--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ গুলীত নিহত হৈছে এটা দুৰ্ধৰ্ষ ডকাইত। ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে। ডকাইতটোৰ নামত ১ লাখ টকা ঘোষণা কৰি থৈছিল আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ  আৰক্ষীৰ গুলীত নিহত হৈছে এটা দুৰ্ধৰ্ষ ডকাইত। ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে। ডকাইতটোৰ নামত ১ লাখ টকা ঘোষণা কৰি থৈছিল আৰক্ষীয়ে।


উত্তৰ প্ৰদেশ এছ টি এফৰ নয়ডা ইউনিট আৰু বুলণ্ডশ্বাহৰ জিলা এলেকাৰ জাহাংগীৰাবাদ আৰক্ষী থানাত যোৱা ২০ জুনৰ সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ সংঘৰ্ষ।এই সময়ছোৱাত কুখ্যাত ডকাইতটো গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু, চিকিৎসাৰ সময়ত ডকাইতটোৰ মৃত্যু হয়।


ডকাইতটোক শ্বামলি জিলাৰ কৈৰানা আৰক্ষী থানাৰ ইছোপুৰ খুৰগানৰ নিবাসী বিনোদ গাদেৰিয়া পুত্ৰৰ সীতাৰাম গাদেৰিয়া বুলি চিনাক্ত কৰা হৈছে।


তথ্য অনুসৰি বিনোদ গাদেৰিয়াক মুজাফ্ফৰনগৰত ছয়টাতকৈও অধিক ডকাইতিৰ গোচৰত অভিযুক্ত আৰু ২০২৪ চনৰ পৰা তেওঁক বিচাৰি থকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ ৰেকৰ্ড অনুসৰি ২০০৬ চনৰ পৰা অপৰাধৰ জগতখনত সক্ৰিয় হৈ আছিল তেওঁ।


ডকাইতি, হত্যা আৰু লুণ্ঠনৰ দৰে গুৰুতৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ছামলী, মুজাফ্ফৰনগৰ আৰু বাঘপাট জিলাত মুঠ ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল। তথ্য অনুসৰি ২০১২ চনৰ এটা গোচৰত আদালতে তেওঁক ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।এতিয়া এছটিএফে সমগ্ৰ ডকাইত গেঙৰ কাৰ্যকলাপৰ তদন্ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ বাকী সদস্যসকলৰ সন্ধান চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক