--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালজিৰাৰ পৰা এবিধ তেল উলিয়াব পাৰি৷ তেনে তেল বজাৰত কিনিবলৈ পোৱা যায়৷ কালজিৰাৰ তেলে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ লগতে আন বহু ৰোগো প্ৰতিৰোধ কৰিব পাৰে৷ 

কালজিৰা এবিধ সকলোৰে পৰিচিত মচলা। সাধাৰণ -চৰ্দী আদিত মিঠাতেলৰ সৈতে কালজিৰা গৰম কৰি মালিছ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেৱল মছলা হিচাবেই নহয়, কালজিৰাৰ পৰা লাভ কৰা তেল বজাৰত কিনিবলৈ পোৱা যায়। কালজিৰাৰ তেলে আমাক বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
 
কালজিৰা বা কালঞ্জী তেল নাইজেলা ছেটিভা নামৰ গছৰ পৰা হোৱা ক’লা গুটিৰ পৰা প্ৰস্তুত কৰা হয়। ছাল আৰু চুলিৰ শ্ৰীবৃদ্ধিৰ বাবেও এই তেল  ব্যৱহাৰ কৰা হয়।

কালঞ্জী তেলৰ কেইটামান উপকাৰীতা এনেধৰণৰ  

কৰ্কট প্ৰতিৰোধী :

কালঞ্জী তেলত থকা কাৰ্চিন’জেনিক প্ৰপাৰ্টিয়ে কিছুমান ধৰণৰ কেঞ্চাৰ (ব্লাড কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, আন্ত্ৰিক কেঞ্চাৰ আদি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এগিলাচ সতেজ আঙুৰৰ ৰসত ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক।এই মিশ্ৰণখিনি প্ৰতিদিনে তিনিবাৰকৈ সেৱন কৰিলে ভাল ফল লাভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :

এক সংখ্যক মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়। কালঞ্জী তেলে আমাৰ ৰক্তচাপৰ পৰিমান নিয়ন্ত্ৰণ কৰি এইক্ষেত্ৰত সকাহ দিব পাৰে। মাত্ৰ ১/২ চাহ চামুচ তেল একাপ গৰম চাহ বা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাওক।

হৃদৰোগত উপকাৰী :

কাৰ্ডিঅ’ভেছকুলাৰ হেলথ্ ধৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী আৰু কালঞ্জী তেলে এইক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আপুনি ১/২ চাহ চামুচ তেল একাপ সতেজ ছাগলীৰ গাখীৰৰ সৈতে প্ৰতিদিনে ৰাতিপুৱা ২-৩ সপ্তাহ একেলেথাৰিয়ে খাওক। ইয়ে হাৰ্ট এটেক আৰু আন কাৰ্ডিঅ’ভেছকুলাৰ সমস্যা দূৰত থাকিব।

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ

কালঞ্জী তেলে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে, ইয়াক মধুমেহ প্ৰতিৰোধ তথা পৰিচালনাৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। একাপ সতেজ ব্লেক টীৰ (চাহৰ) সৈতে ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু নিশা ইয়াক সেৱন কৰিলে এমাহৰ ভিতৰত ভাল ফলাফল দিব পাৰে।

বৃক্কৰ পাত্থৰ :

একাপ গৰম পানীৰ সৈতে ২ চাহ চামুচ বিশুদ্ধ মৌ আৰু ১/২ চাহ চামুচ কালঞ্জী তেলৰ মিশ্ৰণ সেৱন আমাৰ কিডনিৰ বাবে অত্যন্ত উপযোগী। ই অংগসমূহক ইয়াৰ স্বাভাৱিক কামকাজ কৰি যোৱাত সহায় কৰাৰ লগতে পাত্থৰ হোৱাত বাধা দিয়ে।

চুলিৰ বাবেঃ

কালঞ্জি তেলত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টি-ইনফ্লেমেটৰী গুণো সৰ্বোত্তম।ইয়াক চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ তেলৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ই চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰে  আৰু চুলি পুনৰ গজোৱাত সহায় কৰে বুলি ভেষজ বিশাৰদসকলে  কৈ আহিছে।এনেদৰে কালজিৰাৰ তেল ব্যৱহাৰ কৰি আমি নিজকে বহু ৰোগৰ আশংকাৰ পৰা মুক্ত কৰি ৰাখিব পাৰো৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ