--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ গুলীত নিহত হৈছে এটা দুৰ্ধৰ্ষ ডকাইত। ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে। ডকাইতটোৰ নামত ১ লাখ টকা ঘোষণা কৰি থৈছিল আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ  আৰক্ষীৰ গুলীত নিহত হৈছে এটা দুৰ্ধৰ্ষ ডকাইত। ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে। ডকাইতটোৰ নামত ১ লাখ টকা ঘোষণা কৰি থৈছিল আৰক্ষীয়ে।


উত্তৰ প্ৰদেশ এছ টি এফৰ নয়ডা ইউনিট আৰু বুলণ্ডশ্বাহৰ জিলা এলেকাৰ জাহাংগীৰাবাদ আৰক্ষী থানাত যোৱা ২০ জুনৰ সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ সংঘৰ্ষ।এই সময়ছোৱাত কুখ্যাত ডকাইতটো গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু, চিকিৎসাৰ সময়ত ডকাইতটোৰ মৃত্যু হয়।


ডকাইতটোক শ্বামলি জিলাৰ কৈৰানা আৰক্ষী থানাৰ ইছোপুৰ খুৰগানৰ নিবাসী বিনোদ গাদেৰিয়া পুত্ৰৰ সীতাৰাম গাদেৰিয়া বুলি চিনাক্ত কৰা হৈছে।


তথ্য অনুসৰি বিনোদ গাদেৰিয়াক মুজাফ্ফৰনগৰত ছয়টাতকৈও অধিক ডকাইতিৰ গোচৰত অভিযুক্ত আৰু ২০২৪ চনৰ পৰা তেওঁক বিচাৰি থকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ ৰেকৰ্ড অনুসৰি ২০০৬ চনৰ পৰা অপৰাধৰ জগতখনত সক্ৰিয় হৈ আছিল তেওঁ।


ডকাইতি, হত্যা আৰু লুণ্ঠনৰ দৰে গুৰুতৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ছামলী, মুজাফ্ফৰনগৰ আৰু বাঘপাট জিলাত মুঠ ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল। তথ্য অনুসৰি ২০১২ চনৰ এটা গোচৰত আদালতে তেওঁক ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।এতিয়া এছটিএফে সমগ্ৰ ডকাইত গেঙৰ কাৰ্যকলাপৰ তদন্ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ বাকী সদস্যসকলৰ সন্ধান চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ