--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সদায় সুন্দৰ কিন্তু কিছুমানে প্ৰেমৰ দৰে পবিত্ৰ শব্দক নিজৰ কুকৰ্মৰে কলুষিত কৰি আহিছে। ৰাজস্থান ঝুনঝুনুত সংঘটিত হৈছে এক অতি দুৰ্ভাগ্যজনক ঘটনা। বোৱাৰীয়েকৰ অবৈধ প্ৰেমৰ বাবে নিজৰ প্ৰাণ দিবলগীয়া হ’ল এগৰাকী শাহুৱেকে। ঘটনাটো পুৰণি কিন্তু সত্য কথা কেতিয়াও লুকাই নাথাকে। এদিন নহয় এদিন সত্য উন্মোচিত হ'বই। সেইদিনা আছিল ২০১৯ চনৰ ২ জুন। আনদিনাৰ দৰে ২ জুনৰ আগনিশাও নিশাৰ আহাৰ গ্ৰহণ কৰি নিজৰ শোৱনি কোঠাত শুবলৈ গৈছিল সুবোধ দেৱী নামৰ মহিলাগৰাকী।

পুৱা সদায় সোনকালে উঠা সুবোধ দেৱী বহুপৰ লৈকে নুঠা দেখি বোৱাৰী আল্পনাই জগাবলৈ গ'ল। কিন্তু শাহুৱেকৰ শোৱনি কোঠাত সোমায়ে এক প্ৰচণ্ড চিঞৰ মাৰিলে আল্পনাই। তেওঁ দেখিলে শাহুৱেকে কোনো সাৰ-সিকটি নোহোৱাকৈ বিচনাত জঠৰ হৈ পৰি আছে আৰু কোঠাটোৰ এটা কোণত এডাল ফেঁটী সাপে ফেঁট তুলি ফচফচাই আছে। আল্পনাই চিঞৰ মাৰি মাৰি ওচৰ-চুবুৰীয়াক কথাটো জনালে। শহুৰেক দুদিনমানৰ আগত ক'ৰবাত ফুৰিবলৈ গৈছিল আৰু আল্পনাৰ স্বামী শচীন এজন বায়ুসেনা বিষয়া আৰু তেওঁ কৰ্মসূত্ৰে থাকে ৰাজস্থানৰ বাহিৰত। ওচৰ-চুবুৰীয়াৰ সৈতে মিলি আল্পনাই শাহুৱেকক হাস্পতাললৈ লৈ গ'ল। হাস্পতালত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। এক দুৰ্ভাগ্যজনক ঘটনা বুলিয়েই সকলোৱে ইয়াক মানি লৈছিল। দিন বাগৰিল। হঠাতে এদিন আল্পনাৰ শহুৰেকে এনেকুৱা কথা এটা শুনিলে যি কথা শুনি তেওঁ নিশ্চিত হ'ল যে সুবোধ দেৱীৰ মৃত্যু স্বাভাৱিক নহয়।

আল্পনাই ফোনত কাৰোবাৰ সৈতে শাহুৱেকৰ মৃত্যুৰ ঘটনাটোক লৈ কথা পাতি আছিল। শহুৰেকে সেইদিনাই আৰক্ষী থানাত গৈ বোৱাৰীয়েকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আল্পনাক আটক কৰি থানালৈ আনি জেৰা কৰে আৰু সেই জেৰাত তেওঁ স্বীকাৰ কৰে যে শাহুৱেকৰ মৃত্যু স্বাভাৱিক নাছিল। সুবোধ দেৱীক আল্পনা আৰু আল্পনাৰ অবৈধ প্ৰেমিক মনীষে মিলি হত্যা কৰিছে। ঘটনাটোৰ দিনা শাহুৱেকক বানানা শ্বেকত শ্লিপিং টেবলেট মিহলাই খাবলৈ দিয়ে আল্পনাই। সেই সময়তে এডাল বিষাক্ত সাপ লৈ উপস্থিত হয় মনীষ।

দুয়ো আলোচনা কৰে যে সাপডালে যদি সুবোধ দেৱীক নুখুঁটে তেন্তে সকলো পৰিকল্পনা অথলে যাব। শুই থকা সুবোধ দেৱীক দুয়ো গাৰুৰে হেঁচা মাৰি হত্যা কৰে আৰু কোঠাটোত সাপডাল মেলি দিয়ে। আৰক্ষীৰ জেৰাত আল্পনাই কয় যে শাহুৱেকে আল্পনাৰ অবৈধ প্ৰেমৰ কথা গম পাইছিল আৰু সদায় বাধা দিছিল। পুত্ৰ শচীনক সকলোখিনি কৈ দিম বুলি আল্পনাক ধমকি দিছিল শাহুৱেকে। সেয়েহে আল্পনা আৰু প্ৰেমিক মনীষে মিলি হত্যা কৰে সুবোধ দেৱীক।

আৰক্ষীয়ে অধিক তদন্তৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ পিছত বাকী থকা সুবোধ দেৱীৰ কিছু হাড় ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আপুনি জানি আচৰিত হ'ব যে এই পৰীক্ষাত সুবোধ দেৱীৰ হাড়ত সাপৰ বিষো ধৰা পৰে। অৰ্থাৎ তেওঁলোক দুয়োজনে উশাহ বন্ধ কৰি সুবোধ দেৱীক হত্যা কৰিছিল, কিন্তু সেই নিশা কোঠাটোত এৰি থোৱা বিষাক্ত সাপটোৱেও সুবোধ দেৱী দংশন কৰিছিল। ঘটনাটোৱে ২ বছৰ অতিক্ৰম কৰি গ'ল যদিও সত্য পোহৰলৈ নহাকৈ নাথাকিল। বৰ্তমান দুয়ো আৰক্ষীৰ জিম্মাত। দুয়োৰে জামিন আবেদন আদালতে নাকচ কৰিছে৷ স্থানীয় সকলো লোকেই আল্পনা আৰু মনীষক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে