--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিব পাৰে৷ প্ৰেমিকাক মুগ্ধ কৰিবলৈ বহু যুৱকে নানা কাম কৰে। এনে কৰিবলৈ গৈয়ে এজন যুৱকে সাবটিলে মৃত্যুক।

উজবেকিস্তানৰ এজন যুৱকে প্ৰেমিকাক মুগ্ধ কৰিবলৈ সোমাল সিংহৰ গঁড়ালত। পাৰ্কেণ্টৰ এখন ব্যক্তিগত চিৰিয়াখানাত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। যুৱকজনে চিৰিয়াখানাত ৰক্ষক হিচাপে কাম কৰিছিল। 

চিৰিয়াখানাৰ ৰক্ষকজনে প্ৰেমিকাক আপ্লুত কৰাৰ প্ৰয়াসত এনে এটা পদক্ষেপ গ্ৰহণ কৰিলে যাৰ ফলত তেওঁৰ অকাল মৃত্যু হ’ল। তেওঁ পিঞ্জৰাৰ তলা খুলি সিংহৰ ওচৰলৈ যায়। সিংহবোৰৰ ওচৰলৈ গৈ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ ধৰিলে। সেই ভিডিঅ’   প্ৰেমিকালৈ পঠিয়াবলৈ ওলাইছিল। আৰম্ভণিতে সিংহবোৰ মনে মনে বহি আছিল।

সিংহৰ পিঞ্জৰাৰ গেটখন খোলা ৰখাৰ বাবেই সিংহবোৰ বাহিৰলৈ ওলাই আহিছিল। চিৰিয়াখানাৰ ৰক্ষকজনে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কেইছেকেণ্ডমানৰ পিছত এটা সিংহই তেওঁক আক্ৰমণ কৰিলে।

যুৱকজনৰ যন্ত্ৰণাদায়ক মৃত্যু ভিডিঅ'ত বন্দী হৈছে। যুৱকজনৰ চিঞৰ-বাখৰ আৰু সিংহৰ কামোৰাৰ শব্দও ভিডিঅ’টোত স্পষ্টকৈ শুনা গৈছে। খবৰ অনুসৰি সিংহই তেওঁক হত্যা কৰি সম্পূৰ্ণৰূপে চিকাৰ কৰে। এই ভিডিঅ'টো ইমানেই ভয়ংকৰ যে ইয়াক ৰাজহুৱা কৰিব নোৱাৰি।


এই ঘটনাই চিৰিয়াখানাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। সিংহৰ পলায়ন আৰু মুকলি পিঞ্জৰাৰ বাবে চিৰিয়াখানাৰ ৰক্ষকৰ মৃত্যু, এই সমগ্ৰ ঘটনাই প্ৰশাসনৰ বৃহৎ অৱহেলাৰ কথা প্ৰকাশ কৰিছে।


ঘটনাৰ পিছতে ছ'চিয়েল মিডিয়াত বিস্ফোৰণ ঘটিছে মানুহৰ ক্ষোভ। চিৰিয়াখানা ৰক্ষকৰ এই সিদ্ধান্তক লৈ বহু লোকে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে একাংশই চিৰিয়াখানা প্ৰশাসনৰ গাফিলতিৰ সমালোচনা কৰিছে। ব্যৱহাৰকাৰীসকলে কয় যে মানুহ আৰু জীৱ-জন্তু উভয়ৰে সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক