--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ সমস্যাৰ বাবে আমি ভিন্ন সমস্যাৰ সন্মুখীন হও। বহু মানুহৰ ডিঙি জ্বলা-পোৰাৰ সমস্যা আছে। এই সমস্যাক ইংৰাজীত হাৰ্টবাৰ্ণ বা এচিড ৰিফ্লাক্স বুলি জনা যায়। এইটো এটা সাধাৰণ সমস্যা, কিন্তু সময়মতে সমাধান কৰাটো অতি প্ৰয়োজনীয়, নহ’লে ইয়াৰ বাবেই পিছত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপুনি জানেনে যে ভুল টোপনিৰ অভ্যাসৰ বাবেও এনে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এচিড ৰিফ্লাক্স কি?

এচিড ৰিফ্লাক্স বা হাৰ্টবাৰ্ণ হজম শক্তিৰ লগত জড়িত সমস্যা য’ত আমাৰ খাদ্য হজম কৰিবলৈ ব্যৱহাৰ কৰা এচিড খাদ্যৰ পাইপ অৰ্থাৎ খাদ্যনলীৰ জৰিয়তে আমাৰ ডিঙিলৈ আহে, যাৰ ফলত সমস্যাৰ সৃষ্টি হয়।

এচিড ৰিফ্লাক্সৰ মূল লক্ষণ

পেটৰ এচিড ডিঙিলৈকে উজাই অহা
ডিঙিলৈ টেঙাপানী অহা
বুকু আৰু ডিঙি জ্বলা-পোৰা
খাদ্য গিলিবলৈ অসুবিধা হোৱা

ডিঙিত কিয় জ্বলা-পোৰা হয়?

আমাৰ পেটত খাদ্য হজম কৰিবলৈ এচিড নিৰ্গত হয়, যিবোৰক পাচন ৰস বুলিও কোৱা হয়, যেতিয়া খাদ্য পেটৰ ফালে যাবলৈ আৰম্ভ কৰে, তেতিয়া খাদ্যনলীৰ স্ফিংক্টাৰ নামৰ এটা ভালভ খোল খায় আৰু খাদ্য পেটত উপনীত হয়। যেতিয়া এচিডৰ পৰিমাণ বেছি হয় তেতিয়া ই খাদ্যৰ পাইপৰ মাজেৰে পুনৰ ডিঙিৰ ফালে যাবলৈ আৰম্ভ কৰে, যাৰ বাবে ডিঙি জ্বলাৰ সমস্যা হয়।

এনেকৈ শুলে সমস্যাৰ সৃষ্টি হয়

ডিঙিৰ জ্বলা-পোৰা আপোনাৰ শোৱাৰ ভংগীমাৰ সৈতে জড়িত, যদি আপুনি পেট পেলাই শুৱে আৰু যদি আপুনি সোঁ দিশে কাটি হৈ শুৱে তেন্তে ই এচিড ৰিফ্লাক্সৰ সম্ভাৱনা বৃদ্ধি কৰে। সেইবাবেই বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই কয় যে মানুহে সদায় বাওঁ দিশে কাটি কৰি শুব লাগে, যাতে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান