--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত আন্না হাজাৰেৰ 'ছাঁৰ দৰে সংগী', আছিল অৰবিন্দ কেজৰিৱাল । দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ জড়িয়তেই অৰবিন্দ কেজৰিৱালে  দিল্লীৰ গাদীত বহিবলৈ সক্ষম হৈছিল। সেই  কেজৰিৱালকে এতিয়া দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ  পিছতে  তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ  বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয়  "কেজৰিৱালে তেওঁৰ কামৰ পৰিণাম ভোগ কৰিছে। ' 

বছৰটো আছিল  ২০১৩। দিল্লীত কংগ্ৰেছ চৰকাৰৰ সেয়া অন্তিম বৰ্ষ আছিল। মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। সেই সময়ত অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁ দিল্লীত দুৰ্নীতিৰ প্ৰতিবাদত আন্না হাজাৰেৰ সৈতে অনশনতো বহিছিল। তেওঁ দাবী কৰিছিল যে শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ হিচাপে তেওঁৰ ওচৰত লাখ লাখ নথি আছে। কেজৰিৱালৰ আন্দোলনে জনসাধাৰণৰ মনত সাঁচ বহুৱাইছিল।  কিয়নো 'স্বচ্ছ' ভাৱমূৰ্তিৰ  আন্না হাজাৰেই তেওঁৰ সৈতে ধৰ্ণাত বহিছিল।

সেই সময়ত, আন্না হাজাৰেই দাবী কৰিছিল যে তেওঁৰ আন্দোলন অ-ৰাজনৈতিক আৰু কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে। কিন্তু পিছত দেখা গৈছিল যে তেওঁৰ ছাঁৰ দৰে লাগি থকা  কেজৰিৱালে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিলে আৰু ক্ষমতাৰ বাঘজৰীও হাতত ল’লে। আন্না হাজাৰেই লগে লগে কেজৰিৱালৰ সংগ ত্যাগ কৰিছিল।

  আন্না হাজাপেই এতিয়া কৈছে যে ক্ষমতাৰ লোভে কেজৰিৱালক 'নীতিৰ বিৰুদ্ধে' কাম কৰিবলৈ বাধ্য কৰিছে। তেওঁ ইয়াৰ পৰিণামো ভুগিব লাগিব। হাজাৰেই কয় "কেজৰিৱালৰ ভূমিকাত মই দুঃখিত। তেওঁ মোৰ সৈতে সুৰাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ আজি সুৰাৰ বিষয়ে  নীতি প্ৰস্তুত কৰি আছে।" ইফালে, কেজৰিৱালৰ অধিবক্তাসকলে তেওঁৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু গোচৰটোৰ শুনানিৰ আগতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে। কেজৰিৱালৰ অধিবক্তাসকলে কৈছে যে তেওঁলোকে এতিয়া নিম্ন আদালতত আবেদন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ