--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে মানৱ শৰীৰত গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। সপ্তাহত মুঠ আধা ঘণ্টাতকৈ অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১২ শতাংশ বৃদ্ধি হয়। নতুন গৱেষণাই এনে ধৰণৰ চাঞ্চল্যকৰ তথ্যই প্ৰকাশ কৰিছে।এতিয়া বিশ্বৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক লোকৰ হাতত  মোবাইল ফোন আছে। আৰু মোবাইলৰ পৰা নিৰ্গত হোৱা  ৰেডিঅ'ফ্ৰিকুৱেন্সিয়ে  শৰীৰত ৰক্তচাপ বৃদ্ধি কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।  

উচ্চ ৰক্তচাপৰ পৰাই সমগ্ৰ বিশ্বতে হৃদৰোগৰ আক্ৰমণ, ষ্ট্ৰোক আৰু অকাল মৃত্যু আদিৰ ঘটনাও বৃদ্ধি পাইছে । চীনৰ গুয়াংঝৌ চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষণাই দাবী কৰিছে যে আপুনি ফোনত কিমান সময় কথা কয় তাৰ ওপৰতো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে। আপুনি যিমান বেছি সময় মোবাইল ফোনত  কথা পাতিব, সিমানে বিপদৰ আশংকা  বেছি হ'ব।

 ইউৰোপিয়ান হাৰ্ট জাৰ্নেল ডিজিটেল হেল্থত প্ৰকাশিত গৱেশণাটোৰ তথ্য অনুসৰি  মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ কৰাসকলৰ বহুতৰে হৃদৰোগৰ আশংকা বেছি হয়।গৱেষণাটোত  ৩৭ ৰ পৰা ৭৩  বছৰ বয়সৰ মুঠ ২,১২,০৪৬ গৰাকী লোককলৈ  জৰীপ চলোৱা হৈছিল। তেওঁলোকে কিমান বছৰ ধৰি  মোবাইল ফোন ব্যৱহাৰ কৰিছে, সপ্তাহত কিমান ঘণ্টা তেওঁলোকে ফোনত কথা পাতে, কথা পাতোতে স্পীকাৰ ব্যৱহাৰ কৰে নেকি আদি প্ৰশ্নসমূহ গৱেষণাটোত সামৰি লোৱা হৈছিল। 

অধ্যয়নটোত পোৱা গৈছিল যে প্ৰতি সপ্তাহত ৩০ মিনিট বা ততোধিক সময় মোবাইল ফোনত কথা কোৱা সকলৰ ১২ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে। গৱেষণাটোত পুৰুষ আৰু মহিলাৰ বাবে একে ফলাফল প্ৰাপ্ত কৰা হৈছিল।

যিসকলে সপ্তাহত ৪ ৰ পৰা ৬ ঘণ্টা ফোনত কথা পাতি অতিবাহিত কৰে তেওঁলোকৰ এই বিপদাশংকা ২৫ শতাংশ। অৱশ্যে, যিসকলে দীৰ্ঘদিন ধৰি মোবাইল ফোন ব্যৱহাৰ কৰি আহিছে বা যিসকলে হেণ্ডচফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে কিমান বিপদাশংকা আছে সেয়া গৱেষণাটোত  স্পষ্ট কৰা হোৱা নাই।  বিশেষজ্ঞসকলে সকলোকে বিষয়টোৰ প্ৰতি সাৱধান হ'বলৈ আহ্বান জনাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ