--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ এগৰাকী  অন্যতম ধনী ব্যক্তি  ইলন মাস্কৰ স্পেচএক্সে উৎক্ষেপণ কৰা এটা ৰকেটে আমাৰ গ্ৰহটোৰ চাৰিওফালে থকা আয়নোস্ফিয়াৰত এটা অস্থায়ী ছিদ্ৰত খুন্দা মাৰিছে বুলি খবৰ আহিছে। ফালকন ৯ ৰকেটটো ১৯ জুলাইত কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গৰ পৰা উৎক্ষেপণ কৰা হৈছিল।মাস্কৰ  কোম্পানীৰ ৱেবছাইট অনুসৰি এই ৰকেট হৈছে   পৃথিৱীৰ কক্ষপথ আৰু তাৰ বাহিৰত মানুহ কঢ়িয়াই নিব পৰা  নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত পৰিবহনৰ মাধ্যম।

১৯ জুলাইৰ উৎক্ষেপণৰ সময়ত এক ক্ষীণ ৰঙা উজ্জ্বল পোহৰ দেখা গৈছিল।  যাক মহাকাশ বষ্টন বিশ্ববিদ্যালয়ৰ বাউমগাৰ্ডেনাৰ পদাৰ্থবিজ্ঞানী জেফে অধ্যয়ন কৰি আছে । উৎক্ষেপণৰ ফুটেজ পৰ্যালোচনা কৰাৰ পিছত  তেওঁ কৈছে  যে ৰঙা উজ্জ্বল পোহৰে  সূচায় যে ৰকেট খনে  আয়নোস্ফিয়াৰত এটা ছিদ্ৰ তৈয়াৰ কৰিছে।তেওঁ কয় " যেতিয়া ৰকেটবোৰে পৃথিৱীৰ পৃষ্ঠৰ পৰা ২০০ ৰ পৰা ৩০০কিলোমিটাৰ ওপৰেৰে গতি কৰি থাকে  তেতিয়া এনে হ’ব পাৰে। "। তেওণ সগতে কয় যে তেওঁ  ১৯ জুলাইৰ উৎক্ষেপণৰ ফুটেজ পৰ্যালোচনা কৰিছে। ৰকেট খনে  এফ-অঞ্চলৰ শৃংগৰ ওচৰত ২৮৬  কিলোমিটাৰ বেগত গতি কৰি থকা দেখুৱাইছে। তাতেই  এটা আয়নোস্ফেৰিক 'হোল' তৈয়াৰ হৈছিল।

 আয়নোস্ফিয়াৰ মহাকাশৰ কাষত থাকে আৰু এই এলেকা  আয়ন নামৰ চাৰ্জড কণাৰে ভৰি থাকে। নাছাৰ মতে ইয়াৰ পৰাই  ভূ-চুম্বকীয় ধুমুহাৰ ফলত অৰোৰা হয়, সৌৰ প্লাজমাই আয়নৰ সৈতে প্ৰতিক্ৰিয়া কৰি আকাশত দেখা চমৎকাৰ ৰং সৃষ্টি কৰে। আয়নোস্ফিয়াৰ গুৰুত্বপূৰ্ণ কিয়নো ই পোহৰ প্ৰতিফলিত কৰে আৰু যোগাযোগ তথা  নেভিগেশ্বনৰ বাবে ব্যৱহৃত ৰেডিঅ' তৰংগবোৰ সংশোধন কৰে। 

আয়নোস্ফিয়াৰৰ এটা ছিদ্ৰই জি.পি.এছ. প্ৰণালীবোৰ প্ৰভাৱান্বিত  কৰিব পাৰে।  ৰকেটে এনে এলেকাৰ ক্ষতি কৰিব পাৰে। " মানুহে এনে এটা যুগত প্ৰৱেশ কৰিছে যে ৰকেট উৎক্ষেপণ সচৰাচৰ আৰু সঘনাই হৈ আহিছে। ইফালে, মানুহে আন গ্ৰহলৈ কাৰগো প্ৰেৰণ কৰিবলৈ অধিক শক্তিশালী ৰকেট বিকশিত কৰি আছে। এই দুটা কাৰকে লাহে লাহে মধ্য আৰু ওপৰৰ বায়ুমণ্ডলক অধিক প্ৰভাৱান্বিত কৰিব, সেয়ে বিষয়টোৰ প্ৰতি কিছু মনোযোগ দিয়াউ চিত," টাইৱানৰ নেচনেল চেং কুং বিশ্ববিদ্যালয়ৰ চাৰ্লছ চি এইচ লিনে কয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement