--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিয়ে অকলেই ওড়িশাত আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ এই ঘোষণা কৰিছে ওড়িশা বিজেপিৰ ৰাজ্যিক সভাপতি মনমোহন চামলে৷ লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দলৰ (বিজেডি) মাজত সম্ভাৱ্য মিত্ৰতাৰ জল্পনা-কল্পনাৰ মাজতে এই ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ‘এক্স’ত মনমোহন চামলে কয় যে দলটোৱে লোকসভাৰ ২১খন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জয়লাভো কৰিব৷  

চামলে কয়, সন্মানীয় প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত ওড়িশাৰ ৪.৫ কোটি লোকৰ আশা, ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰিবলৈ উন্নত ভাৰত আৰু উন্নত ওড়িশা গঢ়ি তুলিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভাৰ সকলো ২১খন আসন আৰু বিধানসভাৰ সকলো ১৪৭খন আসনত জয়লাভ কৰিব। আসনবোৰত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব৷

তদুপৰি, ওড়িশা বিজেপিৰ মুৰব্বীগৰাকীয়ে লগতে দাবী কৰে যে মোদী চৰকাৰৰ কেইবাটাও কল্যাণমূলক আঁচনি ওড়িশাত ৰূপায়িত হোৱা নাই৷ যাৰ বাবে ওড়িশাৰ দৰিদ্ৰ ভগ্নী আৰু ভাতৃসকলে লাভালাভ পোৱা নাই৷ ওড়িশা-পৰিচয়, ওড়িশা-গৌৰৱ আৰু ওড়িশাৰ জনসাধাৰণৰ আগ্ৰহ সম্পৰ্কীয় বহুতো বিষয়ত আমাৰ উদ্বেগ আছে৷

লক্ষণীয়ভাৱে, ১৯৯৮ৰ পৰা ২০০৯ৰ ভিতৰত বিজেপি আৰু বিজেডিৰ মাজত এক দশকৰো অধিক সময় ধৰি মিত্ৰতা আছিল। দুয়োটা দলে ২০০৯লৈকে তিনিটা লোকসভা আৰু দুটা বিধানসভা নিৰ্বাচন একেলগে যুঁজিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ