--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাবা ভাংগা আছিল বুলগেৰিয়াৰ এগৰাকী মহিলা। কোৱা হয় যে ১২ বছৰ বয়সত তেওঁৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। এই ঘটাৰ পাছতেই তেওঁ ভৱিষ্যৎ সম্পৰ্কীয় কিছু ঘটনা-পৰিঘটনা সম্পৰ্কে আগজাননী দিব পাৰিছিল। বাবা ভাংগাৰ অনুগামীসকলৰ মতে তেওঁ আমেৰিকাত ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণ, আইছিছৰ উত্থানকে ধৰি বহু ভৱিষ্যদ্বাণীয়েই কৰিছিল, যিবোৰ পাছলৈ সঠিক বুলি প্ৰমাণিত হৈছিল। অৱশ্যে তেওঁৰ বহু ভৱিষ্যদ্বাণী ভুল বুলিও ইতিমধ্যে সমালোচিত হৈছিল। 

১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হয়। কিন্তু তেওঁ দিয়া ভৱিষ্যদ্বাণীসমূহ এতিয়াও তেওঁৰ অনুগামীসকলে বিশ্বাস কৰে। ২০২৫ক লৈয়ো বাবা ভাংগাই এনে কিছু ভৱিষ্যদ্বাণী কৰিছে যে আপুনি জানি আচৰিত হ’ব। তেওঁৰ মতে, এইবাৰ মানৱ সমাজ টেলিপেথীৰ দিশত বহু অগ্ৰগতি লাভ কৰিব। অৰ্থাৎ টেলিফোন বা মোবাইলৰ বিপৰীতে টেলিপেথী মেচেজৰ জৰিয়তে ইজনে-সিজনৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব। ইয়াৰ দ্বাৰা পাৰস্পৰিক যোগাযোগৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব পাৰে।

২০২৫ক লৈ বাবা ভাংগাৰ দ্বিতীয়টো ভৱিষ্যদ্বাণী হৈছে-এইবাৰ অন্য গ্ৰহত বাস কৰা এলিয়েনসকলে মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব। বাবা ভাংগাৰ আগতে ফৰাচী ভাববাদী নষ্ট্ৰাডামুছেও একেধৰণৰ ভৱিষ্যদ্বাণী কৰা বুলি জানিব পৰা গৈছে। নষ্ট্ৰাডামুছৰ মতে ২০২৫ চনতে এনে সময় আহিব যেতিয়া অন্য গ্ৰহৰ জীৱই পৃথিৱীত বাস কৰা মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব।

অৱশ্যে আমাৰ সৈতে কেনেকৈ যোগাযোগ কৰিব এলিয়েনসকলে? তেওঁলোকে যোগাযোগৰ যন্ত্ৰৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব নে টেলিপেথীৰ জৰিয়তে যোগাযোগ কৰিব? ভৱিষ্যদ্বাণীত এই বিষয়ে একো কথা উল্লেখ কৰা হোৱা নাই। মানুহ আৰু পৃথিৱীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব সেয়াও এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু এইটো সঁচা যে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি আন গ্ৰহত জীৱৰ সন্ধান কৰি আহিছে। এনে পৰিস্থিতিত যদি এলিয়েন আৰু মানুহৰ মাজত প্ৰথমবাৰৰ বাবে সম্পৰ্ক স্থাপন হয়, তেন্তে ই বিজ্ঞানৰ ক্ষেত্ৰত আৰু অধিক এখোজ আগবঢ়ায় নিব পাৰিব।

২০২৫ক লৈ বাবা ভাংগাৰ আন কিছু ভৱিষ্যদ্বাণী হ'ল-চলিত বৰ্ষটোতে ইউৰোপত সৃষ্টি হ'ব এক বৃহৎ সংঘাতৰ। কোন দেশৰ মাজত এই সংঘাত হ'ব আৰু কোন ইয়াৰ পৰিসৰৰ ভিতৰত আহিব সেই বিষয়ে একো কথাই স্পষ্ট হোৱা নাই যদিও ইউৰোপত যোৱা ডেৰ-দুবছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যিদৰে যুদ্ধ চলি আছে। এনে পৰিস্থিতিত যদি কোনো পক্ষই অতিৰঞ্জিত পদক্ষেপ গ্ৰহণ কৰে তেন্তে সংঘাত বিয়পিবলৈ বেছি সময় নালাগিব। ইয়াৰ সমান্তৰালকৈ এইবাৰ বিশ্বত এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণীও কৰিছে গৈছে বাবা ভাংগাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ