--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ অন্যতম বিতৰ্কিত ছবি সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালিত ‘এনিমেল’। ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰ অভিনীত ছবিখন। ‘এনিমেল’ মুক্তিৰ পিছত সমালোচকৰ এক বৃহৎ অংশই দাবী কৰে যে ছবিখনত বাংগাই পুৰুষত্ব আৰু নাৰীবিদ্বেষৰ উদযাপন কৰিছে। কেৱল সমালোচকেই নহয়, জাভেদ আখতাৰৰ দৰে প্ৰবীণ গীতিকাৰেও ছবিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

বিতৰ্কৰ মাজতো ঋষি-পুত্ৰ ৰণবীৰে ‘এনিমেল’ ছবিত কৰা কামৰ বাবে দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ছবিখন চাই ৰণবীৰ সিঙে পৰিচালকক ফোন কৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত সন্দীপে কয় যে ৰণবীৰ সিঙে ‘এনিমেল’ চাই তেওঁক ফোন কৰিছিল। কেৱল সেয়াই নহয়, অভিনেতাগৰাকীয়ে পিছত এটা দীঘলীয়া বাৰ্তাও প্ৰেৰণ কৰে। সন্দীপে কয়, "ৰণবীৰৰ পৰা ইমান ভাল সঁহাৰি পাই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলো। আমি প্ৰায় ৪০ মিনিট কথা পাতিলোঁ।'' সন্দীপে লগতে কয়, ''পিছলৈ তেওঁ মোলৈ এটা দীঘলীয়া মেছেজ পঠালে, যিটো মই তিনি-চাৰিবাৰ পঢ়িলোঁ।'' ৷

‘এনিমেল’ৰ পূৰ্বে সন্দীপ ৰেড্ডী বাংগাই পৰিচালনা কৰিছিল ‘কবীৰ সিং’। আমোদজনক কথাটো হ’ল শ্বাহিদ কাপুৰৰ আগতে তেওঁ ৰণবীৰক এই ছবিখনত অভিনয়ৰ প্ৰস্তাৱ দিছিল। কিন্তু ছবিখনৰ বিষয়বস্তু ভাল নাপালে ৰণবীৰে এই কথাত সন্মতি নিদিলে। কিন্তু এই ছবিখনত সন্মতি দিয়াৰ পিছত শ্বাহিদৰ কেৰিয়াৰৰ দিশ সলনি হ’ল। সম্প্ৰতি সন্দীপ তেওঁৰ পৰৱৰ্তী ছবি ‘এনিমেল পাৰ্ক’ৰ প্ৰস্তুতিত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক