--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি দৈনিক বিভিন্ন ধৰণৰ খাদ্য খাওঁ৷ সকলো খাদ্যই শৰীৰৰ বাবে সমানে উপকাৰী নহয়৷ কেতবোৰ খাদ্যত কৰ্কট ৰোগ সৃষ্টিকাৰী নানান উপাদান থাকে৷ বিশেষকৈ পোৰা খাদ্য যেনে পোৰা গাহৰিৰ মাংস আদিত তেনে পদাৰ্থ বেছিকৈ থাকে৷ এক কথাত ক’বলৈ গ’লে খাদ্যৰ সৈতে স্বাস্থ্যৰ ওচৰ সম্পৰ্ক আছে। সঠিক খাদ্যৰ অভাৱত আমাৰ দেহ অকালতে ভাগি পৰে। একেদৰে কেতবোৰ খাদ্যই আমাৰ দেহৰ মাৰাত্মক ক্ষতিও কৰিব পাৰে। 

ব্ৰিটিছ মেডিকেল জাৰ্ণেলত  প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে ছডা জাতীয় পানীয়ই বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে তথ্য অনুসৰি বহুক্ষেত্ৰত  প্ৰায় ১০০ মিলি লিটাৰ ছডাই কিছুমান কেন্সাৰৰ মাত্ৰা ১৮ শতাংশ বৃদ্ধি কৰিব পাৰে য’ত অকল স্তনৰ টিউমাৰ ২২ শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা থাকে। গৱেষকসকলে কাৰ্বোনেটেড ড্ৰিংকছ, স্পৰ্টছ ড্ৰিংকছ, ছিৰাপ আৰু ফলৰ ৰসকে ধৰি ৯৭ বিধ পানীয়ক অধ্যয়নত সামৰি লৈছিল।

অধ্যয়নটোত প্ৰকাশ পোৱা মতে শীতল পানীয়ই শৰীৰৰ স্বাভাৱিক চৰ্বিত চেনিৰ প্ৰভাৱ, ব্লাড ছুগাৰ লেভেল বা শৰীৰ প্ৰদাহ বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে।কিন্তু ছডা বা বটলত ৰখা জ্যুচেই কেন্সাৰৰ বিপদ বৃদ্ধি কৰিব পৰা একমাত্ৰ খাদ্য নহয়। বহু গৱেষণাই দেখুৱাইছে যে এক বিভিন্ন প্ৰকাৰ খাদ্য সামগ্ৰীয়ে এনে বিপদৰ কাৰণ হ’ব পাৰে।
কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পৰা কিছুমান কাৰ্চিনোজেনিক (কৰ্কটোৎপাদক) খাদ্য হৈছে :-

কাৰ্চিনোজেনছ হৈছে উপাদান যাৰ কেন্সাৰৰ সৈতে সম্পৰ্ক আছে। কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। উল্লেখযোগ্য যে কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ কাৰণ নহয়, ই কেৱল কেন্সাৰৰ বিপদহে বৃদ্ধি কৰে।

যিবোৰ খাদ্য কম আঁহযুক্ত কিন্তু অতি শৰ্কৰাযুক্ত বা ৰিফাইন কাৰ্বছে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰিফাইন কাৰ্বছে শৰীৰত অতিমাত্ৰা ব্লাড ছুগাৰ (গ্লুক’জ)ৰ সৃষ্টি কৰি পাকস্থলী, স্তন আৰু কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধিৰ কাৰণ হৈ পৰে।

শৰীৰত থকা ইনছ্যুলিনে কেন্সাৰ কোষৰ শাখাবোৰক সহযোগ কৰে, যিয়ে ইয়াক অপসাৰণ কৰাটো কঠিন কৰি তোলে। আপুনি যদি ডায়েবেটিক, আপুনি চেনি আৰু ৰিফাইন কাৰ্বছৰ আন উপাদানসমূহ বৰ্জন কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ কিয়নো ই কলেষ্টৰেল কেন্সাৰ হোৱাৰ আশংকা অধিক পৰিমাণে বৃদ্ধি কৰে।

 জ্বলি যোৱা খাদ্যয়ো পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বোনছ উৎপাদন কৰিব পাৰে, যিটো কাৰ্চিনোজেনিক উপাদানসমূহৰ আন এটা গোট। সেয়েহে আপুনি বেছিকৈ ৰান্ধি থকা বা জ্বলি যোৱা খাদ্য বৰ্জন কৰক আৰু ভপোৱা, উতলোৱা, সেকা আদি আন ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰক।





জন্তুৰ মাংস (ৰেড মীট) খোৱাটোতো সাৱধানতা অৱলম্বন কৰা উচিত। ৰন্ধা জন্তুৰ মাংসকো কাৰ্চিনোজনিক গোটৰ অন্তৰ্গত হিচাপে ধৰা হয় আৰু ইও কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰন্ধা জন্তুৰ মাংস অধিক পৰিমানে খালে কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

মদ্যপানে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কেন্সাৰৰ সৃষ্টি কৰিব পাৰে। কাৰ্চনোজেনিক খাদ্যৰ প্ৰথম গোটৰ ভিতৰত মদ অন্যতম হিচাপে ধৰা হয়। সেয়েহে কেন্সাৰ সৃষ্টিৰ আশংকাৰ ক্ষেত্ৰত ইয়াক এক শক্তিশালী কাৰক হিচাপে ধৰা হয়।

ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰা হয় যে মদে আপোনাৰ মুখ আৰু ডিঙিৰ গহ্বৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ই লগতে আপোনাৰ শৰীৰত হ’ৰমনৰ স্তৰ বিঘ্নিত কৰি স্তনৰ কেন্সাৰৰ আশংকাও বৃদ্ধি কৰিব পাৰে।
আনহাতে, ডেইৰী উৎপাদিত গাখীৰৰ সামগ্ৰীসমূহে যদিওৱা কেন্সাৰৰ কাৰক নহয়, তথাপি বহু গৱেষণাই দেখুৱাইছে যে ডেইৰী উৎপন্ন সামগ্ৰীসমূহৰ অত্যধিক সেৱনে প্ৰষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে।

ইন্টাৰনেশ্যনেল জাৰ্ণেল অফ কেন্সাৰত প্ৰকাশিত অধ্যয়নত কোৱা হৈছে যে  ৬০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় সেৱনে খাদ্যনলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। কোৱা হৈছে যে খাদ্যনলীত অত্যধিৰ গৰম খাদ্যই সৃষ্টি কৰা  প্ৰদাহৰ বাবে কৰ্কটৰ আশংকা ৰৈ যায়। সেয়েহে, গৰম কফি বা চাহ সেৱন কৰাৰ আগতে অলপ ঠাণ্ডা হ'বলৈ দিয়া ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু