--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগে এতিয়া উত্তৰ-পূবৰ আন ৰাজ্য সমূহৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে। অসমৰ দৰে ৰাজ্যত কৰ্কট ৰোগৰ অন্যতম কাৰক হিচাবে গুটখা আৰু পাণমছলা আদিকেই বহুতে  জগৰীয়া কৰি আহিছে। অসমত গুটখা সেৱন কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে। কি ডেকা, কি বুঢ়া বহুতেই মুখত গুটখা অকণ নহ’লে যেন দিনটো পাৰেই নহয়।

 এই বদঅভ্যাসে কেনে বিপদ মাতিব পাৰে সেয়া বিপদ হোৱা লোকসকলৰ অৱস্থা নেদেখাসকলে অনুভৱ কৰিব নোৱাৰিব। গুটখাৰ ভয়াৱহতা জানিও বহুতেই নিতৌ পকেটৰ ধন খৰচ কৰি এই বৰবিহ খাই আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে পাণমছলাত মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰ উপস্থিতিৰ কথা। গুটখাত  বিষাক্ত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতিৰ কথা ন্যায়ালয়ত স্বীকাৰ কৰিলে ৰাজ্য চৰকাৰেও। 

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ   সময়ত  মহাধিবক্তা দেবজিৎ শইকীয়াই আদালতত এই কথা স্বীকাৰ কৰে।বজাৰত উপলব্ধ ৪৩টা পানমছলাৰ ব্ৰেণ্ডত ধৰা পৰিছে মেগনেছিয়াম কাৰ্বনেটৰ উপস্হিতি। 

মেগনেছিয়াম কাৰ্বনেট থকা পানমছলা  সন্দৰ্ভত  চৰকাৰে কেনে  ব্যৱস্হা লব সেই বিষয়ত এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। ইতিমধ্যে  বিমল,  ৰজনীগন্ধাকে ধৰি ৭ বিধ গুটখা তৈয়াৰ কৰা প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰিছে  ন্যায়ালয়ে।  ৭ নৱেম্বৰত  গোচৰটোৰ পৰৱৰ্ত্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা