--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগে এতিয়া উত্তৰ-পূবৰ আন ৰাজ্য সমূহৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে। অসমৰ দৰে ৰাজ্যত কৰ্কট ৰোগৰ অন্যতম কাৰক হিচাবে গুটখা আৰু পাণমছলা আদিকেই বহুতে  জগৰীয়া কৰি আহিছে। অসমত গুটখা সেৱন কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে। কি ডেকা, কি বুঢ়া বহুতেই মুখত গুটখা অকণ নহ’লে যেন দিনটো পাৰেই নহয়।

 এই বদঅভ্যাসে কেনে বিপদ মাতিব পাৰে সেয়া বিপদ হোৱা লোকসকলৰ অৱস্থা নেদেখাসকলে অনুভৱ কৰিব নোৱাৰিব। গুটখাৰ ভয়াৱহতা জানিও বহুতেই নিতৌ পকেটৰ ধন খৰচ কৰি এই বৰবিহ খাই আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে পাণমছলাত মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰ উপস্থিতিৰ কথা। গুটখাত  বিষাক্ত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতিৰ কথা ন্যায়ালয়ত স্বীকাৰ কৰিলে ৰাজ্য চৰকাৰেও। 

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ   সময়ত  মহাধিবক্তা দেবজিৎ শইকীয়াই আদালতত এই কথা স্বীকাৰ কৰে।বজাৰত উপলব্ধ ৪৩টা পানমছলাৰ ব্ৰেণ্ডত ধৰা পৰিছে মেগনেছিয়াম কাৰ্বনেটৰ উপস্হিতি। 

মেগনেছিয়াম কাৰ্বনেট থকা পানমছলা  সন্দৰ্ভত  চৰকাৰে কেনে  ব্যৱস্হা লব সেই বিষয়ত এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। ইতিমধ্যে  বিমল,  ৰজনীগন্ধাকে ধৰি ৭ বিধ গুটখা তৈয়াৰ কৰা প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰিছে  ন্যায়ালয়ে।  ৭ নৱেম্বৰত  গোচৰটোৰ পৰৱৰ্ত্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব