--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ উদ্বিগ্নতা, উত্তেজনা এতিয়াও সম্পূৰ্ণৰূপে প্ৰশমিত হোৱা নাই। দুই দেশৰ সৈনিকৰ মাজত যোৱাটো বছৰত সৃষ্টি হোৱা ব্যাপক সংঘাতময় পৰিস্থিতি আৰু ৰক্তক্ষয়ৰ পাছত দুয়ো দেশে সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও চীনৰ কাৰচাজি এতিয়াও অন্ত হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যৰ এনে ভাৰতবিৰোধী পদক্ষেপ পুনৰ পোহৰলৈ আহিছে। চোৰাংচোৱাৰ তথ্যত প্ৰকাশ পাইছে যে, ভাৰত-চীন সীমান্তত চীনে নতুন আন্তঃগাথনি নিৰ্মাণ কৰিছে।

অপেন ছ’ৰ্ছ ইণ্টেলিজেন্স ‘ইণ্টেল লেব’ৰ মতে চীনে পেংগোং লেকৰ ওপৰত এখন দলং নিৰ্মাণ কৰিছে। এই দলং নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলেই চীনা সৈনিকে ঝিলৰ উত্তৰ আৰু দক্ষিণ এলেকাত সহজে অহাযোৱা কৰিব পাৰিব। প্ৰায় ১৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পেংগোং হ্ৰদৰ দুই তৃতীয়াংশ অৰ্থাৎ প্ৰায় ১০০ কিলোমিটাৰ চীনৰ অংশ। সেয়েহে চীনা সৈন্যক ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ নাৱৰ সহায় ল’বলগীয়া হয়। কিন্তু দলংখন নিৰ্মাণ হৈ উঠিলেই ইপাৰ সিপাৰ হোৱাটো তেওঁলোকৰ কাৰণে অতি সহজ হৈ পৰিব। অৱশ্যে চীনৰ এই দলংখনে ভাৰতৰ সীমান্ত অতিক্ৰম কৰা নাই। তেওঁলোকে নিজৰ ভূমিতে এই দলং নিৰ্মাণ কৰিছে।

‘ইণ্টেল লেবে’ এই দলঙৰ ছেটেলাইট আলোকচিত্ৰও প্ৰকাশ কৰিছে। ২০১৯চনত পেংগোং হ্ৰদৰ ঝিলৰ উত্তৰ আৰু দক্ষিণ দুয়োটা প্ৰান্ততে ভাৰত আৰু চীনৰ সৈন্যৰ মাজত বিবাদ হৈছিল। অৱশ্যে পাছত দুয়োঠাইৰে পৰা দুয়ো দেশে সৈন্য অপসাৰণ কৰিছিল। চীনে নিৰ্মাণ কৰা এই দলঙক লৈ ভাৰতীয় সেনাই কোনো মন্তব্য এতিয়ালৈ প্ৰকাশ কৰা নাই। অৱশ্যে ভাৰতেও প্ৰকৃত নিয়ন্ত্ৰণৰেখা বা এলএচিৰ নিজা অংশত দলং আৰু পথ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। যোৱা সপ্তাহত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এলএচিত কেইবাখনো দলং অনলাইনৰ জৰিয়তে মুকলি কৰিছিল।


ভাৰত-চীন সীমান্তৰ এই বিবদমান অঞ্চলটোত চীনা সৈন্যৰ আগ্ৰাসন আৰু আন্তঃগাথনি উন্নয়ন আদি যে, ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ নিৰন্তৰ প্ৰয়াসৰ বাহিৰে আন একো একো নহয় সেয়া স্পষ্ট হৈ পৰিছে। ভাৰতে এই চাপৰ সৈতে মোকাবিলা কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন