--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডুবাইৰ ৰিয়েলটি ফাৰ্ম এমাৰ প্ৰপাৰ্টিজে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ৫ লাখ বৰ্গফুটৰ শ্বপিং মল মুকলি কৰিব। এই প্ৰকল্পটোত বিনিয়োগৰ বাবে ডুবাই আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, এই কথা এমাৰে এক বিবৃতিত উল্লেখ কৰে। উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত অঞ্চলত এয়া প্ৰথম গুৰুত্বপূৰ্ণ এফডিআই বিনিয়োগ৷ চুক্তি অনুসৰি, এমাৰে শ্ৰীনগৰত ৫,০০,০০০ বৰ্গফুট আকাৰৰ 'এমাৰ মল' মুকলি কৰিব।

ইউএইৰ ৰাষ্ট্ৰদূত এইচ ই আহমেদ আব্দুল ৰহমান আলবান্নাই কয় যে "ইএমএআৰ এই প্ৰকল্পটো জম্মু আৰু কাশ্মীৰৰ এক গুৰুত্বপূৰ্ণ স্থানত হ'ব। এই প্ৰকল্পটোৰ ইএমএআৰ আৰু সকলো অংশীদাৰক অভিনন্দন জনাইছো, আৰু নিশ্চিত যে আমি অদূৰ ভৱিষ্যতে এনে ধৰণৰ বহুতো প্ৰকল্প দেখিম,"

এমাৰৰ প্ৰতিষ্ঠাপক মহম্মদ আলাব্বাৰে ক’য় যে, কোম্পানীটোৱে জম্মু-কাশ্মীৰৰ বাসিন্দা আৰু পৰ্যটকসকলৰ বাবে এক বিশ্বমানৰ শ্বপিং মল নিৰ্মাণ কৰিব৷ এফডিআই প্ৰকল্পটোৱে ইউএই আৰু ভাৰতৰ মাজৰ ঘনিষ্ঠ ভাতৃত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতিফলন কৰিব। যোৱা মাহত, জম্মু আৰু কাশ্মীৰ চৰকাৰে জম্মুত অনুষ্ঠিত এক ৰিয়েল ইষ্টেট সন্মিলনত প্ৰায় ১৯,০০০ কোটি টকাৰ ৩৯ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি দেশৰ ৰিয়েল ইষ্টেট বিনিয়োগকাৰীসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটো মুকলি কৰিছিল।

২০০৫ ত, এমাৰ প্ৰপাৰ্টিজে ভাৰতৰ এমজিএফ গোটৰ সৈতে অংশীদাৰীত্বত ভাৰতীয় ৰিয়েল ইষ্টেট বজাৰত প্ৰৱেশ কৰিছিল আৰু যুটীয়া উদ্যোগ এমাৰ এমজিএফ লেণ্ডৰ জৰিয়তে ৮,৫০০ কোটি টকা বিনিয়োগ কৰিছিল। শেহতীয়াকৈ এমাৰ ইণ্ডিয়াই দিল্লী-এনচিআৰ আৰু পঞ্জাৱত ৰিয়েল ইষ্টেট প্ৰকল্প কামত লাগি আছে৷

যোৱা মাহত জম্মুত ৰিয়েল ইষ্টেট সন্মিলনত জম্মু-কাশ্মীৰ প্ৰশাসনে প্ৰায় ১৯,০০০ কোটি টকাৰ ৩৯ খন বুজাবুজিচুক্তি স্বাক্ষৰ কৰি দেশৰ ৰিয়েল ইষ্টেট বিনিয়োগকাৰীসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল মুকলি কৰে। গৃহ নিৰ্মাণ প্ৰকল্পৰ বিকাশৰ বাবে ২০ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ভিতৰত সাতখন বাণিজ্যিক, চাৰিখন হোটেলৰ বাবে, তিনিখন ইনফ্ৰাটেকৰ বাবে, তিনিখন চলচ্চিত্ৰ আৰু মনোৰঞ্জনৰ বাবে, আৰু দুটা বিত্তীয় অনুষ্ঠানৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক