--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এটা সময় আছিল, সকলোৰে মুখে মুখে তেতিয়া কেৱল অভিনেত্ৰী জুহি চাওলাৰ নাম। আমিৰ খানে হওক বা শ্বাহৰুখ খান বলীউডৰ বহু নামী দামী তাৰকাৰ সৈতে একাধিক চলচ্চিত্ৰত অভিনয় কৰিছে জুহি চাওলাই।  প্ৰতিখন চলচ্চিত্ৰই হৈছিল ছুপাৰ-ডুপাৰ হিট।  ১৯৯৭ চনৰ ২৮ নৱেম্বৰত ইশ্ক ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখনত অজয় দেৱগন, আমিৰ খান, জুহি চাওলা আৰু কাজলৰ দৰে তাৰকাই অভিনয় কৰিছিল। অলপতে, ছবিখনে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে।২৫টা বছৰ গৰকিলেও ছবিখনৰ পটভূমি দৰ্শকৰ মনত আজিও সজীৱ। বক্স অফিছতো ছবিখনে পাইছিল সৌহাৰ্দপূৰ্ণ সঁহাৰি।শেহতীয়াকৈ এঅই ছবিখনৰ কাহিনীৰ পটভূমি পূনৰ চৰ্চালৈ আহিছে। চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুহি চাওলা আৰু আমিৰ খান। এই ছবিখনৰ সময়তে দুয়োৰে মাজত দেখা দিছিল মনোমালিন্যই।  ছবিৰ শ্বুটিঙৰ সময়তে ভাঙি গৈছিল এটা যুটি। দৰাচলতে আমিৰ খানে তেওঁৰ বন্ধুবৰ্গৰ সৈতে হাঁহি-তামাছা কৰি ভাল পাইছিল। তেওঁ সদায় তেওঁৰ বন্ধু আৰু সহ-তাৰকাসকলৰ সৈতে আনন্দ কৰি আছিল। কিন্তু জুহি চাওলাই আমিৰ খানৰ এনে আচৰণ একেবাৰে পছন্দ কৰা নাছিল। ইয়াৰ পাছত আৰু দুয়োকে কোনো ছবিত একেলগে দেখা পোৱা নাই চলচ্চিত্ৰপ্ৰেমীয়ে।

আমিৰে জুহিক কৈছিল যে তেওঁ জ্যোতিষশাস্ত্ৰ জানে আৰু আমিৰে জুহি চাওলাৰ হাত চাব বিচাৰিছিল। আমিৰ খানে যেতিয়াই জুহিক হাত চোৱাৰ কথা কয় তেতিয়াই আমিৰে জুহিৰ হাতত থুৱাইছিল। এই ঘটনাৰ পাছতে জুহিয়ে মাতবোল বন্ধ কৰি দিছিল আমিৰৰ সৈতে। অৱশ্যে, তেওঁলোকে ছবিখনৰ দৃশ্যগ্ৰহণৰ ওপৰত কোনো প্ৰভাৱ পৰিব নিদিলে। দৃশ্যগ্ৰহণৰ সময়ত জুহি য'তেই আছিল তাত আমিৰক দেখা পোৱা নগৈছিল। দুয়োজনে যেতিয়া এটা শ্বট দিব লগা হৈছিল তেতিয়াহে একেলগে দেখিবলৈ পোৱা গৈছিল।
অৱশ্যে, এক সাক্ষাৎকাৰত আমিৰ খানে কৈছিল যে ছবিখনৰ মুক্তিৰ প্ৰায় ৭ বছৰ পিছত, এদিন জুহি চাওলাই হঠাতে আমিৰক ফোন কৰিছিল। ফোন কৰাৰ মুখ্য কাৰণ আছিল আমিৰ খানৰ বিবাহ বিচ্ছেদ। অৱশ্যে, এতিয়া জুহি-আমিৰৰ মাজত আছে ভাল সম্পৰ্ক। আগন্তুক সময়ত আমিৰৰ আহিবলগীয়া ছবি লাল সিং চাড্ডাত পুনৰ একেলগে দেখিবলৈ পোৱা যাব এই যুটিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু