঃখিত। তেওঁ মোৰ সৈতে সুৰাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ আজি সুৰাৰ বিষয়ে  নীতি প্ৰস্তুত কৰি আছে।" ইফালে, কেজৰিৱালৰ অধিবক্তাসকলে তেওঁৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু গোচৰটোৰ শুনানিৰ আগতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে। কেজৰিৱালৰ অধিবক্তাসকলে কৈছে যে তেওঁলোকে এতিয়া নিম্ন আদালতত আবেদন কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী