--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে জীৱনত বহু উত্থান-পতনৰ সন্মুখীন হ’বলগীয়া হয়। সকলোৱে বহুত কষ্ট কৰি উপাৰ্জন কৰে, যাতে পৰিয়ালটোৱে সুখ-সমৃদ্ধিৰে জীৱন কটাব পাৰে। কিন্তু বহু সময়ত মানুহে কষ্ট কৰিও তাৰ উচিত ফল নাপায়। এনে পৰিস্থিতিত ব্যক্তিজনে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। এই সকলোবোৰৰ কাৰণ হ’ল বাস্তুদোষ আৰু ৰাশিফলৰ গ্ৰহৰ দোষ।

 আৰ্থিক সংকটে সময়ে সময়ে বহু লোকক সমস্যাত পেলায়। কিন্তু জ্যোতিষশাস্ত্ৰত বহু ধৰণে আৰ্থিক সংকটৰ পৰা মুক্তি পোৱাৰ উপায় দিছে। জ্যোতিষশাস্ত্ৰৰ মতে এটকা মুদ্ৰাৰ এই মাপকাঠিৰে আৰ্থিক সমস্যাৰ পৰা মুক্তি দিব পাৰে। জ্যোতিষশাস্ত্ৰৰ এই প্ৰতিকাৰৰ বিষয়ে জানো আহক।

 ধনৰ সমস্যা সমাধানৰ প্ৰতিকাৰ-

যদি আপুনি আৰ্থিক সংকটৰ সন্মুখীন হৈছে, তেন্তে এমুঠি চাউল আৰু এটকাৰ মুদ্ৰা লৈ মন্দিৰলৈ গৈ ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰক। ইয়াৰ পাছত মন্দিৰৰ এটা চুকত চাউল আৰু এটকীয়া মুদ্ৰাটো ৰাখি আহিব। মনত ৰাখিব যে এই কামটো মনে মনে কৰিব লাগে, ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাৰ দূৰ হ’ব।

 আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ-

জ্যোতিষশাস্ত্ৰৰ মতে, আৰ্থিক সংকট দূৰ কৰিবলৈ শুকুৰবাৰে ঘৰৰ মন্দিৰত পূজা কৰাৰ পিছত পানীৰে ভৰা এটা কলহ ৰাখক। ইয়াৰ পাছত কলহটোত কেশৰেৰে স্বস্তিকা বনাই তাত এটকাৰ মুদ্ৰা এটা দিব। ইয়াৰ লগে লগে মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু সুখ-সমৃদ্ধি বৃদ্ধি হৈ আৰ্থিক অৱস্থা সুদৃঢ় হ’ব।

 আৰ্থিক সমস্যা দূৰ হ’ব-

যদি আপুনি জীৱনত বহুত টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এটা টকাৰ মুদ্ৰা পাৰ্চ বা মানিবেগত ভৰাই থওক। ইয়াৰ পাছত মুদ্ৰাৰ লগতে এটা ময়ুৰৰ পাখি ৰাখক। এনে কৰিলে ব্যক্তিজনৰ পাৰ্চ কেতিয়াও খালী নহয়। আৰু ব্যক্তিজনে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহ’ব।

 দূৰ হ’ব দৰিদ্ৰতা-

দৰিদ্ৰতাৰ বাবে এজন ব্যক্তিয়ে ধনৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল দুৱাৰত এটা পঞ্চমুখী চাকি জ্বলাই তাত এটকীয়া মুদ্ৰা দিব। এনে কৰিলে মালক্ষ্মীৰ আগমন ঘটে আৰু ঋণাত্মক শক্তি আঁতৰি যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ