--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান সৈনিক এজনৰ এখন ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সৈনিকজনৰ অৱশ্যে  পৰিচয় প্ৰকাশ কৰা হোৱা নাই।আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এইজন  সৈন্যই দেশ খনৰ  ৰাজধানী ৱাশ্বিংটনত থকা ইজৰাইলী দূতাবাসৰ বাহিৰত আত্মজাহ দিবলৈ চেষ্টা কৰিছিল।তেওঁ কৈছিল – মই গাজাত সংঘটিত গণহত্যাত জড়িত নহও। পেলেষ্টাইনক মুক্ত কৰিব লাগিব। মুক্ত পেলেষ্টাইন প্ৰয়োজনীয় ।

 মই গাজাত আক্ৰমণৰ প্ৰতিবাদ কৰিবলৈ এনে  বিপদজনক পদক্ষেপ ল'বলৈ গৈ আছো। তেওঁ এইকথা কৈয়েই  নিজৰ দেহত জুই লগাই আত্মজাহৰ চেষ্টা চলায়।  অৱশ্যে দূতাবাসৰ বাহিৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে আৰু জুই নুমুৱাবলৈ চেষ্টা কৰে।  নিৰাপত্তাৰক্ষীয়ে সৈন্য জনৰ দেহত লগা জুই নুমাবায় যদিও সৈনিকজনৰ অৱস্থা বৰ্তমান সংকটজনক। সৈনিকজনে দূতাবাসৰ বাহিৰত থিয় হৈ থকাৰ সময়ত  নিৰাপত্তা বিষয়াসকলে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মতে আত্মহনন কৰিবলৈ চেষ্টা কৰা সৈনিকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ নিজকৰ দেহত  জুই লগোৱাৰ আগতে 'টুইচ্চ' নামৰ এটা  ছ'চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰিছিল। অৱশ্যে, ঘটনাটোৰ পিছতে ভিডিঅ'টো প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হয়।

২০২৩ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা ইজৰাইল-হামাছৰ  যুদ্ধ সন্দৰ্ভত ২০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক । বৈঠকত আমেৰিকাই গাজাত তাৎক্ষণিকভাৱেযুদ্ধ বিৰতিৰ  প্ৰস্তাৱ নাকচ কৰিছিল।।

আমেৰিকাই ৰাষ্ট্ৰসংঘত তৃতীয়বাৰৰ বাবে ভেটো শক্তি ব্যৱহাৰ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ আগতে, আমেৰিকাই ডিচেম্বৰত উপস্থাপন কৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱো নাকচ কৰিছিল।

ৰাষ্ট্ৰসংঘত থকা  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে হাত দাঙি  কৈছিল  যে আমেৰিকাই যুদ্ধবিৰতি প্ৰস্তাৱত ভেটো দিছে।আমেৰিকাই গাজৈাত যুদ্ধ দীঘলীয়া হোৱাটো বিচৰাৰ কথা সহজে মনি ল’ব পৰা নাই দেশ খনৰেই বহু লোকে। সেইবাবেই হয়তো মাৰ্কিন বায়ু সেনাৰ কৰ্মী গৰাকীয়ে আত্মহননৰ চেষ্টা চলায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু