--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এটা সময় আছিল, সকলোৰে মুখে মুখে তেতিয়া কেৱল অভিনেত্ৰী জুহি চাওলাৰ নাম। আমিৰ খানে হওক বা শ্বাহৰুখ খান বলীউডৰ বহু নামী দামী তাৰকাৰ সৈতে একাধিক চলচ্চিত্ৰত অভিনয় কৰিছে জুহি চাওলাই।  প্ৰতিখন চলচ্চিত্ৰই হৈছিল ছুপাৰ-ডুপাৰ হিট।  ১৯৯৭ চনৰ ২৮ নৱেম্বৰত ইশ্ক ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখনত অজয় দেৱগন, আমিৰ খান, জুহি চাওলা আৰু কাজলৰ দৰে তাৰকাই অভিনয় কৰিছিল। অলপতে, ছবিখনে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে।২৫টা বছৰ গৰকিলেও ছবিখনৰ পটভূমি দৰ্শকৰ মনত আজিও সজীৱ। বক্স অফিছতো ছবিখনে পাইছিল সৌহাৰ্দপূৰ্ণ সঁহাৰি।শেহতীয়াকৈ এঅই ছবিখনৰ কাহিনীৰ পটভূমি পূনৰ চৰ্চালৈ আহিছে। চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুহি চাওলা আৰু আমিৰ খান। এই ছবিখনৰ সময়তে দুয়োৰে মাজত দেখা দিছিল মনোমালিন্যই।  ছবিৰ শ্বুটিঙৰ সময়তে ভাঙি গৈছিল এটা যুটি। দৰাচলতে আমিৰ খানে তেওঁৰ বন্ধুবৰ্গৰ সৈতে হাঁহি-তামাছা কৰি ভাল পাইছিল। তেওঁ সদায় তেওঁৰ বন্ধু আৰু সহ-তাৰকাসকলৰ সৈতে আনন্দ কৰি আছিল। কিন্তু জুহি চাওলাই আমিৰ খানৰ এনে আচৰণ একেবাৰে পছন্দ কৰা নাছিল। ইয়াৰ পাছত আৰু দুয়োকে কোনো ছবিত একেলগে দেখা পোৱা নাই চলচ্চিত্ৰপ্ৰেমীয়ে।

আমিৰে জুহিক কৈছিল যে তেওঁ জ্যোতিষশাস্ত্ৰ জানে আৰু আমিৰে জুহি চাওলাৰ হাত চাব বিচাৰিছিল। আমিৰ খানে যেতিয়াই জুহিক হাত চোৱাৰ কথা কয় তেতিয়াই আমিৰে জুহিৰ হাতত থুৱাইছিল। এই ঘটনাৰ পাছতে জুহিয়ে মাতবোল বন্ধ কৰি দিছিল আমিৰৰ সৈতে। অৱশ্যে, তেওঁলোকে ছবিখনৰ দৃশ্যগ্ৰহণৰ ওপৰত কোনো প্ৰভাৱ পৰিব নিদিলে। দৃশ্যগ্ৰহণৰ সময়ত জুহি য'তেই আছিল তাত আমিৰক দেখা পোৱা নগৈছিল। দুয়োজনে যেতিয়া এটা শ্বট দিব লগা হৈছিল তেতিয়াহে একেলগে দেখিবলৈ পোৱা গৈছিল।
অৱশ্যে, এক সাক্ষাৎকাৰত আমিৰ খানে কৈছিল যে ছবিখনৰ মুক্তিৰ প্ৰায় ৭ বছৰ পিছত, এদিন জুহি চাওলাই হঠাতে আমিৰক ফোন কৰিছিল। ফোন কৰাৰ মুখ্য কাৰণ আছিল আমিৰ খানৰ বিবাহ বিচ্ছেদ। অৱশ্যে, এতিয়া জুহি-আমিৰৰ মাজত আছে ভাল সম্পৰ্ক। আগন্তুক সময়ত আমিৰৰ আহিবলগীয়া ছবি লাল সিং চাড্ডাত পুনৰ একেলগে দেখিবলৈ পোৱা যাব এই যুটিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক