--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩ টা এদিনীয়া শৃংখলাত ভাৰতে ২-১ত জয়লাভ কৰে। একে সময়তে এতিয়া দুয়োটা দলে টি-২০ ছিৰিজত মুখামুখি হ’ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ৩ খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। এই শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব। অৱশ্যে এই মেচখনৰ বাবে টিম ইণ্ডিয়াৰ প্লেয়িং একাদশ কি হ’ব? খেলিবলগীয়া একাদশত কোন কোন খেলুৱৈক নিৰ্বাচিত কৰা হ’ব? 

এদিনীয়া শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ঈশান কিষাণে। আনহাতে, যশস্বী জয়ছোৱালে টেষ্ট মেচত বেটিং কৰি বহুখিনি আপ্লুত কৰিছিল গতিকে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত কোনে স্থান লাভ কৰিব প্লেইং একাদশত? ঈশান কিষাণ নে যশস্বী জয়ছোৱাল? এই সিদ্ধান্ত দল পৰিচালনাৰ বাবে সহজ নহ’ব। ইয়াৰ বাহিৰেও তিলক বাৰ্মাক বিচাৰ কৰিব পাৰি। একে সময়তে হাৰ্ডিক পাণ্ডিয়াই টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিব। লগতে মিডল অৰ্ডাৰৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱৰ ওপৰত চকু থাকিব। 

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ  টি-২০ শৃংখলাৰ প্ৰথমখন খেল ট্ৰিনিদাদত অনুষ্ঠিত হ’ব। একে সময়তে ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন। ভাৰতীয় অনুৰাগীয়ে ডিডি স্প’ৰ্টছত লাইভ সম্প্ৰচাৰ চাব পাৰিব। ইয়াৰ উপৰিও আপুনি Fancode ত লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰিব।

সম্ভাৱনা থকা দলীয় একাদশঃ-
যশস্বী জয়ছোৱাল,ঈশান কিষাণ, শুভমন গীল, সঞ্জু চেমচন (wk), তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), অক্ষৰ পেটেল, আবেশ খান, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল আৰু উমৰান মালিক ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ