--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা প্ৰথম ফাউণ্ডেচনৰ নেতৃত্বত চলা এটা সমীক্ষাই দেশৰ গ্ৰামাঞ্চলৰ শিক্ষাখণ্ডৰ কিছু উদ্বেগজনক আৰু সামগ্ৰিকভাৱে হতাশজনক এখন ছবি তুলি ধৰিছে৷ এই জৰীপৰ আধাৰত ১৭ জানুৱাৰীত প্ৰকাশ পাইছে এনুৱেল ষ্টেটাছ অব্ এডুকেশ্যন ৰিপ’ৰ্ট৷ দেশখনত শিক্ষানুষ্ঠানসমূহত ১৪-১৮ বছৰ বয়সৰ ৮৬.৮ শতাংশৰো অধিক কিশোৰ-কিশোৰীয়ে অধ্যয়ন কৰে যদিও তেওঁলোকৰ ভিতৰত এক চতুৰ্থাংশই (২৫%) দ্বিতীয় শ্ৰেণীৰ পৰ্যায়ৰ পাঠেই তেওঁলোকৰ আঞ্চলিক ভাষাত সাৱলীলভাৱে পঢ়িব নোৱাৰে৷ এই বছৰ এনুৱেল এডুকেশ্যন ষ্টেটাচ ৰিপ’ৰ্টে ১৪-১৮  বছৰীয়া শিশু-কিশোৰক গুৰুত্ব দিছিল আৰু নামভৰ্তিৰ প্ৰকাৰ, শিকাৰ স্তৰ আৰু তেওঁলোকৰ আকাংক্ষাক মূল্যায়ন কৰিছিল৷

বিগত ১০ বছৰে দেশৰ সৰ্বাংগীন উন্নতি হোৱা বুলি কৈ আহিছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ বিশেষকৈ দেশৰ শিক্ষাখণ্ডৰ উন্নতিৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে বিভিন্ন আঁচনি, শিক্ষানীতি প্ৰৱৰ্তনকে ধৰি কেতবোৰ কাৰ্যসূচীও হাতত লোৱা পৰিলক্ষিত হৈছে। কিন্তু বাস্তৱত হৈছে কি?

এএছই ৰিপ’ৰ্টে উদঙাইছে দেশৰ শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ৷ ৰাজ্য অনুযায়ী চলোৱা সমীক্ষাৰ ভিতৰত অসমত দেখা গৈছে উদ্বেগজনক ছবি‍৷ অসমত মাত্ৰ ৫২.৫% ছাত্ৰইহে ইংৰাজী পঢ়িব জানে ইংৰাজী৷ আনহাতে, ৭.৭% ল‘ৰা-ছোৱালীয়ে বিদ্যালয়ৰ পদূলিয়ে দেখা নাই৷ মাত্ৰ ১৯% শিক্ষাৰ্থীয়েহে জানে সাধাৰণ গণিত৷ অকল অসমেই নহয়, উত্তৰ প্ৰদেশৰ ৪৪% শিক্ষাৰ্থীয়ে ভালদৰে ক’ব নোৱাৰে ইংৰাজী৷ ৰাজ্যখনৰ ১৮.৩% ল’ৰা-ছোৱালীয়ে দেখা নাই বিদ্যালয়ৰ পদূলি৷ ৪৭% ছাত্ৰই নাজানে সাধাৰণ গণিত৷ একেদৰে, গুজৰাটৰ ৩৫% ছাত্ৰই ভালদৰে ক’ব নোৱাৰে ইংৰাজী৷ গুজৰাটৰ ২২.৭% ল’ৰা-ছোৱালীয়ে দেখা নাই বিদ্যালয়৷ মোদী-শ্বাহৰ ৰাজ্যৰ গুজৰাটৰ ৫২% শিক্ষাৰ্থীয়ে নাজানে সাধাৰণ গণিত৷ উল্লেখযোগ্য যে এই সমীক্ষাৰ বাবে বাছি লোৱা হৈছিল দেশৰ ২৬খন ৰাজ্যৰ ২৮খন জিলাৰ ১৪ৰ পৰা ১৮বছৰ বয়সৰ ৩৪,৭৪৫গৰাকী শিক্ষাৰ্থীক।

কিন্তু, ৰহস্যজনক কাৰণত এই সমীক্ষাৰ পৰা বাহিৰত থাকি গ’ল বিজেপিশাসিত মণিপুৰ৷ গোষ্ঠী সংঘৰ্ষই জুৰুলা কৰা মণিপুৰৰ শিক্ষাৰ ছবিখন দেখাৰ পৰা বঞ্চিত হৈ ৰ’ল দেশবাসী৷ কি কাৰণত প্ৰথম ফাউণ্ডেচনে ৰাজ্যখনত সমীক্ষা নচলালে, তাক লৈ উঠিছে প্ৰশ্ন৷ অৱশ্য, ২০২২ত মণিপুৰতো চলিছিল এই জৰীপ৷ সেই সময়ত মণিপুৰৰ নখন জিলা, ২৬২খন গাঁও  আৰু ৪,৮৫৯টা পৰিয়ালত সমীক্ষা চলোৱা হৈছিল। জৰীপটোৱে আলোকপাত কৰিছিল যে মণিপুৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত চৰকাৰী বিদ্যালয়ৰ নামভৰ্তিৰ শতাংশ আটাইতকৈ কম। ইয়াৰ উপৰি ২০২২ত প্ৰথমবাৰৰ বাবে বিদ্যালয়ত নামভৰ্তি নকৰা শিশুৰ হাৰ ২ শতাংশ বা তাতকৈ কম বুলি প্ৰকাশ পাইছিল৷ আনকি মহামাৰীৰ সময়ছোৱাত দীঘলীয়া সময়ৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ পাছতো ২০১৮ৰ পৰা ২০২২ চনৰ ভিতৰত বিদ্যালয়ত নামভৰ্তি নকৰা শিশুৰ অনুপাত হ্ৰাস হৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু