--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য।

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে আজিও সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া।


যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।


২১ জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন, যাক মানুহে গ্ৰীষ্ম সংক্ৰান্তি বুলিও কয়। ভাৰতীয় পৰম্পৰা অনুসৰি, গ্ৰীষ্ম সংক্ৰান্তিৰ পিছতেই সূৰ্য দক্ষিণায়ন হয়।বিশ্বাস মতে, এই দিনটোত সূৰ্যৰ পোহৰ সৰ্বাধিক।আনহাতে, সূৰ্য দক্ষিণায়নৰ সময়খিনি আধ্যাত্মিক সফলতা প্ৰাপ্তিৰ বাবেও অতি উত্তম সময়। এই বাবেই ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।


স্বাস্থ্য ৰক্ষাত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্ব বুজিবলৈকে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটোয়ে সকলোকে যোগৰ বিষয়ে সজাগ কৰা হয়।যোগে কেনেদৰে চাপ আঁতৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে তাৰ গুৰুত্বও উপলব্ধি কৰাই যোগ দিৱসে। নিয়মীয়াকৈ যোগাভ্যাস কৰি আপুনি দীৰ্ঘম্যাদী ৰোগ যেনে মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰিব পাৰি।তদুপৰি, যোগাভ্যাস কৰি ঔষধ অবিহনেই বহুতো ৰোগ দূৰ কৰিব পাৰি।


যোগে কেৱল শাৰীৰিক দিশতেই নহয় মানসিক দিশতো প্ৰভূত অৰিহণা যোগায়। যোগে মানুহৰ শৰীৰ আৰু মন সুস্থ-সবল, সতেজ আৰু প্ৰাণৱন্ত কৰি ৰাখে। গতিকে নিয়মীয়া যোগাভ্যাস গঢ়ি তোলক আৰু এটা সুস্থ-সুন্দৰ জীৱনৰ অধিকাৰী হওক।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক