--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত আৰম্ভ হৈছে ৰাজনৈতিক  নাটক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে মঙলবাৰে  মিত্ৰশক্তিৰ সৈতে আসন ভাগ-বতৰাক লৈ হোৱা মতানৈক্যৰ পৰিণতিত পদত্যাগ কৰে। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰে।  হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হ’ব বিজেপিৰে  নায়াব সিং ছাইনী।  

তেওঁ আজি শপত গ্ৰহণ কৰিব। উল্লেখ্য বিজেপি-জেজেপি মিত্ৰজোঁটে হাৰিয়ানাত চৰকাৰ গঠন কৰিছিল। সূত্ৰ অনুসৰি খট্টৰৰ বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত আসন ভাগ-বতৰাক লৈ দুষ্মন্ত চৌটালাৰ জননায়ক জনতা পাৰ্টীৰ সৈতে বিবাদত লিপ্ত হয়।  খট্টৰে মঙলবাৰে  পুৱা ৰাজ্যপাল বান্দাৰু দত্তৰেয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। গোটেই ঘটনাটোক লৈ বিজেপি অসন্তুষ্ট হৈ পৰিছে। ৯০ জনীয়া হাৰিয়ানা বিধানসভাত বিজেপিৰ ৪০ জন বিধায়ক আছে।

 গেৰুৱা দলটোৱে ইয়াৰ সহযোগী জেজেপিকলৈ চৰকাৰ গঠন কৰিছিল।   জেজেপিয়ে ১০ খন লোকসভা আসনৰ ভিতৰত তিনিখন দাবী কৰিছিল। অৱশ্যে, বিজেপিয়ে এখনতকৈ  অধিক আসন এৰি দিবলৈ অসন্মত হৈছিল। ইয়াৰ বিজেপি-জেজেপিৰ মাজত বিবাদে গা কৰি উঠিছিল। সোমবাৰে এনে বিবাদৰ অন্ত পেলাবলৈ  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জেজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।   কিন্তু বৈঠকত কোনো সমাধান সূত্ৰ ওলোৱা নাছিল।  এনে পৰিস্থিতিত খট্টৰে  পদত্যাগ কৰে বুলি বহুতে ধাৰণা কৰিছে।  আন এক সূত্ৰই প্ৰকাশ কৰা মতে  মিত্ৰজোঁটত অন্তৰ্দ্বন্দ্বৰ বাবে নহয়, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বাবেই  খট্টৰে পদত্যাগ কৰিছে। অৱশ্যে খট্টৰে পদত্যাগৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ