--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰটো আছিল আমিৰ খানৰ ৫৯ সংখ্যক জন্মদিন। এফালে তেওঁ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে কেক কাটি বিশেষ দিনটো উদযাপন কৰে, লগতে তেওঁৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগীৰ বাবে লাইভ প্ৰশ্নোত্তৰ অধিবেশনত অংশগ্ৰহণ কৰে। তেতিয়া আমিৰে তেওঁৰ পুৰণি বন্ধু শ্বাহৰুখ আৰু ছলমানৰ বিষয়ে এক বিশেষ ঘোষণা কৰি আচৰিত হ’ল।

শেহতীয়াকৈ অনন্ত আম্বানীৰ বিয়াত আমিৰৰ সৈতে মঞ্চত নাচি থকা দেখা গৈছিল শ্বাহৰুখ আৰু ছলমানক। ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। বৃহস্পতিবাৰে এজন অনুৰাগীয়ে আমিৰক সুধিছিল, এই তিনিজন ছুপাৰষ্টাৰক একেলগে এখন ছবিত দেখাৰ সম্ভাৱনা কিমান? উত্তৰত ‘মিষ্টাৰ পাৰফেকচনিষ্ট’য়ে কয় যে তেওঁ শ্বাহৰুখ আৰু ছলমানৰ সৈতে চিত্ৰগ্ৰহণ কৰিবলৈ ইচ্ছুক।

আমিৰে ক'লে, "আমাৰ তিনিওজন লগ পোৱাৰ সময়তহে বিষয়টো আলোচনা হৈছিল। আমি একেলগে এখন ছবি নিৰ্মাণ কৰা উচিত, কেৱল আমাৰ বাবেই নহয়, দৰ্শকৰ বাবে।'' আমিৰে লগতে স্পষ্ট কৰি দিয়ে যে তিনিওজনে সঠিক চিত্ৰনাট্যৰ বাবে অপেক্ষা কৰি আছে।

মন কৰিব যে ১৯৯৪ চনত আমিৰ আৰু ছলমান অভিনীত ছবি ‘আন্দজ আপনা’ মুক্তি লাভ কৰিছিল। আমিৰে কয় যে এই ছবিখনৰ ছিকুৱেলৰ কাম আৰম্ভ হৈছে। ৰাজকুমাৰ সন্তোষীয়ে ছবিখনৰ চিত্ৰনাট্য লিখিছে। আমিৰৰ ভাষাত "কাম আৰম্ভ হৈছে মাত্ৰ। গতিকে মই এতিয়া বেছি ক’ব নোৱাৰো। কিন্তু ক’ব পাৰি যে দৰ্শকে ছবিখন উপভোগ কৰিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী