--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ক্ৰিকেট জগতৰ কিংম্বদন্তি হোৱাৰ পিছতো ধোনী সদায় অন্তৰ্মুখী। অৱসৰৰ পিছত তেওঁ লাইমলাইটৰ পৰা আৰু আঁতৰি ফুৰিছে।

শেহতীয়াকৈ তেওঁৰ পত্নী সাক্ষী সিং ধোনীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে। সাক্ষীয়ে তামিল ছবি ‘এল জি এম (লেটছ গেট মেৰেড)’ৰ জৰিয়তে প্ৰযোজক হিচাপে অভিষেক ঘটাব। পত্নী প্ৰডাকচনত ব্যস্ত, ধোনীকো সোনকালে ডাঙৰ পৰ্দাত দেখা যাব নেকি?

এই দেশত ধোনী অনুৰাগীৰ সংখ্যা কম নহয়। তেওঁলোকৰ এটা বৃহৎ অংশই ৰূপালী পৰ্দাত ধোনীক চাব বিচাৰে।  শেহতীয়াকৈ এক সাক্ষাৎকাৰত সাক্ষীয়ে কয় যে অদূৰ ভৱিষ্যতে ধোনীক চিনেমাৰ পৰ্দাত দেখা পোৱা যাব। সাক্ষীয়ে ক'লে- ''ধোনী কেমেৰাৰ সন্মুখত বৰ সাৱলীল। গতিকে ভাল চিত্ৰনাট্য আৰু চৰিত্ৰত কাম কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিব পাৰি।’’

২০০৬ চনৰ পৰা ধোনীয়ে বিভিন্ন কোম্পানীৰ বিজ্ঞাপনত কাম কৰি আহিছে। ধোনীয়ে কেমেৰাৰ সন্মুখলৈ যাবলৈ ভয় বা লাজ নকৰে বুলি সাক্ষীয়ে কয়।

কেনেধৰণৰ ছৱিত দেখা পোৱা যাব পাৰে ধোনীক? সাক্ষীয়ে ক'লে, "একচন! ধোনী সদায় সেই আমেজত থাকে।'' অৱশ্যে ধোনিৰ বহু অনুৰাগীয়ে মাহীক ছুপাৰহিৰোৰ চৰিত্ৰত চাবলৈ আগ্ৰহী।

সাক্ষীয়ে এখন তামিল ছবি নিৰ্মাণ কৰি মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰে। ‘চেন্নাই ছুপাৰ কিংছ’ৰ সৌজন্যত তামিলনাডুৰ সৈতে ধোনীৰ আধ্যাত্মিক সম্পৰ্ক আছে বুলি দাবী কৰিছে সাক্ষীয়ে। গতিকে মাহীয়ে প্ৰথমে নিজৰ তামিল অনুৰাগীসকলৰ আগত এখন ছবি উপস্থাপন কৰিব বিচাৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ