--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে বহু প্ৰত্যাশিত ২২ জানুৱাৰী। সেই পবিত্ৰ দিনটোতে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰামৰ পাঁচ বছৰ বয়সৰ মূৰ্তি ৰামলালাৰ। ৰামলালাৰ মূৰ্তিটোত থাকিব হিন্দু ধৰ্মৰ দশাৱতাৰৰ চিহ্ন। ৰামলালাৰ এই মূৰ্তিটো ৫ বছৰীয়া শিশুৰ ৰূপত নিৰ্মাণ কৰা হৈছে, য'ত ৰামলালাৰ শিশু ৰূপটো শিলেৰে নিৰ্মিত পদুমৰ ওপৰত বহি থকা দেখুওৱা হৈছে।

 মূৰ্তিটোত বিষ্ণু, ওম, স্বস্তিকা, শংখ-চক্ৰৰ  আদিৰ লগতে দশ অৱতাৰ থাকিব।  ভগৱান শ্ৰী ৰাম ভগৱান বিষ্ণুৰ অৱতাৰ আছিল। সেয়েহে, ভগৱান বিষ্ণুৰ সৈতে সম্পৰ্কিত এই প্ৰতীকবোৰ ৰামলালাত অন্তৰ্ভুক্ত কৰা হৈছে।  সেই দশাৱতাৰে ভগৱান শ্ৰী ৰামৰ মূৰ্তিক অধিক বিশাল কৰি তুলিছে।  

শ্ৰী ৰাম এজন সূৰ্যবংশী আছিল আৰু তেওঁৰ জন্ম দুপৰীয়া ১২ বজাত হৈছিল বুলি কোৱা হয়। সেই সময়ত   সূৰ্যৰ তীব্ৰতা শীৰ্ষত আছিল।ৰামলালাৰ ওপৰত সেয়ে সূৰ্যৰ পোহৰ পৰাৰ ব্যৱস্থা ৰখা হৈছে।  ৰামলালাত থাকিব- স্বস্তিক,ঔম, চক্ৰ, গদা,১০ অৱতাৰ ক্ৰমে-মৎস্য,কুৰ্ম ,বৰাহ,নৰসিংহ,বামন,পৰশুৰাম,ৰাম, কৃষ্ণ,বুদ্ধ,কল্কি। ইয়াৰোপৰি ৰামলালাত থাকিব পদুম ফুলৰ চিহ্ন,হনুমান,গৰুড়। ৰামলালাৰ  ওজন প্ৰায় ২ কুইণ্টল আৰু মূৰ্তিটো ৪.৪ ফুট ওখ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু