--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ সমস্যাৰ বাবে আমি ভিন্ন সমস্যাৰ সন্মুখীন হও। বহু মানুহৰ ডিঙি জ্বলা-পোৰাৰ সমস্যা আছে। এই সমস্যাক ইংৰাজীত হাৰ্টবাৰ্ণ বা এচিড ৰিফ্লাক্স বুলি জনা যায়। এইটো এটা সাধাৰণ সমস্যা, কিন্তু সময়মতে সমাধান কৰাটো অতি প্ৰয়োজনীয়, নহ’লে ইয়াৰ বাবেই পিছত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপুনি জানেনে যে ভুল টোপনিৰ অভ্যাসৰ বাবেও এনে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এচিড ৰিফ্লাক্স কি?

এচিড ৰিফ্লাক্স বা হাৰ্টবাৰ্ণ হজম শক্তিৰ লগত জড়িত সমস্যা য’ত আমাৰ খাদ্য হজম কৰিবলৈ ব্যৱহাৰ কৰা এচিড খাদ্যৰ পাইপ অৰ্থাৎ খাদ্যনলীৰ জৰিয়তে আমাৰ ডিঙিলৈ আহে, যাৰ ফলত সমস্যাৰ সৃষ্টি হয়।

এচিড ৰিফ্লাক্সৰ মূল লক্ষণ

পেটৰ এচিড ডিঙিলৈকে উজাই অহা
ডিঙিলৈ টেঙাপানী অহা
বুকু আৰু ডিঙি জ্বলা-পোৰা
খাদ্য গিলিবলৈ অসুবিধা হোৱা

ডিঙিত কিয় জ্বলা-পোৰা হয়?

আমাৰ পেটত খাদ্য হজম কৰিবলৈ এচিড নিৰ্গত হয়, যিবোৰক পাচন ৰস বুলিও কোৱা হয়, যেতিয়া খাদ্য পেটৰ ফালে যাবলৈ আৰম্ভ কৰে, তেতিয়া খাদ্যনলীৰ স্ফিংক্টাৰ নামৰ এটা ভালভ খোল খায় আৰু খাদ্য পেটত উপনীত হয়। যেতিয়া এচিডৰ পৰিমাণ বেছি হয় তেতিয়া ই খাদ্যৰ পাইপৰ মাজেৰে পুনৰ ডিঙিৰ ফালে যাবলৈ আৰম্ভ কৰে, যাৰ বাবে ডিঙি জ্বলাৰ সমস্যা হয়।

এনেকৈ শুলে সমস্যাৰ সৃষ্টি হয়

ডিঙিৰ জ্বলা-পোৰা আপোনাৰ শোৱাৰ ভংগীমাৰ সৈতে জড়িত, যদি আপুনি পেট পেলাই শুৱে আৰু যদি আপুনি সোঁ দিশে কাটি হৈ শুৱে তেন্তে ই এচিড ৰিফ্লাক্সৰ সম্ভাৱনা বৃদ্ধি কৰে। সেইবাবেই বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই কয় যে মানুহে সদায় বাওঁ দিশে কাটি কৰি শুব লাগে, যাতে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ