--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰ জগতত তাৰকাসকলৰ অভিনয় দক্ষতাৰ পৰা  তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে সকলো কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা দেখা যায়। বিশেষকৈ, তাৰকাসকলৰ বিভিন্ন ফেশ্বন সংবেদন বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন অজ্ঞাত কাহিনী সময়ে সময়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়।  বলীউড জগতৰ এক লেখত ল’বলগীয়া  নক্ষত্ৰ হৈছে অমিতাভ বচ্চন। বলীউডত দিনে দিনে বহুতো উজ্জ্বল তাৰকাৰ আৱিৰ্ভাব ঘটিলেও বিগ-বিৰ কৰিশ্মা ম্লান পৰা নাই।  বলীউডৰ শেহেনশ্বাহে বিগত পাঁচ দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীসকলৰ হৃদয় জয় কৰি আহিছে। অৱশ্যে, এই জনপ্ৰিয় তাৰকাগৰাকীৰ কেৰিয়াৰৰ লগতে ব্যক্তিগত জীৱনৰো চৰ্চা হোৱা প্ৰায় দেখা যায়। সম্প্ৰতি পুনৰ চৰ্চালৈ আহিছে বিগ-বি। 
 
বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈ হোৱা বিতৰ্কৰ বিষয়ে ইতিমধ্যে সকলোৱে অৱগত।  ৰেখা, জয়া আৰু অমিতাভ বচ্চনৰ লাভ ট্ৰাইংগেলৰ বিষয়টো  ইণ্টাৰনেটতো ব্যাপকভাৱে ছুপাৰহিট হোৱা দেখিবলৈ পোৱা যায়।

ৰিয়েল লাইফত তাৰকাসকলে অমিতাভ বচ্চন, ৰেখা আৰু জয়া একেলগে যিকোনো ঠাইত দেখা পোৱা নাযায়। অৱশ্যে, কেইবছৰমান আগতে বলীউড জগতৰ এই ত্ৰিমূৰ্তি একেটা  অনুষ্ঠানত উপস্থিত হৈছিল। সকলোকে আচৰিত কৰি অমিতাভ বচ্চনে ৰেখাৰ উপস্থিতিতে তেওঁৰ পত্নী জয়া বচ্চনৰ প্ৰতি থকা মৰম মুকলিকৈ প্ৰকাশ কৰিছিল। অন কেমেৰাত সকলোৰে সন্মুখত বলীউড শেহেনশ্বাহে জয়া বচ্চনক চুম্বন কৰিছিল।

স্মৰ্তব্য যে, ২০১৪ চনৰ ১৪ জানুৱাৰীত মুম্বাইত এক বঁটা প্ৰদান অনুষ্ঠানত বঁটাৰ বাবে নাম ঘোষণা কৰা হৈছিল অমিতাভ বচ্চনৰ। নাম ঘোষণা কৰাৰ লগে লগে, বিগ-বিয়ে সকলোৰে সন্মুখত জয়া বচ্চনক চুম্বন কৰিছিল। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে অমিতাভ-জয়াৰ এই চুম্বন। অমিতাভ বচ্চনে ৰেখাক দেখুৱাবলৈ জয়াৰ সৈতে এনে কাৰ্য কৰা বুলি আশংকা প্ৰকাশ কৰিছে একাংশ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement