--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য।

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে আজিও সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া।


যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।


২১ জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন, যাক মানুহে গ্ৰীষ্ম সংক্ৰান্তি বুলিও কয়। ভাৰতীয় পৰম্পৰা অনুসৰি, গ্ৰীষ্ম সংক্ৰান্তিৰ পিছতেই সূৰ্য দক্ষিণায়ন হয়।বিশ্বাস মতে, এই দিনটোত সূৰ্যৰ পোহৰ সৰ্বাধিক।আনহাতে, সূৰ্য দক্ষিণায়নৰ সময়খিনি আধ্যাত্মিক সফলতা প্ৰাপ্তিৰ বাবেও অতি উত্তম সময়। এই বাবেই ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।


স্বাস্থ্য ৰক্ষাত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্ব বুজিবলৈকে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটোয়ে সকলোকে যোগৰ বিষয়ে সজাগ কৰা হয়।যোগে কেনেদৰে চাপ আঁতৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে তাৰ গুৰুত্বও উপলব্ধি কৰাই যোগ দিৱসে। নিয়মীয়াকৈ যোগাভ্যাস কৰি আপুনি দীৰ্ঘম্যাদী ৰোগ যেনে মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰিব পাৰি।তদুপৰি, যোগাভ্যাস কৰি ঔষধ অবিহনেই বহুতো ৰোগ দূৰ কৰিব পাৰি।


যোগে কেৱল শাৰীৰিক দিশতেই নহয় মানসিক দিশতো প্ৰভূত অৰিহণা যোগায়। যোগে মানুহৰ শৰীৰ আৰু মন সুস্থ-সবল, সতেজ আৰু প্ৰাণৱন্ত কৰি ৰাখে। গতিকে নিয়মীয়া যোগাভ্যাস গঢ়ি তোলক আৰু এটা সুস্থ-সুন্দৰ জীৱনৰ অধিকাৰী হওক।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ