--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ নিজেই জালত পৰিব চিকাৰী। বাদশ্বাহ তনয় আৰিয়ান খানত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। চাঞ্চল্য হৈছিল আন এটা বিষয়ক লৈও। কিয়নো ১ অক্টোবৰৰ নিশা প্ৰমোদ তৰীত এনচিবি-এ তালাচী চলোৱাৰ সময়ত দুজন সন্দেহজনক লোক তাত উপস্থিত আছিল। তাৰ এজন আছিল বিজেপি নেতা যিয়ে সেই সময়ত তেওঁৰ উপস্থিতিৰ কথা স্বীকাৰ কৰিছে।

...দুজন সন্দেহজনক লোক তাত উপস্থিত আছিল। তাৰ এজন আছিল বিজেপি নেতা যিয়ে সেই সময়ত তেওঁৰ উপস্থিতিৰ কথা স্বীকাৰ কৰিছে। ...

আনহাতে আনজন আছিল তথাকথিত প্ৰাইভেট ডিটেকটিভ কে পি গোছাৱী। গোছাৱীয়ে আৰিয়ানক আটক কৰাৰ পাছতে লোৱা এখন ছেলফী ভাইৰেল হৈ পৰিছিল আৰু এই সমগ্ৰ ঘটনাক সন্দেহৰ আৱৰ্তলৈ লৈ আহিছিল। এইবাৰ এই গোছাৱীৰ পৰ্দা ফাচ হৈছে। তেওঁক বিচাৰি এইবাৰ জাৰি কৰা হৈছে লুকআউট নটিছ। পুনে আৰক্ষীয়ে লুকআউট নটিচ জাৰি কৰিছে কে পি গোছাৱীৰ বিৰুদ্ধে। কিন্তু কিহৰ বাবে এই লুকআউট নটিচ? কে পি গোছাৱীৰ আছে বহু বদনাম। বিভিন্ন অভিযোগৰ আঁতধৰি ক’বলৈ হ’লে তেওঁ এজন ঠগ।

...কিন্তু কিহৰ বাবে এই লুকআউট নটিচ? কে পি গোছাৱীৰ আছে বহু বদনাম। বিভিন্ন অভিযোগৰ আঁতধৰি ক’বলৈ হ’লে তেওঁ এজন ঠগ।...

২০১৮ চনত তেওঁৰ বিৰুদ্ধে পুনেত ৰুজু হৈছিল প্ৰৱঞ্চনাৰ গোচৰ। এতিয়া সেই গোচৰৰ আঁত ধৰিয়েই লোকজনৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰিছে আৰক্ষীয়ে যাতে দেশ এৰি যোৱাৰ পৰা প্ৰৱঞ্চকজনক বাধা দিব পৰা যায়। কেৱল এইটো গোচৰেই নহয়, তেওঁৰ বিৰু্দ্ধে প্ৰৱঞ্চনাৰ চাৰিটা গোচৰ ৰৰুজু হৈ আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পুনে আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তই এই বিষয়ে প্ৰকাশক কৰি কয়, ‘আমি ইতিমধ্যে কেপি গোছাৱী বিৰুদ্ধে লুক আউট জাননী জাৰি কৰিছোঁ। যাৰ বিৰুদ্ধে ২০১৮চনতে এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ পলাতক হৈ আছে। ফাৰাছখানা আৰক্ষী থানাত এই গোচৰ ৰুজু হৈছিল।’ পুনেৰ এজন লোকক মালয়েছিয়াত চাকৰি দিম বুলি কেইবালাখো টকাৰ প্ৰৱঞ্চনা কৰিছিল এইজন পলাতক অভিযুক্তই। প্ৰমোদ তৰীত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা দলত এনে লোকৰ উপস্থিতি সন্দেহৰ কাৰণ হৈ পৰিছে। এই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পাছতে আৰিয়ান খান কাণ্ড সন্দৰ্ভত এনচিবিৰ বিৰুদ্ধে যি সন্দেহৰ সৃষ্টি হৈছিল সেয়া অধিক তীব্ৰ হোৱাটো নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা