--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন অভিনীত তেলেগু ছবি ‘পুষ্পা’ৰ ‘উ অন্থাভা’ গীতটোত সামন্ত ৰুথ প্ৰভুৰ নৃত্যই আজিও অনুৰাগীৰ হৃদয় থৰক-বৰক কৰি তুলিছে। আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাত ‘উ অন্থাভা’ গীতটোৱে মুখ্য ভূমিকা পালন কৰিছিল। কেৱল গীতৰ কথা বা সুৰেই নহয়, দক্ষিণৰ অভিনেত্ৰী সামান্থাৰ নৃত্যৰ খোজবোৰ এতিয়াও চৰ্চিত হৈ আছে। ২০২২ চনত মুক্তি পোৱা এই ছবিখনৰ গানটোৰে নিৰ্মাণ কৰা ইনষ্টাগ্ৰাম ৰিল ভিডিঅ’ৰ জনপ্ৰিয়তা এতিয়াও কমি যোৱা নাই।

সামান্থাই আগতে কেতিয়াও আইটেম গীতত নচা নাছিল। প্ৰথমবাৰৰ বাবে পুষ্পাত নাচিছিল। ইয়াৰ পিছত কোনো ছবিত নৃত্য নকৰে বুলিও কয় সামান্থাই। কিন্তু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁক চিনাকি কৰাই দিয়া গানত নাচি থাকোঁতে তেওঁৰ ভৰি দুখন কঁপি উঠিছিল।

এটা সাক্ষাৎকাৰত সামন্তই কয় যে, "উ অন্তাভা গীতৰ শ্বুটিংৰ প্ৰথম দিনাই মোৰ ভৰি দুখন কঁপিছিল। কাৰণ মই কেতিয়াও নিজকে আকৰ্ষণীয় বুলি ভবা নাছিলো। যোৱা কেইবছৰমানৰ পৰা এজন ব্যক্তি হিচাপে আৰু অভিনেতা হিচাপে মই বহুত পৰিপক্ক হৈছো। ইচ্ছাকৃতভাৱে নিজকে অস্বস্তিত পেলোৱা যেন লাগিল।'' 

এটা সময়ত সামন্থাই অনুৰাগীৰ অনুৰোধত বিৰক্ত হৈ পুনৰ ‘উ অন্তাভা’ গীতটোত নাচিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। আনকি, ‘পুষ্পা ২’ ছবিখনৰ আইটেম ছংৰ প্ৰস্তাৱ নাকচ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য