--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব? এই প্ৰশ্ন এতিয়া দেশবাসীৰ মুখে মুখে। কাৰণ নিৰ্বাচনৰ সৈতে জড়িত হৈ থাকে বহু কথা। বিয়াৰ দিন ঠিক কৰাৰ পৰা আৰম্ভ কৰি নানান কথা নিৰ্বাচনৰ দিনৰ ওপৰত ভালে খিনি নিৰ্ভৰ কৰে। জনসাধাৰণৰ মনত এনে প্ৰশ্নৰ উদয় হৈ থকাৰ সময়তে  কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত এক  ডাঙৰ দাবী কৰিছে।

 ৰেড্ডীয়ে কৈছে যে লোকসভা নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব।  তেলেংগানাৰ ৰাজ্যিক সভাপতি ৰেড্ডীয়ে মেডক লোকসভাত দলৰ বিজয় সংকল্প যাত্ৰা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। । তেওঁ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ ভৱিষ্যতবাণীও কৰিছে। তেওঁ লগতে ভৱিষ্যতবাণী কৰে যে কংগ্ৰেছ শাসিত ৰাজ্য হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাত বিজেপিয়ে কেইবা খনো  আসন জিকিব।

ৰেড্ডীয়ে দাবী কৰে যে বিজেপিয়ে হিমাচল প্ৰদেশত ৪ খন সংসদীয় আসন জিকিব। কৰ্ণাটকত বিজেপিয়ে ২৫  খন আসন জিকিব।  
ইফালে  লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বহু  বাৰ্তা ভাইৰেল হৈ পৰিছে। এইবুলি  দাবী কৰা হৈছে যে লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলত হ'ব। ভাৰতৰ নিৰ্বাচন আয়োগেও এনে ভুৱা খবৰৰ স্পষ্টীকৰণ দিছে। আয়োগে  এনে বাৰ্তাসমূহক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰিছে। আয়োগে এইবুলি  কৈছে যে নিৰ্বাচনৰ সময়সূচী সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয়। হোৱাটছএপ বাৰ্তাৰ জৰিয়তে কৰা নহয়।  

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী