--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব? এই প্ৰশ্ন এতিয়া দেশবাসীৰ মুখে মুখে। কাৰণ নিৰ্বাচনৰ সৈতে জড়িত হৈ থাকে বহু কথা। বিয়াৰ দিন ঠিক কৰাৰ পৰা আৰম্ভ কৰি নানান কথা নিৰ্বাচনৰ দিনৰ ওপৰত ভালে খিনি নিৰ্ভৰ কৰে। জনসাধাৰণৰ মনত এনে প্ৰশ্নৰ উদয় হৈ থকাৰ সময়তে  কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত এক  ডাঙৰ দাবী কৰিছে।

 ৰেড্ডীয়ে কৈছে যে লোকসভা নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব।  তেলেংগানাৰ ৰাজ্যিক সভাপতি ৰেড্ডীয়ে মেডক লোকসভাত দলৰ বিজয় সংকল্প যাত্ৰা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। । তেওঁ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ ভৱিষ্যতবাণীও কৰিছে। তেওঁ লগতে ভৱিষ্যতবাণী কৰে যে কংগ্ৰেছ শাসিত ৰাজ্য হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাত বিজেপিয়ে কেইবা খনো  আসন জিকিব।

ৰেড্ডীয়ে দাবী কৰে যে বিজেপিয়ে হিমাচল প্ৰদেশত ৪ খন সংসদীয় আসন জিকিব। কৰ্ণাটকত বিজেপিয়ে ২৫  খন আসন জিকিব।  
ইফালে  লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বহু  বাৰ্তা ভাইৰেল হৈ পৰিছে। এইবুলি  দাবী কৰা হৈছে যে লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলত হ'ব। ভাৰতৰ নিৰ্বাচন আয়োগেও এনে ভুৱা খবৰৰ স্পষ্টীকৰণ দিছে। আয়োগে  এনে বাৰ্তাসমূহক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰিছে। আয়োগে এইবুলি  কৈছে যে নিৰ্বাচনৰ সময়সূচী সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয়। হোৱাটছএপ বাৰ্তাৰ জৰিয়তে কৰা নহয়।  

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু