--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : থাইলেণ্ডৰ সমুত ছংখ্ৰাম প্ৰদেশৰ মেকলং ৰে’লৱে ষ্টেচনটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ষ্টেচনটো ‘ৰোম হুপ মাৰ্কেট’ৰ কাষতে অৱস্থিত। যদিও ই এখন সাধাৰণ বজাৰ য’ত সাগৰীয় খাদ্য, শাক-পাচলি, ফলমূল, মাংস-মাছ আৰু অন্যান্য বিবিধ সামগ্ৰী উপলব্ধ কিন্তু এটা কথাই এই বজাৰখনক অতি বিশেষ কৰি তুলিছে।

 এই বজাৰখনক ‘জীৱন বিপজ্জনক’ বুলিও কোৱা হয় কাৰণ ইয়াৰ দোকানবোৰ ‘মে ক্লং-বান লেম’ ৰে’লপথৰ ঠিক কাষতে অৱস্থিত। এইটো মহাচাই আৰু মাই ক্লংৰ মাজত এটা চুটি ৰে’লপথ। থাইলেণ্ড পৰ্যটন ৱেবছাইটৰ তথ্য অনুসৰি ১০০ মিটাৰ ব্যাসাৰ্ধত বিস্তৃত এই বজাৰখন পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকে।

 বজাৰত দোকানীসকলে ৰ’দৰ পৰা হাত সাৰিবলৈ ছাতি বা কেনভাছ ব্যৱহাৰ কৰে। গ্ৰাহকে বজাৰ কৰা ৰে’লপথটো সামগ্ৰীৰ ভৰায় লয়। কিন্তু আহি থকা ৰে’লৰ শব্দ শুনাত হঠাৎ বজাৰত হুলস্থুলৰ সৃষ্টি হয়। দোকানৰ ছাতি আৰু কেনভাছ বন্ধ কৰাৰ সমান্তৰালকৈ দোকানীসকলে সকলো সামগ্ৰী আঁতৰাবলৈ আৰম্ভ কৰে যাতে ৰে’ল যাত্ৰাত কোনো সমস্যা নহয়।

 ইয়াৰ এটা পোষ্ট টুইটাৰত শ্বেয়াৰ কৰি লিখিলে যে ‘মাকলং ৰে’লৱে মাৰ্কেট, থাইলেণ্ড মাজত ৰে’লপথ থকা এখন বজাৰ’। বহু ইয়াৰ ওপৰত মন্তব্য আগবঢ়াই লিখিলে ‘এইটো অনলাইন শ্বপিঙৰ মূল সংস্কৰণ।’









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ