--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে দেশৰ নানান প্ৰান্তত আইন খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। এনে সময়তে  সৰ্বভাৰতীয় মুছলিম জামাতে নাগৰিকত্ব সংশোধনী আইনক  আদৰণি জনাইছে। সংগঠনটোৰ সভাপতি মৌলানা শ্বাহবুদ্দিন ৰিজভি বাৰেলভিয়ে কয়  যে তেওঁ নাগৰিকত্ব সংশোধনী আইন খনক তেওঁলোকে "স্বাগতম" জনাইছে। এনে এখন আইন  আগতে হোৱা উচিত আছিল। নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণে দেশৰ মুছলমান সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত নকৰে বুলিও তেওঁ মন্তব্য কৰে।  

উল্লেখ্য আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিছে। গৃহ মন্ত্ৰালয়ে ১১  মাৰ্চত ইয়াৰ নিয়মসমূহৰ বিষয়ে উল্লেখ কৰি অধিসূচনা  জাৰি  কৰে। দেশৰ বহু মুছলমান লোকৰ সংগঠনে আইন খনৰ বিৰোধিতা কৰাৰ মাজতে  সৰ্বভাৰতীয় মুছলিম জামাতে  আইন খনক আদৰণি জনাইছে। সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ পূৰ্বে   ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হোৱা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অ-মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ কোনো আইন নাছিল। 

ই দেশৰ কোটি কোটি মুছলমানক ক্ষতিগ্ৰস্ত  নকৰে। উল্লেখ্য লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছিল।নাগৰিকত্ব সংশোধনী আইনে  হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১  ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল।  বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। 

নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু