--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ অন্যতম বিতৰ্কিত ছবি সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালিত ‘এনিমেল’। ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰ অভিনীত ছবিখন। ‘এনিমেল’ মুক্তিৰ পিছত সমালোচকৰ এক বৃহৎ অংশই দাবী কৰে যে ছবিখনত বাংগাই পুৰুষত্ব আৰু নাৰীবিদ্বেষৰ উদযাপন কৰিছে। কেৱল সমালোচকেই নহয়, জাভেদ আখতাৰৰ দৰে প্ৰবীণ গীতিকাৰেও ছবিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

বিতৰ্কৰ মাজতো ঋষি-পুত্ৰ ৰণবীৰে ‘এনিমেল’ ছবিত কৰা কামৰ বাবে দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ছবিখন চাই ৰণবীৰ সিঙে পৰিচালকক ফোন কৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত সন্দীপে কয় যে ৰণবীৰ সিঙে ‘এনিমেল’ চাই তেওঁক ফোন কৰিছিল। কেৱল সেয়াই নহয়, অভিনেতাগৰাকীয়ে পিছত এটা দীঘলীয়া বাৰ্তাও প্ৰেৰণ কৰে। সন্দীপে কয়, "ৰণবীৰৰ পৰা ইমান ভাল সঁহাৰি পাই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলো। আমি প্ৰায় ৪০ মিনিট কথা পাতিলোঁ।'' সন্দীপে লগতে কয়, ''পিছলৈ তেওঁ মোলৈ এটা দীঘলীয়া মেছেজ পঠালে, যিটো মই তিনি-চাৰিবাৰ পঢ়িলোঁ।'' ৷

‘এনিমেল’ৰ পূৰ্বে সন্দীপ ৰেড্ডী বাংগাই পৰিচালনা কৰিছিল ‘কবীৰ সিং’। আমোদজনক কথাটো হ’ল শ্বাহিদ কাপুৰৰ আগতে তেওঁ ৰণবীৰক এই ছবিখনত অভিনয়ৰ প্ৰস্তাৱ দিছিল। কিন্তু ছবিখনৰ বিষয়বস্তু ভাল নাপালে ৰণবীৰে এই কথাত সন্মতি নিদিলে। কিন্তু এই ছবিখনত সন্মতি দিয়াৰ পিছত শ্বাহিদৰ কেৰিয়াৰৰ দিশ সলনি হ’ল। সম্প্ৰতি সন্দীপ তেওঁৰ পৰৱৰ্তী ছবি ‘এনিমেল পাৰ্ক’ৰ প্ৰস্তুতিত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু