--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত আৰম্ভ হৈছে ৰাজনৈতিক  নাটক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে মঙলবাৰে  মিত্ৰশক্তিৰ সৈতে আসন ভাগ-বতৰাক লৈ হোৱা মতানৈক্যৰ পৰিণতিত পদত্যাগ কৰে। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰে।  হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হ’ব বিজেপিৰে  নায়াব সিং ছাইনী।  

তেওঁ আজি শপত গ্ৰহণ কৰিব। উল্লেখ্য বিজেপি-জেজেপি মিত্ৰজোঁটে হাৰিয়ানাত চৰকাৰ গঠন কৰিছিল। সূত্ৰ অনুসৰি খট্টৰৰ বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত আসন ভাগ-বতৰাক লৈ দুষ্মন্ত চৌটালাৰ জননায়ক জনতা পাৰ্টীৰ সৈতে বিবাদত লিপ্ত হয়।  খট্টৰে মঙলবাৰে  পুৱা ৰাজ্যপাল বান্দাৰু দত্তৰেয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। গোটেই ঘটনাটোক লৈ বিজেপি অসন্তুষ্ট হৈ পৰিছে। ৯০ জনীয়া হাৰিয়ানা বিধানসভাত বিজেপিৰ ৪০ জন বিধায়ক আছে।

 গেৰুৱা দলটোৱে ইয়াৰ সহযোগী জেজেপিকলৈ চৰকাৰ গঠন কৰিছিল।   জেজেপিয়ে ১০ খন লোকসভা আসনৰ ভিতৰত তিনিখন দাবী কৰিছিল। অৱশ্যে, বিজেপিয়ে এখনতকৈ  অধিক আসন এৰি দিবলৈ অসন্মত হৈছিল। ইয়াৰ বিজেপি-জেজেপিৰ মাজত বিবাদে গা কৰি উঠিছিল। সোমবাৰে এনে বিবাদৰ অন্ত পেলাবলৈ  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জেজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।   কিন্তু বৈঠকত কোনো সমাধান সূত্ৰ ওলোৱা নাছিল।  এনে পৰিস্থিতিত খট্টৰে  পদত্যাগ কৰে বুলি বহুতে ধাৰণা কৰিছে।  আন এক সূত্ৰই প্ৰকাশ কৰা মতে  মিত্ৰজোঁটত অন্তৰ্দ্বন্দ্বৰ বাবে নহয়, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বাবেই  খট্টৰে পদত্যাগ কৰিছে। অৱশ্যে খট্টৰে পদত্যাগৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু