--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাবা ভাংগা আছিল বুলগেৰিয়াৰ এগৰাকী মহিলা। কোৱা হয় যে ১২ বছৰ বয়সত তেওঁৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। এই ঘটাৰ পাছতেই তেওঁ ভৱিষ্যৎ সম্পৰ্কীয় কিছু ঘটনা-পৰিঘটনা সম্পৰ্কে আগজাননী দিব পাৰিছিল। বাবা ভাংগাৰ অনুগামীসকলৰ মতে তেওঁ আমেৰিকাত ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণ, আইছিছৰ উত্থানকে ধৰি বহু ভৱিষ্যদ্বাণীয়েই কৰিছিল, যিবোৰ পাছলৈ সঠিক বুলি প্ৰমাণিত হৈছিল। অৱশ্যে তেওঁৰ বহু ভৱিষ্যদ্বাণী ভুল বুলিও ইতিমধ্যে সমালোচিত হৈছিল। 

১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হয়। কিন্তু তেওঁ দিয়া ভৱিষ্যদ্বাণীসমূহ এতিয়াও তেওঁৰ অনুগামীসকলে বিশ্বাস কৰে। ২০২৫ক লৈয়ো বাবা ভাংগাই এনে কিছু ভৱিষ্যদ্বাণী কৰিছে যে আপুনি জানি আচৰিত হ’ব। তেওঁৰ মতে, এইবাৰ মানৱ সমাজ টেলিপেথীৰ দিশত বহু অগ্ৰগতি লাভ কৰিব। অৰ্থাৎ টেলিফোন বা মোবাইলৰ বিপৰীতে টেলিপেথী মেচেজৰ জৰিয়তে ইজনে-সিজনৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব। ইয়াৰ দ্বাৰা পাৰস্পৰিক যোগাযোগৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব পাৰে।

২০২৫ক লৈ বাবা ভাংগাৰ দ্বিতীয়টো ভৱিষ্যদ্বাণী হৈছে-এইবাৰ অন্য গ্ৰহত বাস কৰা এলিয়েনসকলে মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব। বাবা ভাংগাৰ আগতে ফৰাচী ভাববাদী নষ্ট্ৰাডামুছেও একেধৰণৰ ভৱিষ্যদ্বাণী কৰা বুলি জানিব পৰা গৈছে। নষ্ট্ৰাডামুছৰ মতে ২০২৫ চনতে এনে সময় আহিব যেতিয়া অন্য গ্ৰহৰ জীৱই পৃথিৱীত বাস কৰা মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব।

অৱশ্যে আমাৰ সৈতে কেনেকৈ যোগাযোগ কৰিব এলিয়েনসকলে? তেওঁলোকে যোগাযোগৰ যন্ত্ৰৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব নে টেলিপেথীৰ জৰিয়তে যোগাযোগ কৰিব? ভৱিষ্যদ্বাণীত এই বিষয়ে একো কথা উল্লেখ কৰা হোৱা নাই। মানুহ আৰু পৃথিৱীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব সেয়াও এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু এইটো সঁচা যে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি আন গ্ৰহত জীৱৰ সন্ধান কৰি আহিছে। এনে পৰিস্থিতিত যদি এলিয়েন আৰু মানুহৰ মাজত প্ৰথমবাৰৰ বাবে সম্পৰ্ক স্থাপন হয়, তেন্তে ই বিজ্ঞানৰ ক্ষেত্ৰত আৰু অধিক এখোজ আগবঢ়ায় নিব পাৰিব।

২০২৫ক লৈ বাবা ভাংগাৰ আন কিছু ভৱিষ্যদ্বাণী হ'ল-চলিত বৰ্ষটোতে ইউৰোপত সৃষ্টি হ'ব এক বৃহৎ সংঘাতৰ। কোন দেশৰ মাজত এই সংঘাত হ'ব আৰু কোন ইয়াৰ পৰিসৰৰ ভিতৰত আহিব সেই বিষয়ে একো কথাই স্পষ্ট হোৱা নাই যদিও ইউৰোপত যোৱা ডেৰ-দুবছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যিদৰে যুদ্ধ চলি আছে। এনে পৰিস্থিতিত যদি কোনো পক্ষই অতিৰঞ্জিত পদক্ষেপ গ্ৰহণ কৰে তেন্তে সংঘাত বিয়পিবলৈ বেছি সময় নালাগিব। ইয়াৰ সমান্তৰালকৈ এইবাৰ বিশ্বত এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণীও কৰিছে গৈছে বাবা ভাংগাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ