--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে'ল আদিত ভ্ৰমণ কৰাৰ সময়তো এনে টি বেগৰ পৰা প্ৰস্তুত কৰা চাহ আমি বহুতে পান কৰো।  কিয়নো অকমান গৰম পানীত টি বেগটো ডুবাই দিলেই চাহ সাজু হৈ যায়। 

কিন্তু এনে একাপ চাহ খাই আমি হয়তো ভাবিবলৈ আহৰিয়েই নাপাও যে আমি হয়তো  চাহ কাপৰ সৈতে কিবা বিষাক্ত বস্তুও সেৱন কৰিলো।

আপোনাৰ যদি টি-বেগৰ পৰা প্ৰস্তুত কৰা চাহ পান কৰাটো  দৈনন্দিন অভ্যাসত পৰিণত হৈছে তেতিয়াহ’লে সাৱধান হওক। টি বেগৰ জৰিতে আপোনাৰ অলক্ষিতে পেটত সোমাব পাৰে  বহু প্লাষ্টিক কণা।

কানাডাৰ মন্ট্ৰিল মেকগিল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বুলি  প্ৰতিবেদনত দিছিল যে গৰম পানীত টি বেগ ডুবালে তাৰ পৰা লাখ লাখ প্লাষ্টিকৰ কণা বাহিৰ হয় যিবোৰ কণা চাহ খাওতে শৰীৰত প্ৰৱেশ কৰে।

গৰম পানীৰ তাপমাত্ৰাত প্লাষ্টিক কণাবোৰ অধিক সক্ৰিয় হৈ পৰে। মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চাৰি ধৰণৰ টি বেগ পৰীক্ষা কৰি চাইছিল। প্ৰতিটো টি বেগতেই তেওঁলোকে প্লাষ্টিকৰ উপস্থিতি বিচাৰি পাইছিল।

আমেৰিকাৰ কেমিকেল ছচাইটিৰ প্ৰকাশিত জাৰ্ণেল ‘এনভাইৰনমেন্টেল ছায়েন্স এণ্ড টেকন’লজি’ত গৱেষণাৰ সৱিশেষ প্ৰকাশিত হৈছিল।

গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি  প্ৰায় ভাগ টি বেগতে ১১০০ কোটি মাইক্ৰপ্লাষ্টিক আৰু ৩০০ কোটি নেনোপ্লাষ্টিক কণা থাকিব পাৰে । এনে প্লাষ্টিক কণা  খালী চকুৰে দেখা পোৱা নাযায়। মাইক্ৰস্কোপতো আনকি সকলোবোৰৰ অস্তিত্ব ধৰা নপৰে। 

মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰকাশ পোৱাৰ পাছতে এনেবোৰ কথা পোহৰলৈ আহিছে।  গতিকে চাহ পান কৰিবলগীয়া হ'লে সাধাৰণভাবে আমি যিদৰে ঘৰতে উতলাই চাহ প্ৰস্তুত কৰো তেনে চাহ খোৱাই ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে