--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰ জগতত তাৰকাসকলৰ অভিনয় দক্ষতাৰ পৰা  তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে সকলো কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা দেখা যায়। বিশেষকৈ, তাৰকাসকলৰ বিভিন্ন ফেশ্বন সংবেদন বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন অজ্ঞাত কাহিনী সময়ে সময়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়।  বলীউড জগতৰ এক লেখত ল’বলগীয়া  নক্ষত্ৰ হৈছে অমিতাভ বচ্চন। বলীউডত দিনে দিনে বহুতো উজ্জ্বল তাৰকাৰ আৱিৰ্ভাব ঘটিলেও বিগ-বিৰ কৰিশ্মা ম্লান পৰা নাই।  বলীউডৰ শেহেনশ্বাহে বিগত পাঁচ দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীসকলৰ হৃদয় জয় কৰি আহিছে। অৱশ্যে, এই জনপ্ৰিয় তাৰকাগৰাকীৰ কেৰিয়াৰৰ লগতে ব্যক্তিগত জীৱনৰো চৰ্চা হোৱা প্ৰায় দেখা যায়। সম্প্ৰতি পুনৰ চৰ্চালৈ আহিছে বিগ-বি। 
 
বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈ হোৱা বিতৰ্কৰ বিষয়ে ইতিমধ্যে সকলোৱে অৱগত।  ৰেখা, জয়া আৰু অমিতাভ বচ্চনৰ লাভ ট্ৰাইংগেলৰ বিষয়টো  ইণ্টাৰনেটতো ব্যাপকভাৱে ছুপাৰহিট হোৱা দেখিবলৈ পোৱা যায়।

ৰিয়েল লাইফত তাৰকাসকলে অমিতাভ বচ্চন, ৰেখা আৰু জয়া একেলগে যিকোনো ঠাইত দেখা পোৱা নাযায়। অৱশ্যে, কেইবছৰমান আগতে বলীউড জগতৰ এই ত্ৰিমূৰ্তি একেটা  অনুষ্ঠানত উপস্থিত হৈছিল। সকলোকে আচৰিত কৰি অমিতাভ বচ্চনে ৰেখাৰ উপস্থিতিতে তেওঁৰ পত্নী জয়া বচ্চনৰ প্ৰতি থকা মৰম মুকলিকৈ প্ৰকাশ কৰিছিল। অন কেমেৰাত সকলোৰে সন্মুখত বলীউড শেহেনশ্বাহে জয়া বচ্চনক চুম্বন কৰিছিল।

স্মৰ্তব্য যে, ২০১৪ চনৰ ১৪ জানুৱাৰীত মুম্বাইত এক বঁটা প্ৰদান অনুষ্ঠানত বঁটাৰ বাবে নাম ঘোষণা কৰা হৈছিল অমিতাভ বচ্চনৰ। নাম ঘোষণা কৰাৰ লগে লগে, বিগ-বিয়ে সকলোৰে সন্মুখত জয়া বচ্চনক চুম্বন কৰিছিল। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে অমিতাভ-জয়াৰ এই চুম্বন। অমিতাভ বচ্চনে ৰেখাক দেখুৱাবলৈ জয়াৰ সৈতে এনে কাৰ্য কৰা বুলি আশংকা প্ৰকাশ কৰিছে একাংশ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু