--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমীয়াত এষাৰ কথা আছে, এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। পিছে এইবাৰ নাতিনীয়েকৰ বিয়া নহয়, মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত উলাহৰ মাদুলি হৈ বিপদত পৰিল পঞ্জাৱ আৰক্ষী। ঘটনা সংঘটিত হ’ল পঞ্জাৱৰ নৱ-অভিষিক্ত মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীৰ পুত্ৰ বিবাহ অনুষ্ঠানত। মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত স্বাভাৱিকতে ৰাজ্যৰ আৰক্ষী বাহিনীক নিয়োগ কৰা হৈছিল সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাত। পিছে মুখ্যমন্ত্ৰীৰ পুত্ৰ বিয়াত ডিঙিলৈকে সুৰাপান কৰি মাতাল হৈ একপ্ৰকাৰ তাণ্ডৱ নৃত্য দেখুৱালে ভালেমান আৰক্ষী বিষয়া-জোৱানে। আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত অৱস্থাতে তেওঁলোকে মাতলামি কৰে চন্নীৰ পু্ত্ৰৰ বিবাহ অনুষ্ঠানত।

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ মুৰব্বীলৈ পত্ৰ প্ৰেৰণ কৰি এই দায়িত্বহীনতাৰ কথা উদঙাই দিছে। আনকি নিৰাপত্তা ব্যৱস্থাতো ভালেমান সুৰুঙা থকাৰ কথা তেওঁ প্ৰকাশ কৰে পত্ৰযোগে। এনে দায়িত্বহীন আচৰণ কৰা এগৰাকী আৰক্ষী বিষয়াক ইতিমধ্যে নিলম্বিতও কৰা হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী চন্নীৰ পুত্ৰ নৱজিৎ সিঙে ইঞ্জিনিয়াৰিঙৰ স্নাতক ছিমৰনধীৰ কৌৰৰ সৈতে শনিবাৰে মোহালিৰ এটা গুৰুদ্বাৰত বিবাহপাশত আবদ্ধ হয়। তাৰ পূ্ৰ্বে অনুষ্ঠিত ‘মহিলাৰ সংগীত’ অনুষ্ঠানত ব্যাপক নিৰাপত্তাজনিত সুৰুঙা ধৰা পৰে। মোহালীৰ আৰিষ্টা নামৰ ৰিজ’ৰ্টখনত ৮ অক্টোবৰত অনুষ্ঠিত এই অনুষ্ঠানত ভালেমান সশস্ত্ৰ লোকে প্ৰৱেশ কৰিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

মূল প্ৰৱেশদ্বাৰত ভালদৰে পৰীক্ষা নকৰাৰ বাবেই এনে হ’বলৈ পায়। নিৰাপত্তা ব্যৱ্স্থাৰ চোৱাচিতাৰ বাবে নিয়োগ কৰা মহিলা আৰক্ষীয়ে খোৱা-লোৱাত ব্যস্ত হৈ আছিল। হাইপ্ৰফাইল কাৰ্যসূচীটোত আনকি চিচিটিভিৰো ব্যৱস্থা কৰা হোৱা নাছিল। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ লোকসকলে মোবাইলত ভিডিঅ’ চোৱাত আৰু একাংশই মদ খোৱাত ব্যস্ত হৈ পৰিছিল। আনকি মূল প্ৰৱেশদ্বাৰত নিয়োজিত একাংশই অনুষ্ঠান শেষ হোৱাৰ পূৰ্বেই সেইস্থান ত্যাগ কৰিছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীতে এনে গুৰুতৰ নিৰাপত্তাজনিত বিসংগতিক লৈ এতিয়া অস্বস্তিত পৰিছে পঞ্জাৱ আৰক্ষী। ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা