--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডুবাইৰ ৰিয়েলটি ফাৰ্ম এমাৰ প্ৰপাৰ্টিজে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ৫ লাখ বৰ্গফুটৰ শ্বপিং মল মুকলি কৰিব। এই প্ৰকল্পটোত বিনিয়োগৰ বাবে ডুবাই আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, এই কথা এমাৰে এক বিবৃতিত উল্লেখ কৰে। উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত অঞ্চলত এয়া প্ৰথম গুৰুত্বপূৰ্ণ এফডিআই বিনিয়োগ৷ চুক্তি অনুসৰি, এমাৰে শ্ৰীনগৰত ৫,০০,০০০ বৰ্গফুট আকাৰৰ 'এমাৰ মল' মুকলি কৰিব।

ইউএইৰ ৰাষ্ট্ৰদূত এইচ ই আহমেদ আব্দুল ৰহমান আলবান্নাই কয় যে "ইএমএআৰ এই প্ৰকল্পটো জম্মু আৰু কাশ্মীৰৰ এক গুৰুত্বপূৰ্ণ স্থানত হ'ব। এই প্ৰকল্পটোৰ ইএমএআৰ আৰু সকলো অংশীদাৰক অভিনন্দন জনাইছো, আৰু নিশ্চিত যে আমি অদূৰ ভৱিষ্যতে এনে ধৰণৰ বহুতো প্ৰকল্প দেখিম,"

এমাৰৰ প্ৰতিষ্ঠাপক মহম্মদ আলাব্বাৰে ক’য় যে, কোম্পানীটোৱে জম্মু-কাশ্মীৰৰ বাসিন্দা আৰু পৰ্যটকসকলৰ বাবে এক বিশ্বমানৰ শ্বপিং মল নিৰ্মাণ কৰিব৷ এফডিআই প্ৰকল্পটোৱে ইউএই আৰু ভাৰতৰ মাজৰ ঘনিষ্ঠ ভাতৃত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতিফলন কৰিব। যোৱা মাহত, জম্মু আৰু কাশ্মীৰ চৰকাৰে জম্মুত অনুষ্ঠিত এক ৰিয়েল ইষ্টেট সন্মিলনত প্ৰায় ১৯,০০০ কোটি টকাৰ ৩৯ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি দেশৰ ৰিয়েল ইষ্টেট বিনিয়োগকাৰীসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটো মুকলি কৰিছিল।

২০০৫ ত, এমাৰ প্ৰপাৰ্টিজে ভাৰতৰ এমজিএফ গোটৰ সৈতে অংশীদাৰীত্বত ভাৰতীয় ৰিয়েল ইষ্টেট বজাৰত প্ৰৱেশ কৰিছিল আৰু যুটীয়া উদ্যোগ এমাৰ এমজিএফ লেণ্ডৰ জৰিয়তে ৮,৫০০ কোটি টকা বিনিয়োগ কৰিছিল। শেহতীয়াকৈ এমাৰ ইণ্ডিয়াই দিল্লী-এনচিআৰ আৰু পঞ্জাৱত ৰিয়েল ইষ্টেট প্ৰকল্প কামত লাগি আছে৷

যোৱা মাহত জম্মুত ৰিয়েল ইষ্টেট সন্মিলনত জম্মু-কাশ্মীৰ প্ৰশাসনে প্ৰায় ১৯,০০০ কোটি টকাৰ ৩৯ খন বুজাবুজিচুক্তি স্বাক্ষৰ কৰি দেশৰ ৰিয়েল ইষ্টেট বিনিয়োগকাৰীসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল মুকলি কৰে। গৃহ নিৰ্মাণ প্ৰকল্পৰ বিকাশৰ বাবে ২০ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ভিতৰত সাতখন বাণিজ্যিক, চাৰিখন হোটেলৰ বাবে, তিনিখন ইনফ্ৰাটেকৰ বাবে, তিনিখন চলচ্চিত্ৰ আৰু মনোৰঞ্জনৰ বাবে, আৰু দুটা বিত্তীয় অনুষ্ঠানৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন