--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সদায় সুন্দৰ কিন্তু কিছুমানে প্ৰেমৰ দৰে পবিত্ৰ শব্দক নিজৰ কুকৰ্মৰে কলুষিত কৰি আহিছে। ৰাজস্থান ঝুনঝুনুত সংঘটিত হৈছে এক অতি দুৰ্ভাগ্যজনক ঘটনা। বোৱাৰীয়েকৰ অবৈধ প্ৰেমৰ বাবে নিজৰ প্ৰাণ দিবলগীয়া হ’ল এগৰাকী শাহুৱেকে। ঘটনাটো পুৰণি কিন্তু সত্য কথা কেতিয়াও লুকাই নাথাকে। এদিন নহয় এদিন সত্য উন্মোচিত হ'বই। সেইদিনা আছিল ২০১৯ চনৰ ২ জুন। আনদিনাৰ দৰে ২ জুনৰ আগনিশাও নিশাৰ আহাৰ গ্ৰহণ কৰি নিজৰ শোৱনি কোঠাত শুবলৈ গৈছিল সুবোধ দেৱী নামৰ মহিলাগৰাকী।

পুৱা সদায় সোনকালে উঠা সুবোধ দেৱী বহুপৰ লৈকে নুঠা দেখি বোৱাৰী আল্পনাই জগাবলৈ গ'ল। কিন্তু শাহুৱেকৰ শোৱনি কোঠাত সোমায়ে এক প্ৰচণ্ড চিঞৰ মাৰিলে আল্পনাই। তেওঁ দেখিলে শাহুৱেকে কোনো সাৰ-সিকটি নোহোৱাকৈ বিচনাত জঠৰ হৈ পৰি আছে আৰু কোঠাটোৰ এটা কোণত এডাল ফেঁটী সাপে ফেঁট তুলি ফচফচাই আছে। আল্পনাই চিঞৰ মাৰি মাৰি ওচৰ-চুবুৰীয়াক কথাটো জনালে। শহুৰেক দুদিনমানৰ আগত ক'ৰবাত ফুৰিবলৈ গৈছিল আৰু আল্পনাৰ স্বামী শচীন এজন বায়ুসেনা বিষয়া আৰু তেওঁ কৰ্মসূত্ৰে থাকে ৰাজস্থানৰ বাহিৰত। ওচৰ-চুবুৰীয়াৰ সৈতে মিলি আল্পনাই শাহুৱেকক হাস্পতাললৈ লৈ গ'ল। হাস্পতালত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। এক দুৰ্ভাগ্যজনক ঘটনা বুলিয়েই সকলোৱে ইয়াক মানি লৈছিল। দিন বাগৰিল। হঠাতে এদিন আল্পনাৰ শহুৰেকে এনেকুৱা কথা এটা শুনিলে যি কথা শুনি তেওঁ নিশ্চিত হ'ল যে সুবোধ দেৱীৰ মৃত্যু স্বাভাৱিক নহয়।

আল্পনাই ফোনত কাৰোবাৰ সৈতে শাহুৱেকৰ মৃত্যুৰ ঘটনাটোক লৈ কথা পাতি আছিল। শহুৰেকে সেইদিনাই আৰক্ষী থানাত গৈ বোৱাৰীয়েকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আল্পনাক আটক কৰি থানালৈ আনি জেৰা কৰে আৰু সেই জেৰাত তেওঁ স্বীকাৰ কৰে যে শাহুৱেকৰ মৃত্যু স্বাভাৱিক নাছিল। সুবোধ দেৱীক আল্পনা আৰু আল্পনাৰ অবৈধ প্ৰেমিক মনীষে মিলি হত্যা কৰিছে। ঘটনাটোৰ দিনা শাহুৱেকক বানানা শ্বেকত শ্লিপিং টেবলেট মিহলাই খাবলৈ দিয়ে আল্পনাই। সেই সময়তে এডাল বিষাক্ত সাপ লৈ উপস্থিত হয় মনীষ।

দুয়ো আলোচনা কৰে যে সাপডালে যদি সুবোধ দেৱীক নুখুঁটে তেন্তে সকলো পৰিকল্পনা অথলে যাব। শুই থকা সুবোধ দেৱীক দুয়ো গাৰুৰে হেঁচা মাৰি হত্যা কৰে আৰু কোঠাটোত সাপডাল মেলি দিয়ে। আৰক্ষীৰ জেৰাত আল্পনাই কয় যে শাহুৱেকে আল্পনাৰ অবৈধ প্ৰেমৰ কথা গম পাইছিল আৰু সদায় বাধা দিছিল। পুত্ৰ শচীনক সকলোখিনি কৈ দিম বুলি আল্পনাক ধমকি দিছিল শাহুৱেকে। সেয়েহে আল্পনা আৰু প্ৰেমিক মনীষে মিলি হত্যা কৰে সুবোধ দেৱীক।

আৰক্ষীয়ে অধিক তদন্তৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ পিছত বাকী থকা সুবোধ দেৱীৰ কিছু হাড় ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আপুনি জানি আচৰিত হ'ব যে এই পৰীক্ষাত সুবোধ দেৱীৰ হাড়ত সাপৰ বিষো ধৰা পৰে। অৰ্থাৎ তেওঁলোক দুয়োজনে উশাহ বন্ধ কৰি সুবোধ দেৱীক হত্যা কৰিছিল, কিন্তু সেই নিশা কোঠাটোত এৰি থোৱা বিষাক্ত সাপটোৱেও সুবোধ দেৱী দংশন কৰিছিল। ঘটনাটোৱে ২ বছৰ অতিক্ৰম কৰি গ'ল যদিও সত্য পোহৰলৈ নহাকৈ নাথাকিল। বৰ্তমান দুয়ো আৰক্ষীৰ জিম্মাত। দুয়োৰে জামিন আবেদন আদালতে নাকচ কৰিছে৷ স্থানীয় সকলো লোকেই আল্পনা আৰু মনীষক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক