--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেলগে ৫টিকৈ কন্যা সন্তান জন্ম দিলে মহিলাই! ইতিমধ্যে তেওঁৰ আছে এজন পুত্ৰ সন্তান ৰাকীয়ে বিহাৰ-বংগ সীমান্তৰ ব্যক্তিগত নাৰ্চিং হোমত একেলগে পাঁচটিকৈ সন্তান জন্ম দি চৰ্চাত আহিছে।

আচৰিত কথাটো হ’ল এই স্বাভাৱিক প্ৰসৱটো কোনো অপাৰেচন নোহোৱাকৈয়ে হৈছিল। মাতৃ আৰু সন্তান সুস্থ বুলি জনাইছে ডাক্তৰে। বৰ্তমান পাঁচোটা নৱজাতক শিশু চিকিৎসকৰ তত্বাৱধানত আছে। 

জানিব পৰা মতে কিছানগঞ্জ জিলাৰ ঠাকুৰগঞ্জ ব্লকৰ জল মিলিক গাঁৱৰ নিবাসী জাভেদ আলমৰ পত্নী তাহেৰা বেগমে শনিবাৰে একেলগে ৫ গৰাকী কন্যা সন্তান জন্ম দিয়ে।

ব্যক্তিগত নাৰ্চিং হোমৰ চিকিৎসক ডাঃ ফাৰ্জানা নূৰীৰ নেতৃত্বত সফল প্ৰসৱ সম্পন্ন কৰা হয়। তেওঁ কয় যে মহিলাগৰাকী দুমাহৰ গৰ্ভৱতী হোৱাৰ পৰাই চিকিৎসাধীন হৈ আছিল। তেওঁ কয় যে আল্ট্ৰাছ’নোগ্ৰাফীৰ জৰিয়তে মহিলাগৰাকীৰ গৰ্ভত পাঁচটা নৱজাতক বাঢ়ি অহাৰ কথা জানিব পৰা গৈছিল।

গৰ্ভৱতী মহিলাগৰাকীয়ে এই কথা গম পাই প্ৰথমে ভয় খাইছিল। পিছত তেওঁ উৎসাহিত হৈ একেলগে পাঁচজনী ছোৱালী জন্ম দিলে। 

বৰ্তমান সময়ত মাতৃ আৰু সন্তানৰ স্বাস্থ্য ঠিকেই আছে। পাঁচটা সন্তান জন্ম দিয়া তাহেৰা বেগমে কয় যে ইতিমধ্যে তেওঁৰ এজন পুত্ৰ সন্তান আছে। তেওঁ কয় যে গৰ্ভাৱস্থাৰ দুমাহৰ ভিতৰত প্ৰথম আল্ট্ৰাছাউণ্ডত চাৰিটা সন্তানৰ উপস্থিতি ধৰা পৰিছিল। পিছত পৰৱৰ্তী আল্ট্ৰাছাউণ্ডত পাঁচটা সন্তান থকা বুলি গম পোৱা গ’ল। স্বামী জাভেদ আলম পেছাত এগৰাকী মজদুৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ