--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমীয়াত এষাৰ কথা আছে, এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। পিছে এইবাৰ নাতিনীয়েকৰ বিয়া নহয়, মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত উলাহৰ মাদুলি হৈ বিপদত পৰিল পঞ্জাৱ আৰক্ষী। ঘটনা সংঘটিত হ’ল পঞ্জাৱৰ নৱ-অভিষিক্ত মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীৰ পুত্ৰ বিবাহ অনুষ্ঠানত। মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত স্বাভাৱিকতে ৰাজ্যৰ আৰক্ষী বাহিনীক নিয়োগ কৰা হৈছিল সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাত। পিছে মুখ্যমন্ত্ৰীৰ পুত্ৰ বিয়াত ডিঙিলৈকে সুৰাপান কৰি মাতাল হৈ একপ্ৰকাৰ তাণ্ডৱ নৃত্য দেখুৱালে ভালেমান আৰক্ষী বিষয়া-জোৱানে। আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত অৱস্থাতে তেওঁলোকে মাতলামি কৰে চন্নীৰ পু্ত্ৰৰ বিবাহ অনুষ্ঠানত।

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ মুৰব্বীলৈ পত্ৰ প্ৰেৰণ কৰি এই দায়িত্বহীনতাৰ কথা উদঙাই দিছে। আনকি নিৰাপত্তা ব্যৱস্থাতো ভালেমান সুৰুঙা থকাৰ কথা তেওঁ প্ৰকাশ কৰে পত্ৰযোগে। এনে দায়িত্বহীন আচৰণ কৰা এগৰাকী আৰক্ষী বিষয়াক ইতিমধ্যে নিলম্বিতও কৰা হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী চন্নীৰ পুত্ৰ নৱজিৎ সিঙে ইঞ্জিনিয়াৰিঙৰ স্নাতক ছিমৰনধীৰ কৌৰৰ সৈতে শনিবাৰে মোহালিৰ এটা গুৰুদ্বাৰত বিবাহপাশত আবদ্ধ হয়। তাৰ পূ্ৰ্বে অনুষ্ঠিত ‘মহিলাৰ সংগীত’ অনুষ্ঠানত ব্যাপক নিৰাপত্তাজনিত সুৰুঙা ধৰা পৰে। মোহালীৰ আৰিষ্টা নামৰ ৰিজ’ৰ্টখনত ৮ অক্টোবৰত অনুষ্ঠিত এই অনুষ্ঠানত ভালেমান সশস্ত্ৰ লোকে প্ৰৱেশ কৰিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

মূল প্ৰৱেশদ্বাৰত ভালদৰে পৰীক্ষা নকৰাৰ বাবেই এনে হ’বলৈ পায়। নিৰাপত্তা ব্যৱ্স্থাৰ চোৱাচিতাৰ বাবে নিয়োগ কৰা মহিলা আৰক্ষীয়ে খোৱা-লোৱাত ব্যস্ত হৈ আছিল। হাইপ্ৰফাইল কাৰ্যসূচীটোত আনকি চিচিটিভিৰো ব্যৱস্থা কৰা হোৱা নাছিল। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ লোকসকলে মোবাইলত ভিডিঅ’ চোৱাত আৰু একাংশই মদ খোৱাত ব্যস্ত হৈ পৰিছিল। আনকি মূল প্ৰৱেশদ্বাৰত নিয়োজিত একাংশই অনুষ্ঠান শেষ হোৱাৰ পূৰ্বেই সেইস্থান ত্যাগ কৰিছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীতে এনে গুৰুতৰ নিৰাপত্তাজনিত বিসংগতিক লৈ এতিয়া অস্বস্তিত পৰিছে পঞ্জাৱ আৰক্ষী। ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক