--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৪ লাখ বছৰ আগতে গ্ৰীনলেণ্ড বৰফমুক্ত আছিল। তেতিয়া টুণ্ড্ৰা অঞ্চলটো আছিল ৰ’দঘাই, সেউজীয়া অৰণ্য। সেই সেউজীয়া ঠাইত জীৱ-জন্তু আৰু পোক-পৰুৱা বাস কৰিছিল। বৰ্তমানতকৈ ২০ৰ পৰা ৪০ ফুট ওখ আছিল সাগৰৰ জলপৃষ্ঠ।

সমগ্ৰ বিশ্বৰ বহু দেশ, যিবোৰ বৰ্তমান লাখ লাখ মানুহৰ বসতিস্থল, সেইসময়ত সাগৰৰ তলত আছি। ‘চাইন্স’ নামৰ বৈজ্ঞানিক আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদনত এনে দাবী উত্থাপন হৈছে।

বিজ্ঞানীসকলে ইতিমধ্যেই জানিছিল যে কেইবা লাখ বছৰৰ আগতে কোনো এটা সময়ত গ্রীনলেণ্ডৰ বৰফৰ তৰপটো প্ৰায় সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছিল। কিন্তু ঠিক কেতিয়া, গম পোৱা নগ’ল।

বিজ্ঞানীসকলে ৰিপ’ৰ্ট কৰিছে যে নতুন গৱেষণাই গ্ৰীনলেণ্ডৰ প্ৰায় ১ মাইল ডাঠ বৰফৰ তলত লুকাই থকা মাটিৰ স্তৰ (শীতল যুদ্ধৰ সময়ত সংগ্ৰহ কৰা) পৰীক্ষা কৰি সঠিক সময়ৰ সময়সীমা উন্মোচন কৰিছে। সময়টো প্ৰায় ৪ লাখ ১৬ বছৰ আগৰ।

প্ৰায় ১৪ হাজাৰ বছৰ ধৰি গ্ৰীনলেণ্ড বৰফমুক্ত আছিল। সেই সময়ত পৃথিৱী আৰু ইয়াৰ আদিম লোকসকলে জলবায়ু পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছিল। বিজ্ঞানীসকলে কৈছে যে সেই সময়ছোৱা, ইয়াৰ পৰিসৰ, তীব্ৰতা আৰু প্ৰভাৱ বিশ্লেষণ কৰিলে আধুনিক মানুহে ভৱিষ্যতৰ বাবে কেনেধৰণৰ পৃথিৱী সৃষ্টি কৰিছে সেয়া বুজিব পৰা যাব।

১৯৬৬ চনৰ জুলাই মাহত আমেৰিকাৰ বিজ্ঞানী আৰু অভিযন্তাসকলে গ্ৰীণলেণ্ডৰ বৰফৰ তৰপটো উৰুৱাই মাটিৰ তৰপ সংগ্ৰহ কৰে। ‘কেম্প চেঞ্চুৰী’ নামৰ এটা কুখ্যাত সেনা ঘাটিত এই অভিযান চলাইছিল। বৰফৰ তলত পোৱাৰ পিছত অভিযন্তাসকলে ১২ ফুট দকৈ আন এটা গাঁত খান্দি নিথৰ শিলৰ মাটিত। মাটি সংগ্ৰহ কৰা হৈছিল।

১৯৬৯ চনত সেই মাটি বিশ্লেষণ কৰি ভূ-পদাৰ্থবিজ্ঞানী উইলি ডান্সগাৰ্ডে অতীতত জলবায়ু পৰিৱৰ্তন কেনেকৈ হৈছিল সেই বিষয়ে ব্যাখ্যা কৰিছিল। বিগত ১ লাখ ২৫ হাজাৰ বছৰত প্ৰকৃতিৰ কিদৰে বাৰে বাৰে পৰিৱৰ্তন হৈছে তাৰ আভাস তেওঁ দিলে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু