--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ এগৰাকী  অন্যতম ধনী ব্যক্তি  ইলন মাস্কৰ স্পেচএক্সে উৎক্ষেপণ কৰা এটা ৰকেটে আমাৰ গ্ৰহটোৰ চাৰিওফালে থকা আয়নোস্ফিয়াৰত এটা অস্থায়ী ছিদ্ৰত খুন্দা মাৰিছে বুলি খবৰ আহিছে। ফালকন ৯ ৰকেটটো ১৯ জুলাইত কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গৰ পৰা উৎক্ষেপণ কৰা হৈছিল।মাস্কৰ  কোম্পানীৰ ৱেবছাইট অনুসৰি এই ৰকেট হৈছে   পৃথিৱীৰ কক্ষপথ আৰু তাৰ বাহিৰত মানুহ কঢ়িয়াই নিব পৰা  নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত পৰিবহনৰ মাধ্যম।

১৯ জুলাইৰ উৎক্ষেপণৰ সময়ত এক ক্ষীণ ৰঙা উজ্জ্বল পোহৰ দেখা গৈছিল।  যাক মহাকাশ বষ্টন বিশ্ববিদ্যালয়ৰ বাউমগাৰ্ডেনাৰ পদাৰ্থবিজ্ঞানী জেফে অধ্যয়ন কৰি আছে । উৎক্ষেপণৰ ফুটেজ পৰ্যালোচনা কৰাৰ পিছত  তেওঁ কৈছে  যে ৰঙা উজ্জ্বল পোহৰে  সূচায় যে ৰকেট খনে  আয়নোস্ফিয়াৰত এটা ছিদ্ৰ তৈয়াৰ কৰিছে।তেওঁ কয় " যেতিয়া ৰকেটবোৰে পৃথিৱীৰ পৃষ্ঠৰ পৰা ২০০ ৰ পৰা ৩০০কিলোমিটাৰ ওপৰেৰে গতি কৰি থাকে  তেতিয়া এনে হ’ব পাৰে। "। তেওণ সগতে কয় যে তেওঁ  ১৯ জুলাইৰ উৎক্ষেপণৰ ফুটেজ পৰ্যালোচনা কৰিছে। ৰকেট খনে  এফ-অঞ্চলৰ শৃংগৰ ওচৰত ২৮৬  কিলোমিটাৰ বেগত গতি কৰি থকা দেখুৱাইছে। তাতেই  এটা আয়নোস্ফেৰিক 'হোল' তৈয়াৰ হৈছিল।

 আয়নোস্ফিয়াৰ মহাকাশৰ কাষত থাকে আৰু এই এলেকা  আয়ন নামৰ চাৰ্জড কণাৰে ভৰি থাকে। নাছাৰ মতে ইয়াৰ পৰাই  ভূ-চুম্বকীয় ধুমুহাৰ ফলত অৰোৰা হয়, সৌৰ প্লাজমাই আয়নৰ সৈতে প্ৰতিক্ৰিয়া কৰি আকাশত দেখা চমৎকাৰ ৰং সৃষ্টি কৰে। আয়নোস্ফিয়াৰ গুৰুত্বপূৰ্ণ কিয়নো ই পোহৰ প্ৰতিফলিত কৰে আৰু যোগাযোগ তথা  নেভিগেশ্বনৰ বাবে ব্যৱহৃত ৰেডিঅ' তৰংগবোৰ সংশোধন কৰে। 

আয়নোস্ফিয়াৰৰ এটা ছিদ্ৰই জি.পি.এছ. প্ৰণালীবোৰ প্ৰভাৱান্বিত  কৰিব পাৰে।  ৰকেটে এনে এলেকাৰ ক্ষতি কৰিব পাৰে। " মানুহে এনে এটা যুগত প্ৰৱেশ কৰিছে যে ৰকেট উৎক্ষেপণ সচৰাচৰ আৰু সঘনাই হৈ আহিছে। ইফালে, মানুহে আন গ্ৰহলৈ কাৰগো প্ৰেৰণ কৰিবলৈ অধিক শক্তিশালী ৰকেট বিকশিত কৰি আছে। এই দুটা কাৰকে লাহে লাহে মধ্য আৰু ওপৰৰ বায়ুমণ্ডলক অধিক প্ৰভাৱান্বিত কৰিব, সেয়ে বিষয়টোৰ প্ৰতি কিছু মনোযোগ দিয়াউ চিত," টাইৱানৰ নেচনেল চেং কুং বিশ্ববিদ্যালয়ৰ চাৰ্লছ চি এইচ লিনে কয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু