--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেলগে ৫টিকৈ কন্যা সন্তান জন্ম দিলে মহিলাই! ইতিমধ্যে তেওঁৰ আছে এজন পুত্ৰ সন্তান ৰাকীয়ে বিহাৰ-বংগ সীমান্তৰ ব্যক্তিগত নাৰ্চিং হোমত একেলগে পাঁচটিকৈ সন্তান জন্ম দি চৰ্চাত আহিছে।

আচৰিত কথাটো হ’ল এই স্বাভাৱিক প্ৰসৱটো কোনো অপাৰেচন নোহোৱাকৈয়ে হৈছিল। মাতৃ আৰু সন্তান সুস্থ বুলি জনাইছে ডাক্তৰে। বৰ্তমান পাঁচোটা নৱজাতক শিশু চিকিৎসকৰ তত্বাৱধানত আছে। 

জানিব পৰা মতে কিছানগঞ্জ জিলাৰ ঠাকুৰগঞ্জ ব্লকৰ জল মিলিক গাঁৱৰ নিবাসী জাভেদ আলমৰ পত্নী তাহেৰা বেগমে শনিবাৰে একেলগে ৫ গৰাকী কন্যা সন্তান জন্ম দিয়ে।

ব্যক্তিগত নাৰ্চিং হোমৰ চিকিৎসক ডাঃ ফাৰ্জানা নূৰীৰ নেতৃত্বত সফল প্ৰসৱ সম্পন্ন কৰা হয়। তেওঁ কয় যে মহিলাগৰাকী দুমাহৰ গৰ্ভৱতী হোৱাৰ পৰাই চিকিৎসাধীন হৈ আছিল। তেওঁ কয় যে আল্ট্ৰাছ’নোগ্ৰাফীৰ জৰিয়তে মহিলাগৰাকীৰ গৰ্ভত পাঁচটা নৱজাতক বাঢ়ি অহাৰ কথা জানিব পৰা গৈছিল।

গৰ্ভৱতী মহিলাগৰাকীয়ে এই কথা গম পাই প্ৰথমে ভয় খাইছিল। পিছত তেওঁ উৎসাহিত হৈ একেলগে পাঁচজনী ছোৱালী জন্ম দিলে। 

বৰ্তমান সময়ত মাতৃ আৰু সন্তানৰ স্বাস্থ্য ঠিকেই আছে। পাঁচটা সন্তান জন্ম দিয়া তাহেৰা বেগমে কয় যে ইতিমধ্যে তেওঁৰ এজন পুত্ৰ সন্তান আছে। তেওঁ কয় যে গৰ্ভাৱস্থাৰ দুমাহৰ ভিতৰত প্ৰথম আল্ট্ৰাছাউণ্ডত চাৰিটা সন্তানৰ উপস্থিতি ধৰা পৰিছিল। পিছত পৰৱৰ্তী আল্ট্ৰাছাউণ্ডত পাঁচটা সন্তান থকা বুলি গম পোৱা গ’ল। স্বামী জাভেদ আলম পেছাত এগৰাকী মজদুৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু