--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান সৈনিক এজনৰ এখন ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সৈনিকজনৰ অৱশ্যে  পৰিচয় প্ৰকাশ কৰা হোৱা নাই।আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এইজন  সৈন্যই দেশ খনৰ  ৰাজধানী ৱাশ্বিংটনত থকা ইজৰাইলী দূতাবাসৰ বাহিৰত আত্মজাহ দিবলৈ চেষ্টা কৰিছিল।তেওঁ কৈছিল – মই গাজাত সংঘটিত গণহত্যাত জড়িত নহও। পেলেষ্টাইনক মুক্ত কৰিব লাগিব। মুক্ত পেলেষ্টাইন প্ৰয়োজনীয় ।

 মই গাজাত আক্ৰমণৰ প্ৰতিবাদ কৰিবলৈ এনে  বিপদজনক পদক্ষেপ ল'বলৈ গৈ আছো। তেওঁ এইকথা কৈয়েই  নিজৰ দেহত জুই লগাই আত্মজাহৰ চেষ্টা চলায়।  অৱশ্যে দূতাবাসৰ বাহিৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে আৰু জুই নুমুৱাবলৈ চেষ্টা কৰে।  নিৰাপত্তাৰক্ষীয়ে সৈন্য জনৰ দেহত লগা জুই নুমাবায় যদিও সৈনিকজনৰ অৱস্থা বৰ্তমান সংকটজনক। সৈনিকজনে দূতাবাসৰ বাহিৰত থিয় হৈ থকাৰ সময়ত  নিৰাপত্তা বিষয়াসকলে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মতে আত্মহনন কৰিবলৈ চেষ্টা কৰা সৈনিকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ নিজকৰ দেহত  জুই লগোৱাৰ আগতে 'টুইচ্চ' নামৰ এটা  ছ'চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰিছিল। অৱশ্যে, ঘটনাটোৰ পিছতে ভিডিঅ'টো প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হয়।

২০২৩ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা ইজৰাইল-হামাছৰ  যুদ্ধ সন্দৰ্ভত ২০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক । বৈঠকত আমেৰিকাই গাজাত তাৎক্ষণিকভাৱেযুদ্ধ বিৰতিৰ  প্ৰস্তাৱ নাকচ কৰিছিল।।

আমেৰিকাই ৰাষ্ট্ৰসংঘত তৃতীয়বাৰৰ বাবে ভেটো শক্তি ব্যৱহাৰ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ আগতে, আমেৰিকাই ডিচেম্বৰত উপস্থাপন কৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱো নাকচ কৰিছিল।

ৰাষ্ট্ৰসংঘত থকা  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে হাত দাঙি  কৈছিল  যে আমেৰিকাই যুদ্ধবিৰতি প্ৰস্তাৱত ভেটো দিছে।আমেৰিকাই গাজৈাত যুদ্ধ দীঘলীয়া হোৱাটো বিচৰাৰ কথা সহজে মনি ল’ব পৰা নাই দেশ খনৰেই বহু লোকে। সেইবাবেই হয়তো মাৰ্কিন বায়ু সেনাৰ কৰ্মী গৰাকীয়ে আত্মহননৰ চেষ্টা চলায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী