--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ উদ্বিগ্নতা, উত্তেজনা এতিয়াও সম্পূৰ্ণৰূপে প্ৰশমিত হোৱা নাই। দুই দেশৰ সৈনিকৰ মাজত যোৱাটো বছৰত সৃষ্টি হোৱা ব্যাপক সংঘাতময় পৰিস্থিতি আৰু ৰক্তক্ষয়ৰ পাছত দুয়ো দেশে সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও চীনৰ কাৰচাজি এতিয়াও অন্ত হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যৰ এনে ভাৰতবিৰোধী পদক্ষেপ পুনৰ পোহৰলৈ আহিছে। চোৰাংচোৱাৰ তথ্যত প্ৰকাশ পাইছে যে, ভাৰত-চীন সীমান্তত চীনে নতুন আন্তঃগাথনি নিৰ্মাণ কৰিছে।

অপেন ছ’ৰ্ছ ইণ্টেলিজেন্স ‘ইণ্টেল লেব’ৰ মতে চীনে পেংগোং লেকৰ ওপৰত এখন দলং নিৰ্মাণ কৰিছে। এই দলং নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলেই চীনা সৈনিকে ঝিলৰ উত্তৰ আৰু দক্ষিণ এলেকাত সহজে অহাযোৱা কৰিব পাৰিব। প্ৰায় ১৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পেংগোং হ্ৰদৰ দুই তৃতীয়াংশ অৰ্থাৎ প্ৰায় ১০০ কিলোমিটাৰ চীনৰ অংশ। সেয়েহে চীনা সৈন্যক ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ নাৱৰ সহায় ল’বলগীয়া হয়। কিন্তু দলংখন নিৰ্মাণ হৈ উঠিলেই ইপাৰ সিপাৰ হোৱাটো তেওঁলোকৰ কাৰণে অতি সহজ হৈ পৰিব। অৱশ্যে চীনৰ এই দলংখনে ভাৰতৰ সীমান্ত অতিক্ৰম কৰা নাই। তেওঁলোকে নিজৰ ভূমিতে এই দলং নিৰ্মাণ কৰিছে।

‘ইণ্টেল লেবে’ এই দলঙৰ ছেটেলাইট আলোকচিত্ৰও প্ৰকাশ কৰিছে। ২০১৯চনত পেংগোং হ্ৰদৰ ঝিলৰ উত্তৰ আৰু দক্ষিণ দুয়োটা প্ৰান্ততে ভাৰত আৰু চীনৰ সৈন্যৰ মাজত বিবাদ হৈছিল। অৱশ্যে পাছত দুয়োঠাইৰে পৰা দুয়ো দেশে সৈন্য অপসাৰণ কৰিছিল। চীনে নিৰ্মাণ কৰা এই দলঙক লৈ ভাৰতীয় সেনাই কোনো মন্তব্য এতিয়ালৈ প্ৰকাশ কৰা নাই। অৱশ্যে ভাৰতেও প্ৰকৃত নিয়ন্ত্ৰণৰেখা বা এলএচিৰ নিজা অংশত দলং আৰু পথ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। যোৱা সপ্তাহত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এলএচিত কেইবাখনো দলং অনলাইনৰ জৰিয়তে মুকলি কৰিছিল।


ভাৰত-চীন সীমান্তৰ এই বিবদমান অঞ্চলটোত চীনা সৈন্যৰ আগ্ৰাসন আৰু আন্তঃগাথনি উন্নয়ন আদি যে, ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ নিৰন্তৰ প্ৰয়াসৰ বাহিৰে আন একো একো নহয় সেয়া স্পষ্ট হৈ পৰিছে। ভাৰতে এই চাপৰ সৈতে মোকাবিলা কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক