--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিব পাৰে৷ প্ৰেমিকাক মুগ্ধ কৰিবলৈ বহু যুৱকে নানা কাম কৰে। এনে কৰিবলৈ গৈয়ে এজন যুৱকে সাবটিলে মৃত্যুক।

উজবেকিস্তানৰ এজন যুৱকে প্ৰেমিকাক মুগ্ধ কৰিবলৈ সোমাল সিংহৰ গঁড়ালত। পাৰ্কেণ্টৰ এখন ব্যক্তিগত চিৰিয়াখানাত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। যুৱকজনে চিৰিয়াখানাত ৰক্ষক হিচাপে কাম কৰিছিল। 

চিৰিয়াখানাৰ ৰক্ষকজনে প্ৰেমিকাক আপ্লুত কৰাৰ প্ৰয়াসত এনে এটা পদক্ষেপ গ্ৰহণ কৰিলে যাৰ ফলত তেওঁৰ অকাল মৃত্যু হ’ল। তেওঁ পিঞ্জৰাৰ তলা খুলি সিংহৰ ওচৰলৈ যায়। সিংহবোৰৰ ওচৰলৈ গৈ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ ধৰিলে। সেই ভিডিঅ’   প্ৰেমিকালৈ পঠিয়াবলৈ ওলাইছিল। আৰম্ভণিতে সিংহবোৰ মনে মনে বহি আছিল।

সিংহৰ পিঞ্জৰাৰ গেটখন খোলা ৰখাৰ বাবেই সিংহবোৰ বাহিৰলৈ ওলাই আহিছিল। চিৰিয়াখানাৰ ৰক্ষকজনে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কেইছেকেণ্ডমানৰ পিছত এটা সিংহই তেওঁক আক্ৰমণ কৰিলে।

যুৱকজনৰ যন্ত্ৰণাদায়ক মৃত্যু ভিডিঅ'ত বন্দী হৈছে। যুৱকজনৰ চিঞৰ-বাখৰ আৰু সিংহৰ কামোৰাৰ শব্দও ভিডিঅ’টোত স্পষ্টকৈ শুনা গৈছে। খবৰ অনুসৰি সিংহই তেওঁক হত্যা কৰি সম্পূৰ্ণৰূপে চিকাৰ কৰে। এই ভিডিঅ'টো ইমানেই ভয়ংকৰ যে ইয়াক ৰাজহুৱা কৰিব নোৱাৰি।


এই ঘটনাই চিৰিয়াখানাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। সিংহৰ পলায়ন আৰু মুকলি পিঞ্জৰাৰ বাবে চিৰিয়াখানাৰ ৰক্ষকৰ মৃত্যু, এই সমগ্ৰ ঘটনাই প্ৰশাসনৰ বৃহৎ অৱহেলাৰ কথা প্ৰকাশ কৰিছে।


ঘটনাৰ পিছতে ছ'চিয়েল মিডিয়াত বিস্ফোৰণ ঘটিছে মানুহৰ ক্ষোভ। চিৰিয়াখানা ৰক্ষকৰ এই সিদ্ধান্তক লৈ বহু লোকে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে একাংশই চিৰিয়াখানা প্ৰশাসনৰ গাফিলতিৰ সমালোচনা কৰিছে। ব্যৱহাৰকাৰীসকলে কয় যে মানুহ আৰু জীৱ-জন্তু উভয়ৰে সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ