--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ নিজেই জালত পৰিব চিকাৰী। বাদশ্বাহ তনয় আৰিয়ান খানত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। চাঞ্চল্য হৈছিল আন এটা বিষয়ক লৈও। কিয়নো ১ অক্টোবৰৰ নিশা প্ৰমোদ তৰীত এনচিবি-এ তালাচী চলোৱাৰ সময়ত দুজন সন্দেহজনক লোক তাত উপস্থিত আছিল। তাৰ এজন আছিল বিজেপি নেতা যিয়ে সেই সময়ত তেওঁৰ উপস্থিতিৰ কথা স্বীকাৰ কৰিছে।

...দুজন সন্দেহজনক লোক তাত উপস্থিত আছিল। তাৰ এজন আছিল বিজেপি নেতা যিয়ে সেই সময়ত তেওঁৰ উপস্থিতিৰ কথা স্বীকাৰ কৰিছে। ...

আনহাতে আনজন আছিল তথাকথিত প্ৰাইভেট ডিটেকটিভ কে পি গোছাৱী। গোছাৱীয়ে আৰিয়ানক আটক কৰাৰ পাছতে লোৱা এখন ছেলফী ভাইৰেল হৈ পৰিছিল আৰু এই সমগ্ৰ ঘটনাক সন্দেহৰ আৱৰ্তলৈ লৈ আহিছিল। এইবাৰ এই গোছাৱীৰ পৰ্দা ফাচ হৈছে। তেওঁক বিচাৰি এইবাৰ জাৰি কৰা হৈছে লুকআউট নটিছ। পুনে আৰক্ষীয়ে লুকআউট নটিচ জাৰি কৰিছে কে পি গোছাৱীৰ বিৰুদ্ধে। কিন্তু কিহৰ বাবে এই লুকআউট নটিচ? কে পি গোছাৱীৰ আছে বহু বদনাম। বিভিন্ন অভিযোগৰ আঁতধৰি ক’বলৈ হ’লে তেওঁ এজন ঠগ।

...কিন্তু কিহৰ বাবে এই লুকআউট নটিচ? কে পি গোছাৱীৰ আছে বহু বদনাম। বিভিন্ন অভিযোগৰ আঁতধৰি ক’বলৈ হ’লে তেওঁ এজন ঠগ।...

২০১৮ চনত তেওঁৰ বিৰুদ্ধে পুনেত ৰুজু হৈছিল প্ৰৱঞ্চনাৰ গোচৰ। এতিয়া সেই গোচৰৰ আঁত ধৰিয়েই লোকজনৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰিছে আৰক্ষীয়ে যাতে দেশ এৰি যোৱাৰ পৰা প্ৰৱঞ্চকজনক বাধা দিব পৰা যায়। কেৱল এইটো গোচৰেই নহয়, তেওঁৰ বিৰু্দ্ধে প্ৰৱঞ্চনাৰ চাৰিটা গোচৰ ৰৰুজু হৈ আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পুনে আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তই এই বিষয়ে প্ৰকাশক কৰি কয়, ‘আমি ইতিমধ্যে কেপি গোছাৱী বিৰুদ্ধে লুক আউট জাননী জাৰি কৰিছোঁ। যাৰ বিৰুদ্ধে ২০১৮চনতে এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ পলাতক হৈ আছে। ফাৰাছখানা আৰক্ষী থানাত এই গোচৰ ৰুজু হৈছিল।’ পুনেৰ এজন লোকক মালয়েছিয়াত চাকৰি দিম বুলি কেইবালাখো টকাৰ প্ৰৱঞ্চনা কৰিছিল এইজন পলাতক অভিযুক্তই। প্ৰমোদ তৰীত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা দলত এনে লোকৰ উপস্থিতি সন্দেহৰ কাৰণ হৈ পৰিছে। এই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পাছতে আৰিয়ান খান কাণ্ড সন্দৰ্ভত এনচিবিৰ বিৰুদ্ধে যি সন্দেহৰ সৃষ্টি হৈছিল সেয়া অধিক তীব্ৰ হোৱাটো নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক