--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিয়ে অকলেই ওড়িশাত আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ এই ঘোষণা কৰিছে ওড়িশা বিজেপিৰ ৰাজ্যিক সভাপতি মনমোহন চামলে৷ লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দলৰ (বিজেডি) মাজত সম্ভাৱ্য মিত্ৰতাৰ জল্পনা-কল্পনাৰ মাজতে এই ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ‘এক্স’ত মনমোহন চামলে কয় যে দলটোৱে লোকসভাৰ ২১খন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জয়লাভো কৰিব৷  

চামলে কয়, সন্মানীয় প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত ওড়িশাৰ ৪.৫ কোটি লোকৰ আশা, ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰিবলৈ উন্নত ভাৰত আৰু উন্নত ওড়িশা গঢ়ি তুলিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভাৰ সকলো ২১খন আসন আৰু বিধানসভাৰ সকলো ১৪৭খন আসনত জয়লাভ কৰিব। আসনবোৰত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব৷

তদুপৰি, ওড়িশা বিজেপিৰ মুৰব্বীগৰাকীয়ে লগতে দাবী কৰে যে মোদী চৰকাৰৰ কেইবাটাও কল্যাণমূলক আঁচনি ওড়িশাত ৰূপায়িত হোৱা নাই৷ যাৰ বাবে ওড়িশাৰ দৰিদ্ৰ ভগ্নী আৰু ভাতৃসকলে লাভালাভ পোৱা নাই৷ ওড়িশা-পৰিচয়, ওড়িশা-গৌৰৱ আৰু ওড়িশাৰ জনসাধাৰণৰ আগ্ৰহ সম্পৰ্কীয় বহুতো বিষয়ত আমাৰ উদ্বেগ আছে৷

লক্ষণীয়ভাৱে, ১৯৯৮ৰ পৰা ২০০৯ৰ ভিতৰত বিজেপি আৰু বিজেডিৰ মাজত এক দশকৰো অধিক সময় ধৰি মিত্ৰতা আছিল। দুয়োটা দলে ২০০৯লৈকে তিনিটা লোকসভা আৰু দুটা বিধানসভা নিৰ্বাচন একেলগে যুঁজিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী